ETV Bharat / technology

কি কি বৈশিষ্ট্যৰে পৰিপূৰ্ণ বিশ্বৰ আটাইতকৈ উন্নত যুঁজাৰু বিমান F 16 ? - F 16 fighter jet crashes

author img

By ETV Bharat Tech Team

Published : Aug 30, 2024, 3:59 PM IST

F 16 jet specifications: অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৷ শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াক উদ্দেশ্যি নিক্ষেপ কৰা F16 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু নিহত হয় এগৰাকী শীৰ্ষ পৰ্যায়ৰ পাইলট ৷ বিশ্বৰ আটাইতকৈ উন্নত তথা আমেৰিকাত নিৰ্মিত যুদ্ধ বিমানখন বিধ্বস্ত হৈ পৰাৰ পাচতে বিশ্বজুৰি আৰম্ভ হৈছে F16 সন্দৰ্ভত বিভিন্ন আলোচনাৰ---

Crashed F16 plane on the battlefield! What is special about the world's most advanced fighter plane?
F16 যুঁজাৰু বিমান (AP)

নিউজ ডেস্ক, 30 আগষ্ট: ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ সময়ত মঙলবাৰে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ইউক্ৰেইনে আকাশৰ মাজভাগত এইবোৰক বাধা দিবলৈ আমেৰিকাই যোগান ধৰা F16 যুঁজাৰু বিমান ব্যৱহাৰ কৰিছিল ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ ভিতৰৰ স্থানত ৰাছিয়াই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা স্থানত আক্ৰমণৰ অনুমতি বিচাৰিছে পশ্চিমৰ মিত্ৰ দেশৰ পৰা । ইউক্ৰেইনে এতিয়ালৈকে আমেৰিকাৰ পৰা মাত্ৰ 6 খন F 16 বিমানহে লাভ কৰিছে ৷ দেশখনে কমেও 100 খন বিমান দাবী কৰিছে ।

F16 plane
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি (AP)

উল্লেখ কৰা প্ৰয়োজন যে, ইউক্ৰেইনত বিশ্বৰ আটাইতকৈ উন্নত যুঁজাৰু বিমান F 16 নিয়ন্ত্ৰণ কৰিব পৰা পাইলটৰ সংখ্যা কম । ইউক্ৰেইনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে বৃহস্পতিবাৰৰ আক্ৰমণৰ সময়ত এজন পাইলট নিহত হৈছে । ধ্বংসপ্ৰাপ্ত বিমানখন ৰাছিয়াই লক্ষ্য কৰি লৈছিল নেকি বা পাইলটৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল নেকি তাৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই ।

F 16 বিমানৰ বৈশিষ্ট্য: 1974 ত F 16 বিমানে প্ৰথমবাৰৰ বাবে আমেৰিকা বায়ুসেনাৰ সৈতে সেৱাত প্ৰৱেশ কৰে । আজিও F 16 ক বিশ্বৰ অন্যতম উন্নত যুঁজাৰু বিমান বুলি গণ্য কৰা হয় ৷ সময়ে সময়ে এই বিমানখনত সংযুক্ত কৰা উন্নতিৰ বাবে আজিও F 16 ক উন্নত বিমান বুলি গণ্য কৰা হয় । বাহ্যিক ৰূপৰ বিশেষ পৰিৱৰ্তন নহ’লেও উন্নত বৈশিষ্ট্য আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত F16 এতিয়াও আগৰণুৱা ।

F16 plane
F16 যুঁজাৰু বিমান (AP)

দশক দশক ধৰি যুদ্ধক্ষেত্ৰৰ পৰা লাভ কৰা অভিজ্ঞতা, শিক্ষাৰ ভিত্তিত বিমানখনৰ উন্নতি অহৰহ কৰা হৈছে । যদিও বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই যুদ্ধ বিমান নিৰ্মাণ কৰিছে, তথাপিও প্ৰকৃত যুদ্ধক্ষেত্ৰত দীৰ্ঘদিন উৰণৰ ক্ষমতা প্ৰমাণ কৰাত F 16 ৰ সমকক্ষ কোনো নাই ।

