ETV Bharat / technology

কৃষকৰ পৰিয়ালটোত দেখা সপোনটো হৈ পৰিল মাৰুতি ছুজুকি, জানো আহক সেই সফলতাৰ কাহিনী - Story Behind Maruti Car

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 6:37 PM IST

Updated : Sep 16, 2024, 7:13 PM IST

Success story of Michio Suzuki : এটা কৃষকৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ দেখা সপোনটো এতিয়া আপোনাৰ সপোনৰ গাড়ীখন হৈ পৰিল ৷ সৰুকৈ কাপোৰৰ ব্যৱসায়েৰে আৰম্ভ কৰা যাত্ৰাটো এতিয়া হ’লহি মাৰুতি ছুজুকি ৷ জানো আহক মাৰুতি ছুজুকিৰ আঁৰৰ কাহিনী....

Success story of Michio Suzuki
মাৰুতি চুজুকিৰ আঁৰৰ কাহিনী (Getty Images/X-@SuzukiCarsUAE)

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : এখন সৰু গাঁৱৰ দৰিদ্ৰ পৰিয়াল এটাৰ সন্তান হৈ পৰিল বিশ্ববাসীৰ দৃষ্টিৰ কেন্দ্ৰ ৷ সৰু ঘৰখনত দেখা ডাঙৰ সপোনটোৱে সমগ্ৰ বিশ্বকে দিলে নতুনত্ব ৷ বস্ত্ৰ উদ্যোগেৰে ব্যৱসায় আৰম্ভ কৰা দৰিদ্ৰ পৰিয়ালৰ ল’ৰাটো এদিন হৈ পৰিল বিশ্বৰ অন্যতম বৃহৎ বাহন নিৰ্মাণকাৰী সংস্থাৰ গৰাকী ৷

ক’বলৈ বিচৰা হৈছে ছুজুকি মটৰৰ প্ৰতিষ্ঠাপক মিচিও ছুজুকিৰ প্ৰেৰণাদায়ক কাহিনী ৷

এখন সৰু গাঁৱৰ কৃষকৰ পৰিয়ালত জন্মলাভ কৰা মিচিও ছুজুকিৰ বিষয়ে এতিয়া কিমানেনো নাজানে ! ১৮৮৭ চনত জাপানৰ হামামাৎসু নামৰ উপকূলীয় গাওঁ এখনত জন্মগ্ৰহণ কৰিছিল মিচিও ছুজুকিয়ে ৷ কপাহ উৎপাদনত কাম কৰা এটা কৃষক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল মিচিও । কৃষকৰ পৰিয়ালত জন্মলাভ কৰিলেও মিচিওৰ আছিল যন্ত্ৰপাতিৰ প্ৰতি বিশেষ আকৰ্ষণ ৷ তথাপি বহু সমস্যাৰ ফলত সেই ক্ষেত্ৰখনত কাম কৰিবলৈ তেওঁ সক্ষম হোৱা নাছিল ৷ তথাপি কিবা এটা কৰাৰ উদ্দেশ্য তেওঁ 1909 চনত ছুজুকি লুম ৱৰ্কছ নামেৰে সৰুকৈ এটা উদ্যোগ আৰম্ভ কৰে ৷ যিহেতু তেওঁৰ পৰিয়ালটোৱেই আছিল কপাহ উৎপাদনৰ লগতে জড়িত ৷ 22 বছৰ বয়সত তেওঁৰ বাবে সেয়াই সম্ভৱ হৈছিল ৷ সেই উদ্যোগটোও তেওঁ সচৰাচৰ ৰেচন উদ্যোগৰ দৰে গঢ় দিব বিচৰা নাছিল, নতুনত্বৰ চিন্তাৰে এক উদ্ভাৱনীমূলক তাঁতশালৰ নিৰ্মাণ কৰে ৷ যি তাঁতশালে জাপানৰ ৰেচম উদ্যোগৰ দক্ষতা যথেষ্ট উন্নত কৰে ৷ উক্ত তাঁতশালেৰ উচ্চ মানদণ্ডৰ কাম আৰু অভিনৱ ডিজাইনৰ ফলত খুব কম সময়তে জনপ্ৰিয় হৈ পৰিছিল ছুজুকি লুম ৱৰ্কছ ৷ সেই জনপ্ৰিয়তা অব্যাহত থাকিল পৰৱৰ্তী তিনিটা দশকৰ বাবে ৷ সমান্তৰালকৈ ব্যৱসায়ৰ পৰিসৰো বৃদ্ধি পায় ৷

