ETV Bharat / technology

আধিপত্য বিস্তাৰৰ যুঁজ চলিব এলিয়েন আৰু পৃথিৱীৰ জীৱৰ মাজত : ইছৰোৰ অধ্যক্ষ এছ সোমনাথ - ISRO Chief on aliens existence

author img

By ETV Bharat Tech Team

Published : Aug 26, 2024, 2:47 PM IST

ISRO Chairman On Aliens: এলিয়েনৰ অস্তিত্বক লৈ বিজ্ঞানীসকলৰ মাজত বিতৰ্ক অব্যাহত ৷ এই সময়তে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে এলিয়েনৰ অস্তিত্ব সন্দৰ্ভত আগবঢ়াইছে কেতবোৰ ৰোমাঞ্চকৰ তথ্য ৷ সমান্তৰালভাৱে, ইছৰোৰ অধ্যক্ষগৰাকীয়ে এলিয়েন আৰু পৃথিৱীৰ জীৱৰ মাজত আধিপত্য বিস্তাৰৰ সংগ্ৰামও হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৷ এলিয়েনৰ অস্তিত্ব তথা এই সন্দৰ্ভত সৱিশেষ জানক আমাৰ এই প্ৰতিবেদনযোগে---

Do aliens exist? Here's what ISRO Chief S Somanath thinks
মানুহ আৰু এলিয়েনৰ মাজত সংঘাতৰ আশংকা প্ৰকাশ ইছৰোৰ অধ্যক্ষ এছ সোমনাথৰ (Getty Images, ANI)

নিউজ ডেস্ক, 26 আগষ্ট: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে এলিয়েনৰ অস্তিত্ব সন্দৰ্ভত আগবঢ়ায় আকৰ্ষণীয় মন্তব্য ৷ বিশ্বাস কৰা হয় যে কেৱল পৃথিৱীতে নহয়, বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ঠাইতে এলিয়েনৰৰ অস্তিত্ব থাকিব পাৰে । ৰণবীৰ এলাহাবাদীয়া প’ডকাষ্টত অংশগ্ৰহণ কৰি ইছৰোৰ অধ্যক্ষগৰাকীয়ে অপাৰ্থিৱ প্ৰাণীৰ অস্তিত্ব সম্পৰ্কে বহু আমোদজনক তথ্য প্ৰকাশ কৰে ।

এশ বছৰৰ ভিতৰত বৃদ্ধি পোৱা প্ৰযুক্তি

ইছৰোৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে যে এশ বছৰৰ আগৰ তুলনাত পৃথিৱীত প্ৰযুক্তিৰ দ্ৰুত বিকাশ ঘটিছে । এই দ্ৰুত বিৱৰ্তনে এলিয়েনৰ অস্তিত্বৰ সূত্ৰ হিচাপে কাম কৰে বুলি কোৱা হয় ।

ইছৰোৰ অধ্যক্ষ সোমনাথে কয়, "পৃথিৱীৰ মানুহৰ উপৰিও বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰে বিগত 100 বছৰৰ ভিতৰত বিকাশ ঘটিছে । কিছুমান প্ৰজাতি প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহতকৈ আগবাঢ়ি থাকিব পাৰে, আনহাতে আন কিছুমান পিছ পৰি থাকিব পাৰে । পৃথিৱীৰ বাহিৰে আন ক'ৰবাত কোনোবাই হয়তো 1000 বছৰ আগুৱাই গৈছে বা আমাৰ পৰা 200 বছৰ পিছ পৰি আছে ৷ অহা 1000 বছৰত বিশ্বজুৰি প্ৰযুক্তি বিকাশ ঘটিব পাৰে ৷ ইতিমধ্যে পৃথিৱীৰ বাহিৰেও ক’ৰবাত 1000 বছৰৰ উন্নত প্ৰযুক্তি থাকিব পাৰে ।"

যদি এলিয়েন পৃথিৱীলৈ আহে তেন্তে কি হ’ব?

ইছৰোৰ অধ্যক্ষ সোমনাথে এলিয়েন পৃথিৱীলৈ আহিলে সাম্ভাব্য বিপদৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয়, "পৃথিৱীৰ জীৱৰ তুলনাত এলিয়েন সম্পূৰ্ণ পৃথক । হয়তো তেওঁলোকৰ শৰীৰটো জিন’মিক, প্ৰ’টিন ভিত্তিক । এই পটভূমিত মানুহ আৰু এলিয়েনৰ মাজত সংঘাতৰ সম্ভাৱনা আছে । আধিপত্যৰ সংগ্ৰামও হ’ব পাৰে ।"

এলিয়েন সন্দৰ্ভত বহু জল্পনা-কল্পনা

ইতিমধ্যে এলিয়েনক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কোনোৱে কয় যে এই বিশ্বব্ৰহ্মাণ্ডৰ ক’ৰবাত এলিয়েনৰ অস্তিত্ব আছে, আন কোনোৱে এনে কোনো সম্ভাৱনা নাই বুলি অস্বীকাৰ কৰে । এই প্ৰসংগত ইছৰোৰ অধ্যক্ষ সোমনাথে কয়, "মহাশক্তিয়ে এলিয়েনৰ তথ্য লুকুৱাই ৰাখিছে । কেইবছৰমানৰ আগতে খবৰ আহিছিল যে আমেৰিকাৰ হাতত ইতিমধ্যে এলিয়েনৰ বিষয়ে তথ্য আছে ।"

লগতে পঢ়ক: Urfi Javed New look: বিমানবন্দৰত এলিয়েনৰ সাজত অভিনেত্ৰী, অনুৰাগীয়ে ক’লে- চিনি পাইছে নে কোন?

বিজ্ঞানভিত্তিক বিনামূলীয়া প্ৰদৰ্শনী অনুষ্ঠান : প্ৰদৰ্শিত হৈছে প্ৰথম বিশ্বযুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ - Science exhibition in Bengaluru

ফেব্ৰুৱাৰীলৈকে মহাকাশত থাকিব লাগিব সুনীতা-উইলম’ৰ - Astronauts stuck in space

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.