ETV Bharat / technology

অনিৰ্বচনীয় মহাজাগতিক পৰিঘটনা; 326 নিযুত আলোকবৰ্ষ দূৰৈৰ যুৰীয়া ছায়াপথৰ ছবি প্ৰকাশ ৱেব টেলিস্কোপৰ - NASA

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 11:25 AM IST

Pair Of Intertwined Galaxies : নাছাৰ ৱেব স্পেচ টেলিস্কোপে পেংগুইন (Penguin) আৰু কণী (Egg) নামেৰে বিখ্যাত এযোৰ ছায়াপথৰ আকৰ্ষণীয় ছবি বন্দী কৰিছে । ই পৃথিৱীৰ পৰা 326 নিযুত আলোকবৰ্ষ দূৰৈত অৱস্থিত । এই ছায়াপথবোৰ তৰা আৰু গেছৰ উজ্জ্বল নীলা কুঁৱলীৰে আৱৰি আছে । এই ছবি ৱেবৰ বৈজ্ঞানিক কাৰ্যকলাপৰ দ্বিতীয় বাৰ্ষিকী উদযাপনৰ উপলক্ষত মুকলি কৰা হৈছে ।

Pair Of Intertwined Galaxies
মহাকাশৰ যুৰীয়া ছায়াপথৰ ছবি প্ৰকাশ ৱেব টেলিস্কোপৰ (AP Photo)

নিউজ ডেস্ক, ১৩ জুলাই : মহাকাশৰ বিভিন্ন মহাজাগতিক পৰিঘটনাই আমাক আপ্লুত কৰে । আনহাতে, এই মহাজগতিক পৰিঘটনাবোৰে জ্যোতিৰ্বিজ্ঞানীসকলক আকৰ্ষিত কৰি আহিছে আৰু ইয়াৰ ওপৰত অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে । তাৰেই ফলশ্ৰুতিত মহাকাশৰ বিভিন্ন পৰিঘটনা আৱিষ্কাৰ হৈ আহিছে । তেনে এক শেহতীয়া পৰিঘটনায়ে প্ৰকাশ পাইছে নাছাৰ ৱেব টেলিস্কোপৰ ছবিত।

নাছাৰ ৱেব স্পেচ টেলিস্কোপত বন্দী হৈছে ইনফ্ৰাৰেডত জিলিকি থকা আৰু নিজৰ মাজত সংযুক্ত হৈ থকা এযোৰ ছায়াপথৰ ছবি । নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ দ্বাৰা পৰিচালিত অৱজাৰ্ভেটৰীখনে ৩২৬ নিযুত আলোকবৰ্ষ দূৰৈত থকা এই দুটা ছায়াপথৰ ফটো তুলিছিল । ইয়াৰ চাৰিওফালে তৰা আৰু গেছৰ নীলা কুঁৱলী আছে । উল্লেখ্য, এক আলোকবৰ্ষ হৈছে ৫.৮ ট্ৰিলিয়ন মাইল ।

ৱেবৰ বৈজ্ঞানিক কাৰ্যকলাপৰ দ্বিতীয় বাৰ্ষিকী উদযাপন উদযাপন উপলক্ষে শুকুৰবাৰে এই ছবিবোৰে মুকলি কৰা হয় ।

নাছাৰ মতে, পেংগুইন (Penguin) আৰু কণী (Egg) নামৰ যুৰীয়া ছায়াপথবোৰ কোটি কোটি বছৰ ধৰি যোৰা লাগি আছে । সময়ত গৈ সিহঁত অৱশেষত এটা ছায়াপথত একত্ৰিত হ'ব । মহাকাশ সংস্থাটোৱে কয় যে 4 বিলিয়ন বছৰৰ ভিতৰত আমাৰ নিজৰ ছায়াপথ আৰু এণ্ড্ৰোমেডা ছায়াপথৰ সৈতেও একেই সম্পৰ্ক ঘটিব ।

অতি পুৰণি হাবল স্পেচ টেলিস্কোপৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত ৱেব হৈছে এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ ডাঙৰ আৰু শক্তিশালী জ্যোতিৰ্বিজ্ঞান পৰ্যবেক্ষণালয় । ২০২১ চনত ই ৰকেটৰ পৰা আঁতৰি গৈছিল আৰু ২০২২ চনৰ জুলাই মাহত ইয়াৰ প্ৰথম আনুষ্ঠানিক ছবি মুকলি হোৱাৰ পূৰ্বে ছয় মাহৰ বাবে কমিছনিঙত ৰখা হৈছিল ।

ই পৃথিৱীৰ পৰা 1 নিযুত মাইল (1.6 নিযুত কিলোমিটাৰ) দূৰত্বত অৱস্থিত । নাছাৰ মাৰ্ক ক্লেম্পিনে এক বিবৃতিত কয়, "মাত্ৰ দুবছৰত ৱেবে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি কৰিছে ।"

লগতে পঢ়ক :আমি আশাবাদী, মহাকাশযানখনে সোনকালেই আমাক ঘৰলৈ লৈ যাব: মহাকাশৰ পৰা জনালে সুনীতা উইলিয়ামছে - Astronaut Sunita williams
লগতে পঢ়ক :আদিত্য এল 1 ৰ সূৰ্য-পৃথিৱীৰ চাৰিওফালে প্ৰথম হেলো কক্ষপথ সম্পূৰ্ণ - Indian Space Research Organisation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.