ETV Bharat / state

কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী: হোটেলতে আবদ্ধ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি - UDAY BHANU CHIB HOUSE ARREST

গুৱাহাটীৰ হোটেলত নজৰবন্দী কৰি ৰখা হৈছে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি উদয় ভানু চিবক ।

Congress Protest
আটক যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 12:06 PM IST

Updated : Dec 20, 2024, 12:16 PM IST

গুৱাহাটী : প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদক লৈ যেন ত্ৰস্তমান হৈ পৰিছে মহানগৰ আৰক্ষী ! শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীক লৈ গুৱাহাটীত মহানগৰ আৰক্ষী যুদ্ধংদেহী ৰূপত অৱতীৰ্ণ হৈছে । বিশেষকৈ দিছপুৰৰ চৌদিশে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ইফালে কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল'বলৈ আহি গুৱাহাটীত আটক হৈছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ।

উদয় ভানু চিবক আটক

আটক যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি (ETV Bharat Assam)

কংগ্ৰেছৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীত ভাগ লৈ মৃত্যু হোৱা মৃদুল ইছলামৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ অহা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি উদয় ভানু চিবক গুৱাহাটীৰ এখন হোটেলত নজৰবন্দী কৰি ৰখা হৈছে ।

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শুকুৰবাৰে কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীতো অংশ লোৱাৰ কথা আছিল । যাৰ বাবে তাৰ পূৰ্বেই ৰাষ্ট্ৰীয় সভাপতিগৰাকী থকা গুৱাহাটীৰ হোটেলখনক আৰক্ষীয়ে ঘেৰি ৰাখিছে । মুঠতে তেওঁক কোনো কাৰণতে হোটেলৰ পৰা ওলাই যাবলৈ নিদিয়ে আৰক্ষীয়ে ।

হোটেলতে নজৰবন্দী কৰি ৰখা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক কাকো সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই । কোনো পৰিস্থিতিতে যাতে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী সফল হ'ব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে ।

জুবেইৰ আনম আৰু আৰক্ষীৰ বাক-বিতণ্ডা

ইফালে শুকুৰবাৰে পুৱা গুৱাহাটীৰ হোটেলত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সাক্ষাৎ কৰিবলৈ গৈছিল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম । কিন্তু আৰক্ষীয়ে তেওঁক সাক্ষাৎ কৰিবলৈ নিদিলে । তাকে লৈ জুবেইৰ আনম আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডা হয় ।

উল্লেখ্য যে সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য আৰু কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ প্ৰসংগ লৈ শুকুৰবাৰে কংগ্ৰেছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে । যাক লৈ সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী ।

দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি

উল্লেখ্য যে কংগ্ৰেছৰ বুধবাৰৰ প্ৰতিবাদৰ পাছতে গুৱাহাটী মহানগৰীত যাতে কোনো ধৰণৰ প্ৰতিবাদ হ'ব নোৱাৰে তাৰ বাবে বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে । তাৰ লগে লগে জনতা ভৱনৰ সন্মুখত আৰু আশে-পাশে মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী ।

গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰাৰ লগে লগে কোনো স্থানত সমৱেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক । প্ৰতিবাদ, ধৰ্ণা, শ্ল'গান আদি প্ৰদৰ্শনত বাধা আৰোপ কৰা হৈছে ।

ৰাজভৱন চলো কাৰ্যসূচী

বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ ৰাজভৱনলৈ যোৱা পথছোৱাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল । প্ৰতিবাদকাৰীৰ ব্যাপক ৰুদ্ৰমূৰ্তি আৰু আৰক্ষীৰ ব্যাপক সমৰসজ্জাৰ মাজত পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল । ব্যাপক উত্তেজনাৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল । যাৰ ফলত বহুসংখ্যক প্ৰতিবাদকাৰীকে ধৰি কেইবাগৰাকী সাংবাদিকো আহত আৰু অসুস্থ হৈছিল ।

আনহাতে কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যু হৈছিল প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক অধিবক্তা মৃদুল ইছলামৰ । প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।

প্ৰদেশ কংগ্ৰেছৰ মতে অত্যধিক কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে মৃদুল ইছলামৰ মৃত্যু হৈছিল । মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা লতাশিল থানাত এজাহাৰ দাখিল কৰা হৈছে । আদানীৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰ আৰু মণিপুৰৰ প্ৰসংগক লৈ কংগ্ৰেছ দলে দেশজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে প্ৰদেশ কংগ্ৰেছে বুধবাৰে এই ‘‘ৰাজভৱন চলো’’ কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শুকুৰবাৰে ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচীৰ আহ্বান কৰা হয় । লক্ষণীয় বিষয় যে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি দিছপুৰত কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে

লগতে পঢ়ক :সষ্টম আৰক্ষী ! দিছপুৰৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক - SECTION 163 IMPOSED IN GUWAHATI

Last Updated : Dec 20, 2024, 12:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.