নিউজ ডেস্ক, 13 অক্টোবৰ: মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম Spotify য়ে গ্ৰাহকসকলক ইয়াৰ প্ৰিমিয়াম চাবস্ক্ৰিপশ্যন সেৱাত চাৰি মাহৰ ৰেহাই আগবঢ়াইছে । ইয়াৰ জৰিয়তে গ্ৰাহকে 4 মাহৰ বাবে মাত্ৰ 59 টকাত Spotify Premium চাবস্ক্ৰিপশ্যন লাভ কৰিব পাৰিব । সাধাৰণতে ব্যক্তিগত প্ৰিমিয়াম প্লেনৰ মূল্য প্ৰতিমাহে 119 টকা ।
চাবস্ক্ৰিপশ্যনৰ জৰিয়তে গ্ৰাহকে বিজ্ঞাপন নোহোৱাকৈ গীত উপভোগ কৰিব পাৰিব । উল্লেখ কৰা প্ৰয়োজন যে Spotify Premium চাবস্ক্ৰিপশ্যনলৈ মানুহক আকৰ্ষণ কৰিবলৈ এই প্ৰচাৰমূলক অফাৰটো সীমিত সময়ৰ বাবেহে । আপুনি আপোনাৰ প্ৰিয় গীতসমূহো ডাউনলোড কৰি উন্নত মানৰ অডিঅ’ প্ৰদান কৰা প্ৰিমিয়াম সেৱাৰ জৰিয়তে অফলাইনত শুনিব পাৰে । ইয়াৰ ফলত আপোনাৰ Data সংৰক্ষণ হ’ব ।
চাৰি মাহৰ বাবে 59
ব্যক্তিগত প্ৰিমিয়াম প্লেনৰ বাবে Spotify ৰ প্ৰচাৰমূলক অফাৰ 59 টকা ৰেহাই মূল্যত চাৰি মাহৰ বাবে উপলব্ধ হ’ব । চাৰি মাহৰ পিছত ব্যৱহাৰকাৰীয়ে 119 টকা নিয়মীয়া মাহিলী মাচুল দিব লাগিব । আন এটা প্ৰয়োজনীয় দিশ হ’ল ব্যৱহাৰকাৰীয়ে যিকোনো সময়তে প্ৰিমিয়াম চাবস্ক্ৰিপশ্যনৰ সুবিধাৰ পৰা বঞ্চিত হ’ব পাৰে । এই অফাৰটো 2024 চনৰ 13 অক্টোবৰলৈকে উপলব্ধ । এই অফাৰটো লাভ কৰাৰ আগতে আপুনি ৰিচাৰ্জ কৰিব লাগিব ।
অফাৰৰ বাবে যোগ্য কোন ?
এই অফাৰ কেৱল Spotify ৰ নতুন ব্যৱহাৰকাৰী আৰু পূৰ্বে প্ৰিমিয়াম চাবস্ক্ৰিপশ্যন ক্ৰয় নকৰা পুৰণি ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ । যিসকলে আগতে প্ৰিমিয়াম চাবস্ক্ৰিপশ্যন লৈছে তেওঁলোকে মাহে 119 টকা আদায়ৰ জৰিয়তেহে এমাহৰ চাবস্ক্ৰিপশ্যন লাভ কৰিব ।
Spotify Premium ৰ সুবিধাসমূহ?
অন্যান্য চাবস্ক্ৰিপশ্যন সেৱাৰ দৰে, Spotify Premium এ ইয়াৰ ব্যৱহাৰকাৰীসকলক বিজ্ঞাপনমুক্ত অভিজ্ঞতা প্ৰদান কৰে । প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলে Spotify য়ে আগবঢ়োৱা অতিৰিক্ত সুবিধাসমূহ আদায় কৰিব পাৰে---
- অফলাইন শুনিবলৈ গীত ডাউনলোড কৰিব পাৰিব
- উচ্চমানৰ অডিঅ’
- যিকোনো ক্ৰমত গীত বজাব পাৰি
- বিজ্ঞাপনমুক্ত সংগীত
- গানবোৰ যেনেকৈ শুনিব বিচাৰে সেই অনুসৰি তালিকাখন আপুনি প্ৰি-এৰেঞ্জ কৰিব পাৰে
কেনেকৈ চাবস্ক্ৰাইব কৰিব?
Spotify Premium ৰ চাবস্ক্ৰাইব কৰিবলৈ আপুনি Spotify খুলি ‘প্ৰিমিয়াম’লৈ যাওক । তাৰ পিছত চাৰি মাহৰ বাবে 59 টকাত স্পটিফাই প্ৰিমিয়াম দেখুওৱা প্ৰমোচনেল অফাৰত ক্লিক কৰক । তাৰ পিছত পেমেণ্ট সম্পূৰ্ণ কৰক ।