ETV Bharat / technology

বিশ্বৰ বজাৰত মুকলি iPhone 16 : কোন দেশত কিমান দাম ? - iPhone 16 Series Price

author img

By ETV Bharat Tech Team

Published : Sep 10, 2024, 2:47 PM IST

iPhone 16 Series launched: ভাৰতৰ লগতে বিভিন্ন দেশত মুকলি হ’ল অত্যাধুনিক প্ৰযুক্তি বিশিষ্ট আইফোন 16 ছিৰিজ ৷ ভাৰতৰ লগতে অন্যন্য দেশত এই আইফোন 16 ৰ মডেলৰ মূল্য কিমান ?

iPhone 16 Series Price in India, Japan, US and Other Regions: Pre-Order and Sale Date
iPhone 16 (ETV Bharat)

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: সোমবাৰে এপল পাৰ্কত অনুষ্ঠিত হোৱা “ইটছ গ্ল’টাইম” অনুষ্ঠানত এপলে আইফোন 16 ছিৰিজ মুকলি কৰে । শেহতীয়া আইফোন মডেলসমূহে নতুন ‘কেমেৰা কন্ট্ৰ’ল’ বুটামৰ সৌজন্যত নতুন ফটোগ্ৰাফী ক্ষমতা আৰু এপল ইন্টেলিজেন্সৰ দ্বাৰা চালিত কৃত্ৰিম বুদ্ধিমত্তা (AI) বৈশিষ্ট্যকে ধৰি বহুতো নতুন বৈশিষ্ট্যৰ পৰিপূৰ্ণ । কুপাৰটিনোস্থিত টেক জায়ান্ট কোম্পানীটোৱে ভাৰত, জাপান, আমেৰিকা আৰু অন্যান্য বিভিন্ন দেশত আইফোন 16 ছিৰিজৰ মূল্যৰ লগতে ইয়াৰ প্ৰি-বুকিং আৰু বিক্ৰীৰ তাৰিখৰ তথ্যও প্ৰকাশ কৰিছে ।

ভাৰত, পাকিস্তান, জাপান, আমেৰিকা আৰু অন্যান্য অঞ্চলত আইফোন 16 ছিৰিজৰ মূল্য

এপলৰ তথ্য অনুসৰি ভাৰতত আইফোন 16 ৰ আৰম্ভণি মূল্য 79,900 টকা, আনহাতে আইফোন 16 প্লাছৰ মূল্য 89,900 ৷ পূৰ্বৰ আইফোন 15 ৰ মূল্যৰ সৈতে সংগতি ৰাখি এই মূল্য নিৰ্ধাৰণ কৰা হৈছে । অৱশ্যে আইফোন 16 ছিৰিজৰ সকলো মডেলৰ ক্ষেত্ৰত এয়া কৰা হোৱা নাই ।

iPhone 16 প্ৰ’ মডেলৰ মূল্য হ্ৰাস কৰা হৈছে প্ৰায় 10 হাজাৰ টকা পৰ্যন্ত । আইফোন 16 প্ৰ’ৰ মূল্য এতিয়া আৰম্ভ হৈছে 1,19,900 টকাৰ পৰা 128 জিবি মডেলৰ বাবে আৰু আইফোন 16 প্ৰ’ মেক্স 256 GB ভেৰিয়েণ্টৰ দাম 1,44,900 টকা ।

পাকিস্তানত iPhone 16 ৰ মূল্য

চুবুৰীয়া পাকিস্তানৰ বজাৰৰ কথা ক’বলৈ গ’লে আইফোন 16 ৰ মূল্য 3,39,999 পাকিস্তানী টকা (প্ৰায় 1,02,507 টকা), আইফোন 16 প্লাছৰ মূল্য 399,999 পাকিস্তানী টকা (1,20,600 টকা), আইফোন 16 প্ৰ’ৰ মূল্য 4,79,999 পাকিস্তানী টকা (1,44,700 টকা) আৰু আইফোন 16 প্ৰ’ মেক্সৰ মূল্য 569,999 (1,71,850 টকা) ।

