ETV Bharat / technology

আই আই টি গুৱাহাটীৰ বিশেষ সাফল্য: বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান দখল‌ - IIT Guwahati

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 11:00 PM IST

IIT Guwahati: আই আই টি গুৱাহাটীয়ে বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান দখল‌ কৰিছে ৷ দুটাকৈ বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে এই সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷

IIT Guwahati
আই আই টি গুৱাহাটীৰ বিশেষ সাফল্য

গুৱাহাটী, ১০ এপ্ৰিল: আই আই টি গুৱাহাটীৰ দুটা পাঠ্যক্ৰমে বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান দখল‌ কৰিবলৈ সক্ষম হৈছে । তথ্য বিজ্ঞান আৰু পেট্ৰ’লিয়াম অভিযান্ত্ৰিক বিষয়ৰ অধ্যয়নৰ বাবে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে বিশ্বৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ অৰ্থাৎ QS World University ranking ভিতৰত এখন হিচাপে মনোনীত হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

Quacquarelli Symonds global higher education analytical firm ৰ শেহতীয়া সমীক্ষা‌মতে আই আই টি গুৱাহাটীয়ে তথ্য বিজ্ঞানৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰি বিশ্বৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত (QS World University ranking) 51-70 নম্বৰ আৰু পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত 51-100 নম্বৰৰ ভিতৰত স্থান লাভ কৰিছে ।

উল্লেখ্য যে Quacquarelli Symonds global higher education analytical firm য়ে বিশ্বৰ উচ্চ শিক্ষানুষ্ঠানৰ 55টা শৈক্ষিক শাখা বা বিষয় অধ্যয়নৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ নাম ঘোষণা কৰিছে । এই তালিকাত আই আই টি গুৱাহাটীয়ে দুটা শৈক্ষিক বিষয়ত উন্নত প্ৰদৰ্শন কৰি দেশ তথা অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ।

তদুপৰি এই সমীক্ষাত আই আই টি গুৱাহাটীৰ শৈক্ষিক বিষয় ক্ৰমে Engineering technology, natural science, arts and humanities ৰ‌ লগতে‌ ৪ টা শৈক্ষিক বিষয়ে পূৰ্বৰ‌ সমীক্ষাতকৈ ২০২৪ চনৰ সমীক্ষাত উন্নত প্ৰদৰ্শন কৰিছে । আই. আই. টি গুৱাহাটীৰ প্ৰদৰ্শন সন্দৰ্ভত আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ৰাজীৱ আহুজাই কয়, ‘‘শিক্ষা আৰু গৱেষণাৰ একাধিক বিষয়ৰ ক্ষেত্ৰত আই. আই. টি গুৱাহাটীৰ বিশ্বৰ আগশাৰীৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈ আহিছে ৷

বিভিন্ন শাখা আৰু বিষয়ত প্ৰতিষ্ঠানৰ সামগ্ৰিক অগ্ৰগতিৰ লগতে ডাটা চায়েঞ্চ আৰু পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙৰ ব্যতিক্ৰমী স্থানে উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি আমাৰ প্ৰতিষ্ঠানৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে । প্ৰতিষ্ঠানটোৱে আগন্তুক বছৰবোৰত ৰেংকিঙত নিজৰ স্থিতি আৰু উন্নত কৰিব বিচাৰে ।’’

লগতে পঢ়ক: কংক্ৰিটৰ মহানগৰীতো পাব পাৰে থলুৱা খাদ্যৰ সোৱাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.