F16 plane
F16 যুঁজাৰু বিমান (AP)

অত্যাধুনিক ৰাডাৰ: বিমানখনত উৰণৰ সময়ত সম্ভাৱ্য বিপদৰ প্ৰতি নজৰ ৰাখিবলৈ 5ম প্ৰজন্মৰ ৰাডাৰ APG-83 সজ্জিত কৰা হৈছে । ই অহা মিছাইল বা বিমানৰ দূৰত্ব আৰু সামৰ্থ সঠিকভাৱে নিৰীক্ষণ কৰি পাইলটক সকীয়াই দিয়ে আৰু ডিজিটেল মেপ প্ৰস্তুত কৰি পাইলটক দিয়ে ।

বৰ্ধিত যুদ্ধক্ষেত্ৰ সজাগতা: শব্দৰ দুগুণ বেগত যাত্ৰা কৰিলে পাইলটে আক্ৰমণ কৰিবলৈ একো দেখা নাপায় । এই বিমানখনত স্থাপন কৰা চেন্সৰসমূহে লক্ষ্যসমূহ অনুসৰণ কৰে আৰু পাইলটক দৃশ্যমান মানচিত্ৰ হিচাপে প্ৰদৰ্শন কৰে । পাইলটৰ হেলমেটত থাকে মেপৰ ডিছপ্লেখন ।

পাইলটৰ বাবে সুৰক্ষা: বিশ্বৰ অভিজাত পুৰুষৰ ভিতৰত পাইলট অন্যতম । F 16 বিমান নিৰ্মাতা কোম্পানী লকহিড মাৰ্টিনে নিৰ্মাণ কৰা অটোমেটিক গ্ৰাউণ্ড কলিজিয়ন এভয়ডেন্স চিষ্টেম (Auto GCAS)য়ে পাইলটে নিয়ন্ত্ৰণ হেৰুৱালে বিমানখনক নিৰাপদে অৱতৰণ কৰাত সহায় কৰে । লকহিড মাৰ্টিনে নিজৰ অফিচিয়েল ৱেবছাইটত জনাইছে যে 2014 চনত কাৰ্যকৰী হোৱাৰ পিছত এই প্ৰযুক্তিয়ে বিমানৰ বিস্ফোৰণ 26 শতাংশ হ্ৰাস কৰিছে ।

অতুলনীয় অস্ত্ৰ একত্ৰীকৰণ: লকহিড মাৰ্টিনৰ মতে, F16 ত 180 ধৰণৰ অস্ত্ৰ কঢ়িয়াব পৰা যায় । লকহিড মাৰ্টিনে দাবী কৰিছে যে বৰ্তমানৰ পৃথিৱীত অস্তিত্ব থকা আন কোনো যুদ্ধ বিমানৰে এই ক্ষমতা নাই ।

F16 plane
F16 যুঁজাৰু বিমান (AP)

লক্ষণীয় যে, ইউক্ৰেইনে কেৱল বিশ্বৰ এনে এখন উন্নত বিমান হেৰুৱাই নহয়, এগৰাকী প্ৰশিক্ষিত পাইলটো হেৰুৱাইছে, যিটো সমগ্ৰ বিশ্বই নজৰ কৰিছে । ইউক্ৰেইনে আৰু 100 খন F 16 বিমানৰ বাবে অনুৰোধ জনোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ।

লগতে পঢ়ক: ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্ৰেইনত নিহত ৰয়টাৰৰ সদস্য - REUTERS JOURNALIST KILLED

দক্ষিণ কোৰিয়াৰ সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ F-16 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

ছুইডেনৰ নাটোত প্ৰৱেশত সঁহাৰি; আমেৰিকাই তুৰস্কক বিক্ৰী কৰিব এফ১৬ যুদ্ধ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.