যদিও মিচিও ছুজুকিৰ বস্ত্ৰ উদ্যোগটোৱে সফলতা লাভ কৰিছিল, তথাপি যেন তেওঁৰ সেয়া সপোন নাছিল ৷ লাহে লাহে উপলব্ধি কৰিবলৈ ল’লে যে কেৱল বস্ত্ৰ উদ্যোগটোৰ ওপৰতে নিৰ্ভৰ কৰি থকাটো ভাল নহ’ব ৷ ফলত 1937 চনত তেওঁ নতুন পথৰ সন্ধান কৰে৷ ছুজুকিক মনটোৱে লৈ গ’ল মটৰ গাড়ীৰ খণ্ডৰ ফালে ৷ যিহেতু সৰুৰে পৰা তেওঁৰ যন্ত্ৰ-পাতিৰ প্ৰতি আকৰ্ষণ এটা আছিলেই ৷ জাপানত পৰিবহন ব্যৱস্থাৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সৰু গাড়ীৰ নিৰ্মাণৰ চিন্তাত তেওঁ বৰ্তী হয় ৷ অৱশ্যে সেই সময়তে আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধই বিধি-পথালি দিলে ৷

যুদ্ধৰ অৱসান ঘটাৰ পিচত ছুজুকিয়ে পুনৰ বস্ত্ৰ উদ্যোগটোলৈকে উভতি গৈ কাম আৰম্ভ কৰে ৷ কিন্তু লাহে লাহে ৰেচম উদ্যোগৰো পতন ঘটে ৷ তথাপি হাৰ নামানিলে মিচিও ছুজুকিয়ে ৷ এইবাৰ পুনৰ তেওঁ মন মেলিলে মটৰচালিত বাহনৰ উদ্যোগৰ ফালে ৷ এইবাৰ তেওঁ দৃঢ়প্ৰতিজ্ঞ- উত্তৰাধিকাৰীক দি যাব নতুন কিবা এটা, এইক্ষেত্ৰত সফল হ’বই লাগিব৷ সেই প্ৰতিজ্ঞাৰে তেওঁ ১৯৫২ চনত আৰম্ভ কৰিলে ‘পাৱাৰ ফ্ৰী’ নামৰ ৩৬ চিচি মটৰচাইকেল নিৰ্মাণৰ কাম ৷ ইয়ো খুব কম সময়তে কেউফালে বিয়পি পৰিল আৰু জনপ্ৰিয় হৈ পৰে ৷ এই সফলতাই ছুজুকিক অধিক উৎসাহিত কৰিলে মটৰচালিত বাহনৰ ক্ষেত্ৰত অন্বেষণৰ বাবে ৷

ইয়াৰ পিচত অব্যাহত থাকিল মিচিও ছুজুকিৰ সফলতাৰ গতি ৷ 1954 চনত সেই কোম্পানী ছুজুকি মটৰ লিমিটেড হিচাপে ৰিব্ৰেণ্ড কৰা হ’ল ৷ এবছৰৰ পিচতে এই কোম্পানীটোৰ দ্বাৰা ছুজুকি চুজুলাইট নামৰ এখন কম্পেক্ট কাৰ মুকলি কৰা হয় ৷ যিখন চাৰিচকীয়া বাহনত উপলব্ধ আছিল ফ্ৰণ্ট-হুইল ড্ৰাইভ, স্বতন্ত্ৰ চাচপেনশ্বন আৰু ৰেক-এণ্ড-পিনিয়ন ষ্টিয়েৰিং- প্ৰযুক্তিৰ দৰে সুবিধা ৷ ই এক নতুন গতি দিলে ছুজুকি মটৰ লিমিটেডক ৷ বৃদ্ধি পালে উদ্যোগটোৰ বাবে মানদণ্ড ৷

এনেদৰেই আগবাঢ়ি গৈ থাকিল কৃষকৰ সন্তান মিচিও ছুজুকি ৷ এই কাহিনী কেৱল তেওঁৰ সফলতাৰ কাহিনী হৈ নাথাকিল, অনুপ্ৰাণিত কৰি আহিছে বহুতকে ৷ তদপৰি কৃষকৰ সন্তানগৰাকীয়ে দেখা সপোন এতিয়া হৈ পৰিল মধ্যবিত্তৰ সপোনৰ গাড়ীখন ৷ 1982 চনত মিচিঅ’ ছুজুকিৰ মৃত্যু হ’ল যদিও তেওঁৰ প্ৰভাৱ হৈ পৰিল স্থায়ী, প্ৰতিটো প্ৰজন্মৰ উদ্যোগী-উদ্ভাৱকৰ বাবে হৈ পৰিল অনুপ্ৰেৰণাৰ উৎস ৷

লগতে পঢ়ক : অটল সংকল্প: মাতৃৰ সপোন পূৰাবলৈ এজন পুত্ৰৰ অহোপুৰুষাৰ্থৰ এক মননশীল কাহিনী

নাৰী হ’ল বুলিয়েই কিয় নোৱাৰিব ! ডাম্পাৰৰ চালক বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা

Last Updated : Sep 16, 2024, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.