ETV Bharat / technology

আগন্তুক বৰ্ষত মুকলি হোৱাৰ সম্ভাৱনা Oppo Find X8 Ultra - OPPO FIND X8 ULTRA

কেবাটাও স্পেচিফিকেশনৰ সৈতে Oppo Find X8 Ultra লাইনআপ মুকলি সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে ।

oppo-find-x8-ultra-tipped-to-launch-next-year-could-feature-2k-display-and-6000mah-battery
আগন্তুক বৰ্ষত মুকলি হোৱাৰ সম্ভাৱনা Oppo Find X8 Ultra (Oppo)
author img

By ETV Bharat Tech Team

Published : 2 hours ago

হায়দৰাবাদ: বিগত মাহত ভাৰতৰ লগতে বিশ্বজুৰি অ’প’ই Find X8 ছিৰিজ মুকলি কৰিছিল । এতিয়া কোম্পানীটোৱে শীঘ্ৰে Find X8 আল্ট্ৰা স্মাৰ্টফোন মুকলি কৰি এই ছিৰিজটো সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে । জল্পনা-কল্পনাৰ মাজতে এজন টিপষ্টাৰে ডিভাইচটোৰ কেইবাটাও বৈশিষ্ট্য ফাদিল কৰিছে । Find X7 আল্ট্ৰাৰ উত্তৰাধিকাৰী হিচাপে আহিবলগীয়া এই হেণ্ডছেটটোত 6.82 ইঞ্চি 2K স্ক্ৰীণ, IP69 ডাষ্ট এণ্ড ৱাটাৰ ৰেজিষ্টেন্স ৰেটিং, আল্ট্ৰাছ’নিক ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু এক্স-এক্সিছ হেপটিক মটৰ থাকিব পাৰে ।

Oppo Find X8 Ultra ৰ লিক হোৱা বৈশিষ্ট্য

চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱেইব’ত টিপষ্টাৰ ডিজিটেল চেট ষ্টেচনে ফাদিল কৰিছিল অ’প’ Find X8 আল্ট্ৰাৰ স্পেচিফিকেশন । জানিব পৰা মতে, Oppo Find X8 Ultra ত ডিছপ্লেৰ তলত স্থাপন কৰা আল্ট্ৰাছত’নিক ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সৈতে 6.82 ইঞ্চি 2K কোৱাড-কাৰভ ডিছপ্লে থাকিব পাৰে । ই ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP68 + IP69 ৰেটিংৰ সৈতে আহিব পাৰে ।

তদুপৰি, ডিভাইচটোত 6,000mAh বেটাৰী থাকিব পাৰে যিয়ে 80W বা 90W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে । ইয়াত অ’প’ৰ ইমেজিং টেকন’লজিও থাকিব পাৰে আৰু ইয়াৰ বৈশিষ্ট্য হ’ব পাৰে এক্স-এক্স ভাইব্ৰেচন মটৰ ।

Oppo Find X8 Ultra: অন্যান্য প্ৰত্যাশিত স্পেচিফিকেশন

পূৰ্বে প্ৰকাশিত তথ্য অনুসৰি, Oppo Find X8 Ultra Qualcomm ৰ শেহতীয়া Snapdragon 8 Elite প্ৰচেছৰত চলিব পাৰে আৰু ইয়াৰ এটা স্পেকট্ৰল ৰেড মেপেল প্ৰাইমেৰী ৰঙীন কেমেৰা থাকিব বুলি অনুমান কৰা হৈছে ৷ যিটো হুৱেই মেট 70 ছিৰিজৰ সৈতে একে ৷ 50MP প্ৰাইমেৰী চেন্সৰৰ সৈতে এটা 50MP আল্ট্ৰা-ৱাইড চেন্সৰ, 3x অপটিকেল জুমৰ সৈতে এটা 50MP পেৰিস্কোপ টেলিফটো লেন্স আৰু এটা 6x অপটিকেল জুমৰ সৈতে 50MP পেৰিস্কোপ টেলিফটো লেন্স ।

তদুপৰি, ফোনটোত 120Hz ৰিফ্ৰেছ ৰেট ডিছপ্লে থাকিব পাৰে আৰু 2025 চনৰ প্ৰথম ত্ৰৈমাসিকত Oppo Find N5 ৰ সৈতে মুকলি হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: 21 নৱেম্বৰত মুকলি হ’ব Oppo Find X8 series

আকৰ্ষণীয় কেমেৰাৰ সৈতে Oppo ই নিৰ্মাণ কৰি উলিয়ালে Find X8 series

মজবুতৰ দিশত সকলো ফোনক চেৰ পেলাব Oppoৰ এই নতুন স্মাৰ্টফোনে - Oppo new smartphone

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.