ETV Bharat / technology

এতিয়াৰে পৰা ছেকেণ্ড হেণ্ড বাহন ক্ৰয় কৰাটো হ’ব অধিক ব্যয়বহুল ! - GST ON SECOND HAND CAR

পুৰণি গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত জি এছ টি পৰিষদে জি এছ টি ৰেট ষ্টেণ্ডাৰ্ডাইজেচন কাৰ্যকৰী কৰিব পাৰে, যাৰ ফলত ছেকেণ্ড হেণ্ড গাড়ী ক্ৰয় কৰাটোও ব্যয়বহুল হ’ব।

gst-council-may-increase-tax-on-old-and-used-vehicles-including-evs-to-18-percent
এতিয়াৰে পৰা ছেকেণ্ড হেণ্ড বাহন ক্ৰয় কৰাটোও হ’ব ব্যয়বহুল ! (IANS)
author img

By ETV Bharat Tech Team

Published : Dec 18, 2024, 10:17 AM IST

Updated : Dec 18, 2024, 12:06 PM IST

হায়দৰাবাদ: আগন্তুক নতুন বছৰৰ পৰা গাড়ী নিৰ্মাতা কোম্পানীসমূহে নিজৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত মানুহৰ বাবে নতুন গাড়ী ক্ৰয় কৰাটোও হৈ পৰিব ব্যয়বহুল । একে সময়তে কম বাজেটত ছেকেণ্ড হেণ্ড গাড়ী ক্ৰয় কৰাসকলৰ বাবেও আহি আছে বেয়া খবৰ । অনাগত সপ্তাহত ছেকেণ্ড হেণ্ড বিক্ৰীৰ বাবে উপলব্ধ ইলেক্ট্ৰিক গাড়ী, চাবকম্পেক্ট ছেডান, এছ ইউ ভি আৰু হেচবেকৰ দাম বৃদ্ধি পাব পাৰে ।

জানিব পৰা মতে, জি এছ টি কাউন্সিলে ব্যৱহৃত গাড়ীৰ বজাৰৰ বাবে জি এছ টি ৰেট ষ্টেণ্ডাৰ্ডাইজেচন কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিবলৈ ওলাইছে ৷ যাৰ ফলত সৰু গাড়ী আৰু বৈদ্যুতিক বাহন ব্যয়বহুল হ’ব পাৰে । বৰ্তমান এই বজাৰখনত দুটা স্লেবৰ অধীনত কৰ আৰোপ কৰা হয় । ইয়াত 4 মিটাৰতকৈ কম আকাৰৰ ইভি আৰু আভ্যন্তৰীণ দহন মডেলৰ ওপৰত 12 শতাংশ কৰ আৰোপ কৰা হয় ।

ইয়াৰ উপৰিও 1200 চিচিতকৈ কম পেট্ৰ’ল ইঞ্জিন আৰু 1500 চিচিতকৈ কম ডিজেল ইঞ্জিন থকা বাহনত 12 শতাংশ, আৰু আন সকলো মডেলৰ বাবে 18 শতাংশ কৰ আৰোপ কৰা হয় । এই প্ৰতিবেদন অনুসৰি জি এছ টি কাউন্সিলৰ ফিটমেণ্ট কমিটীয়ে সকলো শ্ৰেণীৰ বাহনৰ বাবে এই হাৰ 18 শতাংশ হ’বলৈ পৰামৰ্শ আগবঢ়াইছে ।

উল্লেখ্য যে, এই কৰ কাৰ্যকৰী হোৱাৰ পিছত ব্যৱহৃত ইভি আৰু চাবকম্পেক্ট আভ্যন্তৰীণ দহন বাহন পূৰ্বতকৈ অধিক ব্যয়বহুল হ’ব । অৱশ্যে মন কৰিবলগীয়া যে ডিলাৰৰ জৰিয়তে বিক্ৰী কৰা গাড়ীৰ ক্ষেত্ৰতহে জি এছ টি প্ৰযোজ্য হ’ব । কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে বিক্ৰী কৰা গাড়ীৰ ক্ষেত্ৰত জি এছ টি প্ৰযোজ্য নহ’ব ।

উল্লেখ কৰা প্ৰয়োজন যে, 20 আৰু 21 ডিচেম্বৰত জি এছ টি কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত প্ৰস্তাৱিত হাৰ পৰিৱৰ্তনৰ কথা বিবেচনা কৰিব পাৰি ।

লগতে পঢ়ক: জানুৱাৰীত বজাৰত মুকলি হ’ব Mercedes-Benz EQS 450

মুকলিৰ পূৰ্বেই Skoda Kylaq এ লাভ কৰিছে 10,000 বুকিং

Last Updated : Dec 18, 2024, 12:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.