ETV Bharat / technology

২৩ আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিবলৈ সাজু হৈছে ভাৰত - National Space Day

author img

By ANI

Published : Aug 19, 2024, 6:13 PM IST

National Space Day : চন্দ্ৰযান-3 অভিযানৰ উল্লেখযোগ্য সফলতা উদযাপন কৰিবলৈ 23 আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হৈছে ৷ ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত অৱতৰণ কৰা প্ৰথম দেশ ৷

National Space Day
২৩ আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস (ANI)

নেশ্যনেল ডেস্ক, 19 আগষ্ট : 2024 চনৰ 23 আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিবলৈ সাজু হৈছে ভাৰত ৷ 2023 চনৰ আজিৰ দিনটোতে চন্দ্ৰযান 3 য়ে চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ নিৰাপদ আৰু সফল অৱতৰণ সম্পন্ন কৰিছিল ৷ ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয় ৷

কেন্দ্ৰীয় চৰকাৰে চন্দ্ৰযান-3 অভিযানৰ উল্লেখযোগ্য সফলতা উদযাপন কৰিবলৈ 23 আগষ্টক "ৰাষ্ট্ৰীয় মহাকাশ দিৱস" হিচাপে ঘোষণা কৰিছে ৷ যিটো দিনত বিক্ৰম লেণ্ডাৰে সুৰক্ষিত আৰু সফল অৱতৰণ সম্পূৰ্ণ কৰিছিল আৰু দক্ষিণ মেৰুৰ ওচৰৰ চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰভাৰ স্থাপন কৰিছিল ৷ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক জড়িত কৰা আৰু অনুপ্ৰেৰণা দিয়াৰ লক্ষ্যৰে সমগ্ৰ দেশতে এই সাফল্য উদযাপন কৰা হয় ৷

এই ঐতিহাসিক সাফল্যক স্মৰণ কৰিবলৈ, ভাৰত চৰকাৰৰ মীন বিভাগে মীন পালন খণ্ডত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে কেবাটাও আলোচনাচক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে ৷ বিভিন্ন উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, ইছ’ৰো আৰু ডিঅ'এফ ক্ষেত্ৰ কাৰ্যালয়ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

ইয়াৰ পূৰ্বে মহাকাশ বিভাগে জাৰি কৰা জাননীত কোৱা হৈছিল যে চন্দ্ৰযান-3 অভিযানে সফলতাৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা ভাৰত প্ৰথম খন দেশ হিচাপে পৰিগণিত হৈছে ৷

"2023 চনৰ 23 আগষ্টত চন্দ্ৰযান-3 অভিযানৰ সফলতাৰ সৈতে, বিক্ৰম লেণ্ডাৰ অৱতৰণ আৰু চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰভাৰ স্থাপনৰ সৈতে, ভাৰতে মহাকাশ ভ্ৰমণকাৰী ৰাষ্ট্ৰসমূহৰ এটা অভিজাত গোটত যোগদান কৰি চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থ খন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়, " অধিসূচনাত এইদৰে কোৱা হৈছে ৷

লগতে পঢ়ক : ২০৪০ চনৰ ভিতৰত চন্দ্ৰত পদাৰ্পণৰ লক্ষ্য ইছৰোৰ ! - ISRO Chairman Dr S Somnath

ইয়াত লগতে কোৱা হৈছে যে এই ঐতিহাসিক অভিযানৰ ফলাফলে অনাগত বছৰবোৰত মানৱ জাতিক উপকৃত কৰিব ৷ অধিসূচনাখনত কোৱা হৈছে যে এই দিনটোৱে মহাকাশ অভিযানৰ ক্ষেত্ৰত দেশৰ অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব, ই নৱ প্ৰজন্মক এছ টি ই এমৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ দিশত অনুপ্ৰাণিত কৰিব আৰু মহাকাশ খণ্ডক এক বৃহৎ গতি প্ৰদান কৰিব ৷ ইয়াত কোৱা হৈছে যে ভাৰত চৰকাৰে এই ঐতিহাসিক মুহূৰ্তৰ স্মৃতিত প্ৰতি বছৰৰ 23 আগষ্টক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে ঘোষণা কৰিছে ৷

লগতে পঢ়ক : ইছৰোৰ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-8ৰ সফল উৎক্ষেপণ - ISRO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.