ETV Bharat / state

মানুহ-বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতক লৈ তৎপৰ ডিব্ৰুগড়ৰ বন বিভাগ - workshop Man wildlife conflict

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 8:14 AM IST

Man wildlife conflict: মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত নিৰ্মূলক লৈ ডিব্ৰুগড়ৰ জকাইত কৰ্মশালা ৷ ডিব্ৰুগড় বন সংমণ্ডলে শতবর্ষ অতিক্ৰম কৰাক লৈ বন বিভাগৰ উদ্যোগত এই কৰ্মশালা ৷

Workshop by Dibrugarh forest department on Man-wildlife conflict
কৰ্মশালা (ETV BHARAT ASSAM)
বন বিষয়াৰ ভাষ্য (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 9 মে’ : ৰাজ্যখনৰ ভিতৰত বনজ আৰু খনিজাত সম্পদত চহকী এজন জিলা হ'ল ডিব্ৰুগড় । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অংশ বিশেষ ডিব্ৰুগড় জিলাত অৱস্থিত হোৱাৰ লগতে কেইবাখনো সংৰক্ষিত বনাঞ্চল আৰু সৰু সৰু বনাঞ্চল আছে । ডিব্ৰুগড় জিলাখনত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত দীৰ্ঘদিনীয়া ।

প্ৰতিবছৰে খোৱাং বিধানসভা সমষ্টি আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত বনৰীয়া হাতীয়ে খেতিয়ক ৰাইজক সমস্যাত পেলাই আহিছে । ইয়াৰ সমান্তৰালভাৱে জিলাখনত আছে নাহৰফুটুকীৰ ত্ৰাস । এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বহু সময়ত ডিব্ৰুগড় বন বিভাগ কিছু সফল হৈছে যদিও স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱা বুলি ক'ব পাৰি ।

ইয়াৰ মাজতে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতক লৈ তৎপৰ ডিব্ৰুগড় বন বিভাগ । কিয়নো ডিব্ৰুগড় বন সংমণ্ডলে অতিক্ৰম কৰিলে শতবর্ষ । শতবৰ্ষ অতিক্ৰম কৰা ডিব্ৰুগড় বন সংমণ্ডলে নিজৰ বিভাগৰ বন কৰ্মীসকলক অধিক উদ্যমী কৰি তুলিবলৈ চেষ্টা কৰিছে । যাতে বন বিভাগ সন্দৰ্ভত থকা ব্যৰ্থতাক লৈ থকা অভিযোগসমূহ কিছু হ'লেও নোহোৱা কৰিব পাৰে । সেয়ে বুধবাৰে এই শতবৰ্ষৰ লগত সংগতি ৰাখি জকাই উদ্ভিদ উদ্যানত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত পৰিচালনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত কৰে ডিব্ৰুগড় বন সংমণ্ডলে ।

ডিব্ৰুগড় জিলাত থকা বনাঞ্চলতসমূহত থকা বনৰীয়া হাতী আৰু নাহৰফুটুকীসমূহ কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াই । ইয়াৰ লগতে সৰ্প বিশেষজ্ঞ তথা প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক টিকেন্দ্ৰজিত গগৈয়ে বনকৰ্মীসকলৰ মাজত সাপ আৰু মানুহৰ সংঘাত আৰু ল'বলগীয়া সাৱধানতাসমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ।

এই কৰ্মশালাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া, উপ বন সংমণ্ডল বিষয়া, সহকাৰী বন সংমণ্ডল বিষয়াৰ লগতে আঞ্চলিক বন বিষয়াসকলৰ লগতে জকাই, তেলপানী, মধুপুৰ আদি বনাঞ্চলৰ খণ্ড বন বিষয়াসকলে । বন কৰ্মীসকলৰ মাজতে অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ পাচত ডিব্ৰুগড় জিলাখনত বন বিভাগটো কিমান কাৰ্যক্ষম হৈ উঠে সেয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Self Reliant Retired Teacher

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.