ETV Bharat / technology

বজাৰত আধিপত্য বৃদ্ধি হ’ব জেনেৰেটিভ এআইৰ

Artificial intelligence: গৱেষণা সংস্থা counterpoint ৰ মতে অদূৰ ভৱিষ্যতে জেনেৰেটিভ এআই (GenAI) প্ৰযুক্তিৰ স্মাৰ্টফোনে বজাৰত আধিপত্য বিস্তাৰ কৰিব ।

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Etv Bharat
বজাৰত আধিপত্য বৃদ্ধি হ’ব জেনেৰেটিভ এআইৰ (Meta / ETV Bharat)

হায়দৰাবাদ: জেনেৰেটিভ AI ফাংচন থকা স্মাৰ্টফোনত ভৱিষ্যতে বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে । কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ তথ্য অনুসৰি 2028 চনৰ ভিতৰত জেনেৰেটিভ AI স্মাৰ্টফোনৰ ৰপ্তানি আৰু আমদানি 73 কোটি ইউনিট অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি থকা স্মাৰ্টফোনৰ বজাৰ অংশীদাৰিত্ব 19% যদিও কাউণ্টাৰপইণ্টে ভৱিষ্যদ্বাণী কৰিছে যে 2028 চনৰ ভিতৰত এই বজাৰ অংশীদাৰিত্ব 54% লৈ বৃদ্ধি পাব ।

আগশাৰীৰ কোম্পানীসমূহৰ আধিপত্য

GenAI বিপ্লৱৰ প্ৰাৰম্ভিক পৰ্যায়ত ছেমছাং আৰু এপলৰ দৰে আগশাৰীৰ কোম্পানীয়ে বজাৰত আগবাঢ়ি যাব বুলি কাউণ্টাৰপইণ্টে প্ৰকাশ কৰিছে । গৱেষণা সংস্থাটোৱে জনোৱা মতে, 2024 চনৰ হিচাপত এই দুটা কোম্পানীয়ে জেন এআই স্মাৰ্টফোনৰ বজাৰৰ 75% দখল কৰিব ।

কাউণ্টাৰপইণ্টে তেওঁলোকৰ বিজ্ঞাপনৰ কৌশল উপস্থাপন কৰি মতামত আগবঢ়ায়, “চেমছাং আৰু এপল দুয়োটা প্ৰথম প্ৰজন্মৰ প্ৰিমিয়াম স্মাৰ্টফোন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম ।”

কাউণ্টাৰপইণ্টৰ গৱেষণাৰ মতে, এইটো স্পষ্ট যে প্ৰথম অৱস্থাত ব্যয়বহুল প্ৰিমিয়াম স্মাৰ্টফোনত সীমাবদ্ধ হৈ থকা কৃত্ৰিম বুদ্ধিমত্তাৰ এপ্লিকেচনসমূহ অৱশেষত সকলো শ্ৰেণীৰ ফোনত গৰিষ্ঠসংখ্যক লোকে ব্যৱহাৰ কৰিব ।

ভৱিষ্যতৰ সম্ভাৱনীয়তা

গৱেষণা সংস্থা Counterpoint এ স্মাৰ্টফোনত GenAI ৰ কিছুমান প্ৰাৰম্ভিক প্ৰয়োগ লক্ষ্য কৰিছে । সেই অনুসৰি,

  • উন্নত ফটো আৰু ভিডিঅ' মান: AI -চালিত ছবি আৰু ভিডিঅ' প্ৰচেছিং ।
  • লাইভ মেছেজ অনুবাদ: একাধিক ভাষাৰ মাজত হোৱা কথোপকথনৰ লাইভ অনুবাদ ।
  • পৰামৰ্শ: ব্যৱহাৰৰ ভৱিষ্যদ্বাণী কৰা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষমতাৰ সৈতে কি প্ৰয়োজন সেই বিষয়ে পৰামৰ্শ দিয়া ।
  • স্বয়ংক্ৰিয় বিষয়বস্তু: এআইৰ সহায়ত লিখা, ছবি, সংগীতৰ দৰে বিষয়বস্তু সৃষ্টি কৰাৰ ক্ষমতা ।

উপৰিউক্ত বিষয়বস্তুবোৰৰ গুৰুত্ব বৃদ্ধি পোৱাৰ আশা কৰা হৈছে । গৱেষণা সংস্থাটোৱে ভৱিষ্যদ্বাণী কৰিছে যে এই কাৰ্যসমূহে সকলো গ্ৰাহকক AI চালিত ফোন ক্ৰয় কৰিবলৈ উৎসাহিত কৰিব ।

লগতে পঢ়ক: বৃদ্ধি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব; পাৰমাণৱিক শক্তিৰ চুক্তিত স্বাক্ষৰ Google ৰ

গুগলে মুকলি কৰিলে Android 15

কৃত্ৰিম বুদ্ধিমত্তা আৰু স্মাৰ্টফোনৰ প্ৰসাৰৰ বাবে গুগলৰ সৈতে অংশীদাৰিত্ব ভোডাফোনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.