ETV Bharat / technology

আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস ২০২৪ : জোনবাইৰ পিঠিত উঠি এপাক বিশ্বব্ৰহ্মাণ্ড ফুৰো আহক... - International Moon Day 2024

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 11:55 PM IST

International Moon Day : আপুনি বাৰু জানেনে নিশাৰ আকাশত দেখা জোনবাইটোৰ কথা ! কিয় এটা বিশেষ দিনত আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস পালন কৰা হয় ? জানো আহক...

International Moon Day
আপুনি বাৰু জানেনে নিশাৰ আকাশত দেখা জোনবাইটোৰ কথা ! (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২০ জুলাই : এটা বিশেষ দিন ৷ প্ৰতিবছৰে ২০ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস হিচাবে পালন কৰা হয় ৷ আমি সকলোৱে জানো যে, ১৯৬৯ চনৰ জুলাই মাহত মানুহে পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি দিছিল ৷

নাছাৰ মতে, চন্দ্ৰত অৱতৰণ কৰাটো “...সৰ্বকালৰ একক সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিগত কৃতিত্ব ।” এই দিনটোৱে সকলোকে সোঁৱৰাই দিয়ে চন্দ্ৰপৃষ্ঠ অন্বেষণ কৰিবলৈ কৰা সকলো প্ৰচেষ্টাক ৷

কেনেকৈ আৰম্ভ হ'ল ?

"সেয়া এজন মানুহৰ বাবে এটা সাধাৰণ সৰু খোজ...কিন্তু মানৱ জাতিৰ বাবে এটা ডাঙৰ জাঁপ... ৷" নীল আৰ্মষ্ট্ৰঙৰ সকলো কথাই চিৰদিনৰ বাবে বিশ্ববাসীৰ মনত সাঁচ বহুৱাই থৈ গৈছে ৷ কাৰণ তেওঁ আছিল ১৯৬৯ চনত চন্দ্ৰত ভৰি দিয়া প্ৰথমজন ব্যক্তি ।

নাছাৰ এপ’ল’ ১১ অভিযান (NASA's Apollo 11 mission)ৰ অংশ হিচাপে থকা নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনে (Buzz Aldrin) চন্দ্ৰত ভৰি দি এক ডাঙৰ সফলতা লাভ কৰিছিল । তেওঁলোকে ট্ৰেংকিলিটি বেছ বুলি কোৱা এডোখৰ ঠাইত থিয় হৈ মহাকাশ ভ্ৰমণৰ নতুন অধ্যায় আৰম্ভ কৰিছিল ।

২০২১ চনত মহাকাশত শান্তিপূৰ্ণভাৱে একেলগে কাম কৰাৰ বিষয়ে ৭৬/৭৬ নং প্ৰস্তাৱ গৃহীত কৰাৰ পিচত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰতি বছৰে ২০ জুলাইত আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস উদযাপনৰ সিদ্ধান্ত লয় ।

চন্দ্ৰ :

নিশাৰ আকাশত দেখা চন্দ্ৰটো অতি মোহনীয়া ৷ পৃথিৱীৰ নিচেই কাষতে থকা চন্দ্ৰটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ পৃথিৱীত জোৱাৰ-ভাটাৰ সৃষ্টি কৰাত ইয়াৰ ডাঙৰ ভূমিকা আছে । চন্দ্ৰৰ আকাৰ পৃথিৱীৰ এক চতুৰ্থাংশ ৷ ইয়াৰ বিষুৱৰেখাৰ চাৰিওফালে ১০,৯১৭ কিলোমিটাৰ ব্যাস আৰু ১,৭৩৭ কিলোমিটাৰ ব্যাসাৰ্ধ ।

