ETV Bharat / technology

শীঘ্ৰেই ভাৰতীয় বজাৰলৈ Mercedes Benz ৰ ইলেক্ট্ৰিক গাড়ী; দাম কিমান ? - Mercedes Benz EQS SUV Launch

author img

By ETV Bharat Tech Team

Published : Sep 16, 2024, 12:39 PM IST

Mercedes Benz EQS SUV: ভাৰতৰ বজাৰত মুকলি হ’ব Mercedes Benz EQS SUV । এইখন ব্ৰেণ্ডটোৰ ভাৰতত মুকলি কৰা ষষ্ঠখন ইলেক্ট্ৰিক গাড়ী । ইয়াত থাকিব 118 কিলোৱাট ঘণ্টাৰ লিথিয়াম-আয়ন বেটাৰী পেক । এই গাড়ীখনৰ টপ স্পীড 210 কিলোমিটাৰ প্ৰতি ঘণ্টাত । এই গাড়ীখনত আৰু কি কি বৈশিষ্ট্য উপলব্ধ হ’ব? জানো আহক।

Etv Bharat
শীঘ্ৰেই ভাৰতীয় বজাৰলৈ Mercedes Benz ৰ ইলেক্ট্ৰিক গাড়ী (Mercedes Benz)

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: শীঘ্ৰেই ভাৰতীয় বজাৰলৈ মাৰ্চিডিজ বেঞ্জৰ নতুন গাড়ী ৷ এই নতুন গাড়ীখন হ’ল Mercedes Benz EQS SUV । Mercedes Benz EQS SUV, মাৰ্চিডিজ-বেঞ্জে ভাৰতত 16 ছেপ্টেম্বৰত মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে । ইকিউএছ লিমুজিন, ইকিউই এছইউভি, ইকিউএ, ইকিউবি আৰু মেইবাক ইকিউএছ এছইউভিৰ পিছত ভাৰতত জাৰ্মান অটো নিৰ্মাতা কোম্পানীটোৰ ষষ্ঠখন ইলেক্ট্ৰিক গাড়ী হ’ব ষ্টেণ্ডাৰ্ড ইকিউএছ । মাৰ্চিডিজ বেঞ্জৰ নতুন ই-এছইউভিৰ বৈশিষ্ট্যসমূহ তথা মূল্য কিমান ---

Mercedes Benz EQS SUV ৰ বৈশিষ্ট্যসমূহ

গাড়ীখনৰ বাহিৰৰ অংশত উজ্জ্বল LED হেডলেম্প, ব্লেক আউট ক’লা পেনেল গ্ৰীল আৰু সন্মুখত হ’ৰাইজেণ্টেল LED লাইট ষ্ট্ৰিপ আছে । ইয়াৰ উপৰিও ইয়াত এলয় হুইল, এল ই ডি লাইট বাৰৰ সৈতে এল ই ডি টেইললাইট, টুইকড বাম্পাৰ পোৱা যাব।

কো-ড্ৰাইভাৰ ডিছপ্লে: গাড়ীৰ ভিতৰত আপুনি MBUX Hyperscreen নামৰ এটা ডাঙৰ একক অংশৰ পেনেল পাব, যিটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, চেণ্টাৰ টাচস্ক্ৰীণ আৰু কো-ড্ৰাইভাৰ ডিছপ্লে’ৰ সৈতে সংযুক্ত । ইয়াত অগমেণ্টেড ৰিয়েলিটি নেভিগেচনৰ সৈতে এটা বৈকল্পিক হেড-আপ ডিছপ্লেও থাকিব পাৰে ।

এলয় হুইল ডিজাইন: জানিব পৰা মতে, EQS SUV ৰ বেছিভাগ ডিজাইন শেহতীয়াকৈ মুকলি কৰা মেইবাকৰ দৰেই হ’ব, মাত্ৰ কেইটামান উপাদানহে সলনি কৰা হ’ব । ষ্টেণ্ডাৰ্ড EQS ত থাকিব এটা বেলেগ মেইবেক গ্ৰীল, য’ত উলম্ব-স্লেট ডিজাইনৰ অভাৱ হ’ব, লগতে বাহিৰৰ ফালে থকা মেইবাকৰ ল’গ’ৰ বহুখিনি নৱীকৰণ কৰা হ’ব । বাম্পাৰত ষ্টাইলিং সলনি কৰা হৈছে । EQS SUV ত লগতে বিভিন্ন এলয় হুইল ডিজাইন কৰা হৈছে । বিশ্বৰ বজাৰত তিনিটা পাৱাৰট্ৰেইন বিকল্পৰ সৈতে আগবঢ়োৱা হৈছে EQS SUV । ইয়াৰ ভিতৰত আছে ৰিয়াৰ হুইল ড্ৰাইভ 450+, অল হুইল ড্ৰাইভ 450 4মেটিক আৰু অল হুইল ড্ৰাইভ 580 4মেটিক । তিনিখনৰ ভিতৰত EQS SUVৰ আটাইতকৈ দামী 580 4মেটিক ভেৰিয়েণ্ট ভাৰতত মুকলি হোৱাৰ সম্ভাৱনা আছে । ইয়াত 400 কিলোৱাট আৰু 858 এন এম পিক টৰ্কৰ বাবে ডুৱেল মটৰ পাৱাৰট্ৰেইন থকাৰ সম্ভাৱনা আছে ।

সাম্ভাব্য দাম

ভাৰতীয় বজাৰত মাৰ্চিডিজ বেঞ্জ ইকিউএছৰ প্ৰাৰম্ভিক মূল্য 1.80 কোটি টকা (এক্স-শ্বৰুম) হ’ব পাৰে ।

লগতে পঢ়ক: মুকলি হ’ল আকৰ্ষণীয় ডিজাইন আৰু উন্নত বৈশিষ্ট্য সম্বলিত Hyundai ALCAZAR - Hyundai ALCAZAR launched in India

বানৰ বাবে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে নেকি : বাচি লওঁক ইয়াৰ ভিতৰত যিকোনো এখন গাড়ী - Top SUVs in India

বজাৰত মুকলি realme ৰ নতুন টেবলেট - Lowest price tablets in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.