ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা চিকিৎসা শিবিৰতে জন্ম হ’ল সন্তান - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 9:03 PM IST

Assam Flood Situation : নৌকা চিকিৎসা শিবিৰতেই সন্তান জন্ম দিলে এগৰাকী মহিলাই ৷ গৰ্ভৱতী মহিলাগৰাকীক উদ্ধাৰ কৰি নাৱেৰে চিকিৎসালয়লৈ আনি থকা অৱস্থাত নাৱতেই ব্ৰহ্মপুত্ৰৰ বুকুত এটি সুস্থ-সবল কন্যা সন্তান জন্ম দিয়ে ৷

Assam Flood Situation
নৌকা চিকিৎসা শিবিৰতেই সন্তান জন্ম দিলে এগৰাকী মহিলাই (ETV BHARAT ASSAM)

মৰিগাঁও, 3 জুলাই : ৰাজ্যত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিচতেই দিগবিদিক হেৰুৱাইছে বন্যাৰ্তই ৷ হঠাতে অহা বানৰ ফলত প্ৰয়োজনীয় সামগ্ৰী টালি-টোপোলা বান্ধি নিৰাপদ তথা ওখ ঠাইলৈ যোৱাৰ বিপৰীতে একাংশ বন্যাৰ্ত এতিয়াও আবদ্ধ হৈ আছে ৷ খাদ্য সামগ্ৰী, ঔষধ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে উপযুক্ত চিকিৎসাৰ অভাৱত ভুগিছে বন্যাৰ্ত ৰাইজ ৷ বানৰ প্ৰকোপত পোহনীয়া জীৱ-জন্তুৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে বন্যাৰ্ত ৷ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযান আৰু সাহাৰ্য বিতৰণ অব্যাহত ৰাখিছে যদিও সেয়া পৰ্যাপ্ত নোহোৱাৰ অভিযোগ উঠিছে ৷ ইয়াৰ মাজতেই বুধবাৰে মৰিগাঁৱত নৌকা চিকিৎসা শিবিৰতেই সন্তান জন্ম দিলে এগৰাকী মহিলাই ৷

মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ খান্দখাইটি চৰৰ এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি নাৱেৰে ঝাৰগাঁও চিকিৎসালয়লৈ আনি থকা অৱস্থাত নাৱতেই ব্ৰহ্মপুত্ৰৰ বুকুত এটি সুস্থ-সবল কন্যা সন্তান জন্ম দিয়ে ৷ পৰৱৰ্তী সময়ত তেওঁক ঝাৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰৱল বানৰ মাজতে চিকিৎসক আৰু নাৰ্ছসকলৰ তৎপৰতাত ভৰা বহ্মপুত্ৰৰ মাজত সন্তান প্ৰসৱ কৰোৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে ৷ উল্লেখ্য যে মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সৰ্বসাধাৰণক স্বাস্থ্যসেৱা প্ৰদানৰ বাবে বিগত সোমবাৰৰ পৰা জিলাখনৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে ৷ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷

লগতে পঢ়ক : আহাৰমহীয়া বানৰ বিভীষিকা: ক্ষতিগ্ৰস্ত 11,34,446 লোক, মৃতকৰ সংখ্যা 38 লৈ বৃদ্ধি - ASSAM FLOOD 2024

বুধবাৰে জিলাখনৰ ঝাৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ খান্দখাইটি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত কেবাটাও চৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷ খান্দখাইটি চৰ, ফলিয়ামাৰি চৰ আৰু কৰৈগুৰি চৰত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত অৰ্ধশতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ তদুপৰি খান্দখাইটি চৰৰ এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি নাৱেৰে ঝাৰগাঁও চিকিৎসালয়লৈ আনি থকা অৱস্থাত তেওঁ নাৱতেই এটি সন্তান জন্ম দিয়ে ৷ জিলাখনৰ প্ৰতিখন চিকিৎসালয়তে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকল সষ্টম হৈ আছে আৰু বানাক্ৰান্ত এলেকাসমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থাপনা মজুত ৰখা হৈছে বুলি জনাইছে প্ৰশাসনে ৷

লগতে পঢ়ক : পানীৰ মাজতে ফটকাও ফুটিল-বেণ্ড পাৰ্টিয়েও ৰজনজনালে : কলৰ ভূৰত উঠি দৰাই নিলে কইনাক - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.