ETV Bharat / technology

১৫ ছেকেণ্ডৰ নমুনা হ'লেই কণ্ঠস্বৰ সম্পূৰ্ণ নকল কৰিব পাৰে এ আইয়ে - OpenAIs voice cloning

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 7:54 PM IST

OpenAI's voice clonning: অপেন এ আইয়ে ভইচ ইঞ্জিন নামৰ নতুন মডেল এটা প্ৰদৰ্শন কৰিছে । যিয়ে মূল বক্তাৰ দৰে কণ্ঠস্বৰ নকল কৰিব পাৰে । এ আইৰ বাবে ১৫ ছেকেণ্ডৰ নমুনা হ'লেই যথেষ্ট ।

OpenAI's voice clonning
১৫ ছেকেণ্ডৰ নমুনা হ'লেই কণ্ঠস্বৰ সম্পূৰ্ণ নকল কৰিব পাৰে এআইয়ে

নিউজ ডেস্ক,৩০ মাৰ্চ: ChatGPTৰ নিৰ্মাতা অপেন এ আইয়ে ভইচ এচিষ্টেণ্ট ফিল্ডত প্ৰৱেশ কৰিছে আৰু এক নতুন প্ৰযুক্তিৰ প্ৰদৰ্শন কৰিছে । যিয়ে এজন ব্যক্তিৰ কণ্ঠস্বৰ নকল কৰিব পাৰে । যাৰ বাবে সুৰক্ষাৰ স্বাৰ্থত ইয়াক ৰাজহুৱাভাৱে মুকলি নকৰে ।

অপেন এ আইয়ে শুকুৰবাৰে ভইচ ইঞ্জিন প্ৰযুক্তি মুকলি কৰাৰ কথা ঘোষণা কৰে, যিটো এসপ্তাহ পূৰ্বে আমেৰিকাৰ পেটেন্ট এণ্ড ট্ৰেডমাৰ্ক কাৰ্যালয়ত (ইউএছপিটিঅ') ChatGPT নামৰ ট্ৰেডমাৰ্ক এপ্লিকেচনৰ বাবে দাখিল কৰা হৈছিল । অপেনএআই-ৰ মতে, এই প্ৰযুক্তিয়ে মাত্ৰ ১৫ ছেকেণ্ড ৰেকৰ্ড কৰা ভাষণৰ কণ্ঠস্বৰ সম্পূৰ্ণ নকল কৰিবলৈ সক্ষম ।

কোম্পানীটোৱে প্ৰাৰম্ভিক পৰীক্ষকৰ সৈতে প্ৰযুক্তিটোৰ পৰ্যালোচনা কৰাৰ পৰিকল্পনা কৰিছে, কিন্তু অপব্যৱহাৰৰ আশংকাৰ বাবে এই সময়ছোৱাত ইয়াক ৰাইজৰ বাবে মুকলি নকৰে ।

ছান ফ্ৰাঞ্চিস্কোৰ কোম্পানীটোৱে এক বিবৃতিত কয় যে এজন ব্যক্তিৰ কণ্ঠস্বৰ নকল কৰাটো গুৰুতৰ সমস্যা । নিৰ্বাচনৰ সময়ত ই বিশেষকৈ অতি স্পৰ্শকাতৰ বিষয় । কোম্পানীটোৰ মতে তেওঁলোকে আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে চৰকাৰ, সংবাদ মাধ্যম, মনোৰঞ্জন, শিক্ষা, নাগৰিক সমাজ আৰু ইয়াৰ বাহিৰত জড়িত হৈ আছে যাতে তেওঁলোকৰ মতামত গ্ৰহণ কৰিব পাৰে ।

নিউ হেম্পশায়াৰৰ কৰ্তৃপক্ষই ৰোবোকলৰ এটা গোটৰ অনুসন্ধান কৰি আছে যিয়ে ৰাজ্যখনৰ হাজাৰ হাজাৰ ভোটাৰক এক কৃত্ৰিম বুদ্ধিমত্তাৰে উৎপন্ন কণ্ঠস্বৰেৰে লক্ষ্য কৰি লৈছিল যিটো ৰাষ্ট্ৰপতি জ' বাইডেনৰ কণ্ঠস্বৰ যেন লাগিছিল । কিছুমান ষ্টাৰ্টআপে ইতিমধ্যে ভইচ ক্ল'নিং প্ৰযুক্তি আগবঢ়াইছে ।

অৱশ্যে, অপেনএআইয়ে দাবী কৰিছে যে প্ৰাৰম্ভিক ভইচ ইঞ্জিন পৰীক্ষকসকলে তেওঁলোকৰ সন্মতি অবিহনে এজন ব্যক্তিৰ নকল নকৰিবলৈ আৰু কণ্ঠস্বৰবোৰ এআই-উৎপন্ন বুলি প্ৰকাশ কৰিবলৈ সন্মত হয় ।

লগতে পঢ়ক :আইফোনৰ দৰেই WhatsApp ৰ নতুন নেভিগেচন বাৰ - WhatsApp New Navigation Bar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.