ETV Bharat / state

চিৰাঙত বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালা - Folk culture workshop

Bodo traditional dance and music: চিৰাঙৰ শান্তিপুৰ ইউ এন একাডেমীত ছিফুং হাৰিমু আফাদৰ উদ্যোগত বড়ো জনগোষ্ঠীয় বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ দহদিনীয়া কৰ্মশালা । ৰৌমাৰীৰ সাংস্কৃতিক মঞ্চ ছিফুং হাৰিমু আফাদৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 5:06 PM IST

FOLK CULTURE WORKSHOP
চিৰাঙত বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালা (ETV BHARAT ASSAM)

চিৰাং, ৮ জুলাই: চিৰাঙৰ শান্তিপুৰ উপেন্দ্ৰনাথ ব্ৰহ্ম চমুকৈ ইউ এন একাডেমিত সোমবাৰৰ পৰা দহদিনীয়া কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ চিৰাং জিলাৰ ৰৌমাৰীৰ সাংস্কৃতিক মঞ্চ ছিফুং হাৰিমু আফাদৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ভাৰত চৰকাৰৰ নতুন দিল্লীৰ সংগীত নাটক একাডেমিয়ে এই বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালাৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে ।

বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বি টি আৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, চিৰাং জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীসহ কেইবাজনো বিশিষ্ট ব্যক্তি । কৰ্মশালাত চিৰাং জিলাৰ ভূটান সীমান্তৰ কেবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানসমূহত গৰম বন্ধ দিয়া হৈছে ৷ এই সময়ছোৱাত ছাত্ৰী-ছাত্ৰীসকলক ব্যস্ত ৰখাৰ লগতে জনগোষ্ঠীয় তথা অন্যান্য বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ দৰে পৰম্পৰাগত কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে প্ৰশিক্ষিত কৰাৰ উদ্দেশ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰে অংশ হিচাপে চিৰাঙৰ ৰৌমাৰীৰ সাংস্কৃতিক মঞ্চ ছিফুং হাৰিমু আফাদে আজিৰে পৰা এই কৰ্মশালাৰ আয়োজন কৰে ৷

ছিফুং হাৰিমু আফাদৰ কৰ্মকৰ্তা নন্দলাল বসুমতাৰীয়ে জানিবলৈ দিয়া মতে, বি টি চিৰ মুঠ দহ ঠাইত এই কৰ্মশালা আয়োজনৰ সিদ্ধান্ত লৈছিল ৷ ইতিমধ্যে পাঁচ ঠাইৰ কৰ্মশালাৰ সামৰণি পৰিছে ৷ তেওঁ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা উঠি অহা প্ৰজন্মক বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ প্ৰতি আকৰ্ষিত কৰা আৰু পাৰ্গত কৰি তোলাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: গোলাঘাটত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ সফল সামৰণি - Mising Gumrag

লগতে পঢ়ক: কৈৱৰ্ত জালকেওট জনগোষ্ঠীয় লোক-কৃষ্টিৰ কৰ্মশালা - Folk culture workshop

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.