জাপানত iPhone 16 ৰ মূল্য

একেদৰে জাপানৰ বজাৰত আইফোন 16 ৰ মূল্য 119,800 য়েন (70,200 টকা), আইফোন 16 প্লাছৰ মূল্য 138,600 য়েন (81,250 টকা), আইফোন 16 প্ৰ’ৰ মূল্য 178,651(1,04,700 টকা) আৰু আইফোন 16 প্ৰ’ মেক্সৰ মূল্য 198,200 টকা য়েন (১,১৬,১৮০ টকা)।

আমেৰিকাত iPhone 16 ৰ মূল্য

আমেৰিকাত আমদানি শুল্ক আৰু কৰ নূন্যতম হোৱাৰ বাবে অন্য দেশতকৈ ইয়াত আইফোনৰ মূল্য আটাইতকৈ কম । দেশখনত ভাৰতীয় মূল্যত আইফোন 16 ৰ মূল্য 67,087, আনহাতে আইফোন 16 প্লাছৰ মূল্য 75,485 । আইফোন 16 প্ৰ’ৰ মূল্য 83,880 আৰু আইফোন 16 প্ৰ’ মেক্সৰ মূল্য 1,00,673 । বিশেষকৈ অতিৰিক্ত কেৰিয়াৰ ৰাজসাহায্য আৰু ট্ৰেড-ইন প্ৰগ্ৰেমৰ সুবিধা ল’ব পৰা ক্ৰেতাসকলৰ বাবে আইফোন ক্ৰয়ৰ বাবে আমেৰিকা আটাইতকৈ সুলভ বজাৰ হৈয়েই আছে ।

ডুবাইত iPhone 16 ৰ মূল্য

আইফোনৰ দৰে উচ্চমানৰ গেজেটৰ তুলনামূলকভাৱে কম মূল্যৰ বাবে ডুবাই টেক অনুৰাগীৰ বাবে জনপ্ৰিয় গন্তব্যস্থানত পৰিণত হৈছে । ডুবাইত বেচ মডেল আইফোন 16 ৰ মূল্য 77,693 (টকা), আনহাতে আইফোন 16 প্লাছৰ মূল্য 86,836 (টকা) । আইফোন 16 প্ৰ’ৰ মূল্য 98,265 আৰু আইফোন 16 প্ৰ’ মেক্সৰ মূল্য 1,16,550 । ভাৰতৰ তুলনাত যথেষ্ট কম মূল্যত ডুবাইত উপলব্ধ আইফোন 16 ।

শেষত ভাৰতীয় মুদ্ৰাত আইফোন 16 ছিৰিজৰ দাম আন দেশৰ লগত তুলনা কৰিলে আমেৰিকাত আইফোন 16 আটাইতকৈ সস্তা । কিন্তু আমাৰ চুবুৰীয়া দেশ পাকিস্তানত আইফোন 16 আটাইতকৈ দামী । একেদৰে জাপান আৰু ডুবাইতো এই নতুন সংস্কৰণৰ দাম যথেষ্ট ভাৰততকৈ কম ।

আইফোন 16 ছিৰিজৰ প্ৰি-অৰ্ডাৰ 13 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব । এপলৰ মতে, আইফোন 16 ছিৰিজৰ প্ৰিঅৰ্ডাৰ ইতিমধ্যে আৰম্ভ হৈছে । 20 ছেপ্টেম্বৰৰ পৰা ভাৰত, আমেৰিকা আৰু অন্যান্য দেশত ই বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব বুলি আইফোন নিৰ্মাতা কোম্পানীটোৱে জনায় ।

লগতে পঢ়ক: অন্ত পৰিল অপেক্ষাৰ ! মুকলি হ’ল আইফোন 16 ছিৰিজ, কেতিয়াৰ পৰা আৰম্ভ হ’ব বিক্ৰী ? - Apple iPhone 16

সুখবৰ ! 11 হাজাৰতকৈও অধিক ৰেহাইত লাভ কৰক iPhone - iPhone Price Drop

আজি বজাৰত আহিব Apple iPhone 16 : ভাৰতীয় বজাৰত কিমান হ’ব দাম ? - Apple iPhone 16 launch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.