চন্দ্ৰত প্ৰায় বায়ু নাই ৷ গতিকে ই তাপ ধৰি ৰাখিব নোৱাৰে বা মাটি গৰম কৰি ৰাখিব নোৱাৰে । পৃথিৱীৰ পৰা চন্দ্ৰটো প্ৰায় ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ দূৰত আছে ৷ সেয়ে একেলেথাৰিয়ে গৈ থাকিলেও চন্দ্ৰলৈ যাবলৈ হ’লে ১৭ দিনতকৈও অধিক সময়ৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক : Aditya L1 mission: আদিত্য-L১ য়ে দ্বিতীয়টো পৃথিৱীমুখী কৌশল সফলতাৰে সম্পন্ন কৰিছে

নাছাৰ পৰা লাভ কৰা কিছু পৰিসংখ্যা তলত উল্লেখ কৰা হ’ল :

  • পৃথিৱীৰ পৰা গড় দূৰত্ব : ২৩৮,৮৫৫ মাইল (৩৮৪,৪০০ কিলোমিটাৰ)
  • পেৰিজি (পৃথিৱীৰ আটাইতকৈ ওচৰৰ কাষ চাপি অহা) : ২২৫,৭০০ মাইল (৩৬৩,৩০০ কিলোমিটাৰ)
  • এপ'জি (পৃথিৱীৰ পৰা আটাইতকৈ দূৰত্ব) : ২৫২,০০০ মাইল (৪০৫,৫০০ কিলোমিটাৰ)
  • কক্ষপথৰ পৰিধি : ১,৪৯৯,৬১৮.৫৮ মাইল (২,৪১৩,৪০২ কিলোমিটাৰ)
  • গড় কক্ষপথৰ বেগ : ২,২৮৭ মাইল প্ৰতি ঘণ্টা (৩,৬৮০.৫ কিলোমিটাৰ প্ৰতি ঘণ্টা)

চন্দ্ৰই কেনেকৈ জোৱাৰ-ভাটাৰ সৃষ্টি কৰে ?

চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে পানীক নিজৰ ফালে টানি লৈ যায় ৷ যাৰ ফলত ইয়াৰ আটাইতকৈ ওচৰৰ ফালটো উখহি উঠে আৰু জোৱাৰৰ সৃষ্টি হয় । চন্দ্ৰ আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সংযুক্ত প্ৰভাৱৰ বাবে পৃথিৱীৰ বিপৰীত দিশতো এনেকুৱা হয় । পৃথিৱীৰ এই ষ্ট্ৰেচিং আৰু স্কুইছিঙৰ ফলত দুয়োফালে পানী উখহি উঠে, যাৰ ফলত প্ৰতিদিনে দুটা হাই টাইড (high tides) আৰু দুটা লো টাইড (low tides) হয় ।

লগতে পঢ়ক : Chandrayaan-3 : চন্দ্ৰযান-৩ অভিযানৰ সম্ভাৱ্য সমাপ্তিৰ সংকেত ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ

কিমানবাৰ মানুহে চন্দ্ৰত অৱতৰণ কৰিছে ?

এতিয়ালৈকে নাছাই অৰ্থাৎ ১৯৬১ চনৰ পৰা ১৯৭২ চনলৈকে নিজৰ এপ’ল’ প্ৰগ্ৰেমৰ জৰিয়তে ছয়জন লোকক চন্দ্ৰলৈ পঠিয়াইছে । ১৯৬৯ চনৰ ২০ জুলাইত নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনে চন্দ্ৰত ভৰি দিছিল ৷ এপ’ল’ ১১ৰ ডাঙৰ চুক্তিৰ পিচত আমেৰিকাই পঠিয়াইছিল 1972 চনলৈকে আৰু পাঁচটা মিছন । মুঠ বাৰজন লোকে প্ৰকৃততে চন্দ্ৰৰ পৃষ্ঠত খোজ কাঢ়িছে ।

তাৰ পিচৰ পৰা কোনোৱে চন্দ্ৰলৈ যোৱা নাই যদিও নাছাই ২০২৫ চনত Artemis III mission ৰ সৈতে মানুহক চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে ।

চন্দ্ৰত অৱতৰণ ভাৰতৰ :

