ETV Bharat / technology

আপোনাৰ ফোনটো লেহেমীয়া গতিত চলিছে নেকি ? কেইটামান বিশেষ টিপছ - Tricks For Android - TRICKS FOR ANDROID

Tricks For Android : আপুনি ব্যৱহাৰ কৰি থকা পুৰণি এণ্ড্ৰইড ম'বাইল ফোনটো লেহেমীয়া গতিত চলি আছে নেকি ? তেনেহ’লে আপোনাৰ ফোনটো দ্ৰুতগতিত চলিবৰ বাবে প্ৰয়োগ কৰক এইসমূহ কৌশল ৷

Tricks For Android.
আপোনাৰ ফোনটো লেহেমীয়া গতিত চলিছে নেকি ? কেইটামান বিশেষ টিপছ (ETV BHARAT HINDI)
author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 11:07 AM IST

ম’বাইল ফোন আমাৰ দৈনন্দিন জীৱনৰ এটা অপৰিহাৰ্য সামগ্ৰী ৷ পুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈ আমাক ম'বাইল ফোনটোৰ প্ৰয়োজন ৷ কিন্তু যেতিয়া আমি ব্যৱহাৰ কৰি থকা ফোনটো পুৰণি হৈ পৰে, ই সময়ৰ লগে লগে লেমেহীয়াকৈ কাম কৰে ৷ তেতিয়াই সাধাৰণতে আমি এটা নতুন ম’বাইল ফোন লোৱাৰ কথা ভাবো ৷ যদিও কেতিয়াবা হয়তো ফোন ক্ৰয় কৰিবলৈ আমাৰ বাজেটত নিমিলে কেতিয়াবা আকৌ নতুন এটা ফোনৰ বাবে আমি আগ্ৰহীও নহওঁ ৷

তেনেক্ষেত্ৰত আমি আপোনালোকলৈ লৈ আহিছে এনে কিছু টিপছ যাৰ ফলত আপুনি আপোনাৰ পুৰণি এণ্ড্ৰইড ফোনটো পুনৰ দ্ৰুতগতিত চলাব পাৰে ৷ এটা নতুন ফোনৰ দৰেই ফোনটো পুনৰ ফাষ্ট হৈ উঠিব ৷

কিছুমান নতুন ছেটিংছ আৰু ট্ৰিকৰ সৈতে আপোনাৰ ফোনটো নতুনৰ দৰে হৈ উঠিব । আপুনি ফোনটো ৰিবুট, অ'এছ আপডেট, বেটাৰী বঢ়োৱাৰ কৌশলসমূহ প্ৰয়োগ কৰিব পাৰে ৷

এণ্ড্ৰইড ফোনটো কেনেদৰে দ্ৰুত কৰিব ?

  • ফেক্টৰী ৰীছেট
  • এণ্ড্ৰইড আপডেট কৰক
  • দৈনিক এণ্ড্ৰইড ফোনটো ৰীষ্টাৰ্ট কৰক
  • ক্ৰোমৰ লাইট মোড অন কৰক
  • অব্যৱহৃত এপ্পসমূহ ডিলীট কৰক
  • ডাৰ্ক মোড অন কৰক
  • ডাঙৰ ফাইলসমূহ এছ ডি কাৰ্ড বা গুগল ড্ৰাইভত সংৰক্ষণ কৰক

ফেক্টৰী ৰীছেট : আপোনাৰ ফোনটো যদি লেহেমীয়া গতিত চলিছে তেনেহ’লে স্মাৰ্টফোনৰ ফেক্টৰী ৰীছেট কৰক । এণ্ড্ৰইডৰ জাংক এপবোৰ ডিলীট কৰক ৷ ফোনটোৰ বেকআপ লোৱাৰ পাচত বিকল্প আৰু ফেক্টৰী ৰীছেট টেপ কৰক ।

এণ্ড্ৰইড আপডেটৰ বাবে পৰীক্ষা কৰক

ফোনটোৰ বাবে এণ্ড্ৰইড আপডেট অতি গুৰুত্বপূৰ্ণ । গুগল পিক্সেল আৰু নেক্সাছ ফোনবোৰে স্বয়ংক্ৰিয়ভাৱে এণ্ড্ৰইডলৈ আপডেট হয় । সাধাৰণতে এণ্ড্ৰইড আপডেটৰ বাবে কোনো অধিসূচনা নাথাকে, সেয়েহে সদায়ে ম'বাইলৰ এণ্ড্ৰইড আপডেট পৰীক্ষা কৰিব ।

দৈনিক ফোনটো ৰীষ্টাৰ্ট কৰক

ফোন ৰীষ্টাৰ্ট অত্যন্ত গুৰুত্বপূৰ্ণ ৷ 30 ছেকেণ্ডৰ ৰীষ্টাৰ্টে আপোনাৰ ফোনটোক মেম'ৰী মুক্ত কৰে, এপৰ সমস্যা আঁতৰ কৰে ৷

অব্যৱহৃত এপসমূহ ডিলীট কৰক

আমি স্মাৰ্টফোনত বহুতো এপ ইনষ্টল কৰো । ইয়াৰো বহুতো এপ আমাৰ বাবে প্ৰয়োজনীয় নহয় ৷ সেয়েহে অলাগতিয়াল এপসমূহ আনইনষ্টল কৰি দিব ৷

ডাৰ্ক মোড অন কৰক

আপোনাৰ এণ্ড্ৰইড ফোনত যদি ও এল ই ডি স্ক্ৰীণ আছে, তেন্তে ইয়াৰ ডাৰ্ক মোড অন কৰক ৷ যিয়ে ফোনটোৰ বেটেৰীৰ জীৱন কাল বৃদ্ধি কৰিব পাৰে । স্ক্ৰীণ ৰিজলীউশ্যন হ্ৰাস কৰক ৷ ডাৰ্ক মোডে ফোনৰ বেটাৰী সুৰক্ষিত কৰে ৷

ডাঙৰ আকাৰৰ ফাইলবোৰ এছ ডি কাৰ্ড বা গুগল ড্ৰাইভত ছেভ কৰক :

ডাঙৰ আকাৰৰ ফাইলসমূহ আমাৰ ফোনত সংৰক্ষণ কৰাটো সঠিক নহয় ৷ এই ফাইলবোৰে ফোনটো লেহেমীয়া কৰে ।সেইবাবে ডাঙৰ আকাৰৰ ফাইলবোৰ এছ ডি কাৰ্ড বা গুগল ড্ৰাইভত সংৰক্ষণ কৰক ৷

লগতে পঢ়ক: ফোন অত্যধিক গৰম হয় নেকি? লেহেমীয়া গতিত চাৰ্জিং লয় ? কিয় আৰু কেনেকৈ ঠাণ্ডা কৰিব... - Phone Overheating Problems

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.