ETV Bharat / technology

এপলৰ আটাইতকৈ শ্লীম স্মাৰ্টফোন হ’ব পাৰে iPhone 17 Air - APPLE’S THINNEST EVER PHONE

আইফোন 17 এয়াৰ আৰু আইফোন 17 এপলৰ চৰ্চিত পৰৱৰ্তী প্ৰজন্মৰ 3NM A 19 চিপৰ দ্বাৰা পৰিচালিত হ’ব পাৰে বুলি কয় বিশেষজ্ঞসকলে ।

iPhone 17 Air to Be Apples Thinnest Ever Phone A19 Chips to Be Built Using
এপলৰ আটাইতকৈ শ্লীম স্মাৰ্টফোন হ’ব পাৰে iPhone 17 Air (Apple)
author img

By ETV Bharat Tech Team

Published : Nov 20, 2024, 5:14 PM IST

হায়দৰাবাদ: ছেপ্টেম্বৰ মাহত আইফোন 16 ৰেঞ্জ মুকলি কৰা হৈছিল যদিও এপলৰ পৰৱৰ্তী প্ৰজন্মৰ স্মাৰ্টফোনৰ সবিশেষ ইতিমধ্যে অনলাইনত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি কুপাৰটিনোস্থিত কোম্পানীটোৱে অহা বছৰ আইফোন প্লাছ মডেলটো বন্ধ কৰি আইফোন 17 শ্লীম সংস্কৰণৰ সৈতে সলনি কৰিব পাৰে । এজন জনপ্ৰিয় বিশ্লেষকে কয় যে চৰ্চিত শ্লীম মডেলটো আইফোন 6 তকৈ পাতল হ’ব । ইয়াৰ উপৰিও বিশ্লেষকসকলে দাবী কৰিছে যে আইফোন 17 চিৰিজৰ বাবে এপলৰ পৰৱৰ্তী প্ৰজন্মৰ A19 চিপসমূহ টি এছ এম চিৰ আপডেট প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব ।

আইফোন 17 এয়াৰ মাত্ৰ 6 মিমি ডাঠ হ’ব পাৰে

হাইটং ইণ্টাৰনেশ্যনেল টেক ৰিচাৰ্চৰ জেফ পুৱে তেওঁৰ শেহতীয়া গৱেষণা পত্ৰত (মেকৰুমৰছৰ জৰিয়তে) দাবী কৰিছে যে আইফোন 17 এয়াৰৰ গাঢ়তা হ’ব প্ৰায় 6মিমি । খবৰ অনুসৰি বিশ্লেষকগৰাকীয়ে কয়, "আইফোন 17 শ্লীম মডেলৰ 6 মিমি গাঢ়তাৰ আল্ট্ৰা-শ্লীম ডিজাইনৰ শেহতীয়াকৈ হোৱা কথা-বতৰাৰ সৈতে আমি একমত হৈছিলো ।"

আজিলৈকে এপলৰ আটাইতকৈ পাতল আইফোনটো হৈছে 6.9 মিমি ডাঠ আইফোন 6 । যদিহে শেহতীয়া দাবী সঁচা হয় তেন্তে আইফোন 17 এয়াৰ হ’ব এপলৰ এতিয়ালৈকে নিৰ্মাণ হোৱা আটাইতকৈ পাতল আইফোন । শেহতীয়া আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্সৰ গাঢ়তা 8.25 মিমি, আনহাতে আইফোন 16 আৰু আইফোন 16 প্লাছৰ গাঢ়তা 7.8 মিমি ।

খবৰ অনুসৰি বিশ্লেষকগৰাকীয়ে কয় যে আইফোন 17 ছিৰিজৰ বাবে এপলৰ A19 আৰু A19 প্ৰ’ চিপসমূহ টি এছ এম চিৰ শেহতীয়া তৃতীয় প্ৰজন্মৰ 3NM প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হ’ব, যাৰ নাম ‘N3P’ । আইফোন 17 আৰু আইফোন 17 এয়াৰ দুয়োটা A19 চিপত চলিব বুলি কোৱা হৈছে ৷ আনহাতে আইফোন 17 প্ৰ’ আৰু আইফোন 17 প্ৰ’ মেক্স A19 প্ৰ’ চিপৰ সৈতে প্ৰেৰণ কৰা হ’ব বুলি কোৱা হৈছে ।

আইফোন 16 লাইনআপৰ বাবে বৰ্তমানৰ A18 আৰু A18 Pro চিপসমূহ TSMCৰ দ্বিতীয় প্ৰজন্মৰ 3nm প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হৈছে যিটো ‘N3E’ নামেৰে জনাজাত । আইফোন 15 প্ৰ’ ছিৰিজক শক্তি প্ৰদান কৰা A17 Pro চিপটো TSMCৰ প্ৰথম প্ৰজন্মৰ 3nm প্ৰক্ৰিয়া ‘N3B’ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ।

N3P প্ৰক্ৰিয়া ব্যৱহাৰ কৰি নিৰ্মিত A19 চিপসমূহে ট্ৰেঞ্জিষ্টৰৰ ঘনত্ব বৃদ্ধি কৰে বুলি কোৱা হয় । গতিকে আমি আশা কৰিব পাৰো যে আইফোন 16 মডেলৰ তুলনাত আইফোন 17 মডেলে উন্নত প্ৰদৰ্শন আৰু শক্তিৰ কাৰ্যক্ষমতা প্ৰদান কৰিব ।

লগতে পঢ়ক: ভাৰতত Apple এ স্মাৰ্টফোন বিক্ৰীৰে গঢ়িলে ন অভিলেখ

বিচাৰিলেও এতিয়াৰে পৰা ক্ৰয় কৰিব নোৱাৰিব এপলৰ এইকেইটা স্মাৰ্টফোন !

ভাৰতত নিৰ্মাণ হ’ব iPhone 17 !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.