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান-৩ অভিযান সফলতাৰে উৰা মাৰিছিল ।

ইতিমধ্যে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতীয় মহাকাশযান সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাবে গৌৰৱ অৰ্জন কৰিছে । ২০২৩ চনৰ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩ অভিযান চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত সফলতাৰে অৱতৰণ কৰে ।

লগতে পঢ়ক : Year-ender 2023: চন্দ্ৰযান-৩ৰ ঐতিহাসিক চন্দ্ৰ অৱতৰণৰ পিছত চন্দ্ৰপৃষ্ঠত ভাৰত

চন্দ্ৰত অৱতৰণ কৰা দেশসমূহ :

  • ছোভিয়েট ইউনিয়ন : ১৯৬৬ চনত চন্দ্ৰত প্ৰথমবাৰৰ বাবে অতি মসৃণভাৱে অৱতৰণ (soft landing) কৰিছিল ছোভিয়েট ইউনিয়নৰ লুনা ৯ য়ে ।
  • আমেৰিকা : ১৯৬৯ চনত নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনৰ সৈতে নাছাৰ এপ’ল’ ১১ মিছন মহাকাশ দৌৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিল, য’ত ছটা মিছনত ১২ জন মহাকাশচাৰীয়ে চন্দ্ৰত অৱতৰণ কৰিছিল ।
  • চীন : ২০১৩ চনত চীনে প্ৰথমখন ৰভাৰ য়ুটু (First rover, Yutu) চন্দ্ৰত আৰু ২০১৯ চনত দ্বিতীয়খন ৰভাৰ য়ুটু-২ (Second rover, Yutu-2) চন্দ্ৰৰ দূৰৈৰ ফালে অৱতৰণ কৰিছিল, যিটো সকলোৰে বাবে এটা ডাঙৰ কথা আছিল ।
  • ৰাছিয়া : ১৯৭৬ চনত ৰাছিয়াই চন্দ্ৰৰ পৰা চন্দ্ৰৰ শিল আনিছিল ।
  • ভাৰত : ২০২৩ চনত ভাৰতৰ চন্দ্ৰযান-৩ অভিযান চন্দ্ৰত সফলতাৰে সম্পন্ন কৰি ভাৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয় ।
  • জাপান : জাপানে জানুৱাৰী মাহত প্ৰথমখন ৰভাৰ চন্দ্ৰত অৱতৰণ কৰিছিল ৷ কিন্তু ভুল দিশত অৱতৰণ কৰিছিল, যাৰ বাবে ইয়াৰ সৌৰ পেনেল ব্যৱহাৰ কৰাটো অধিক কঠিন হৈ পৰিছিল ৷

লগতে পঢ়ক : নতুন কথা নহয় : ২০১১ তে ISRO ৰ বিজ্ঞানীয়ে বিচাৰি পাইছিল চন্দ্ৰৰ গুহাটো - Newly discovered cave in Moon

উৎস :

https://www.un.org/en/observances/moon-day

https://www.unoosa.org/oosa/en/outreach/events/imd/international-moon-day.html

https://indonesia.un.org/en/239142-international-moon-day-20-july

https://moonvillageassociation.org/imd/

https://www.daysoftheyear.com/days/moon-day/

https://moon.nasa.gov/observe-the-moon-night/about/overview/

https://www.nationaldaycalendar.com/national-day/national-moon-day-july-20

https://www.indiatoday.in/science/story/international-moon-day-when-neil-armstrong-

averted-disaster-seconds-before-landing-on-moon-2409243-2023-07-20

https://moon.nasa.gov/observe-the-moon-night/

https://www.jagranjosh.com/general-knowledge/international-moon-day-2023-

1689819330-1

https://www.nhm.ac.uk/discover/factfile-the-moon.html

https://economictimes.indiatimes.com/news/science/exploring-the-history-of-lunar-

landings-as-u-s-company-achieves-first-private-moon-

landing/articleshow/107963260.cms?from=mdr

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.