ETV Bharat / state

অনিৰ্দিষ্টকাললৈ চকাবন্ধ ঘোষণা ট্ৰেকাৰ-উইংগাৰ চালকৰ - Winger drivers strike

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 1:43 PM IST

Winger drivers strike : ট্ৰেকাৰ-উইংগাৰ চালক আৰু ই-ৰিক্সা চালকৰ মাজত সংঘাত ৷ অনিৰ্দিষ্টকাললৈ চকাবন্ধৰ কাৰ্যসূচী ট্ৰেকাৰ-উইংগাৰ চালক সমাজৰ ৷ সমস্যাৰ সন্মুখীন সাধাৰণ লোকৰ লগতে শিক্ষাৰ্থীসকল ।

winger drivers association of merapani has declared an indefinite strike; local people facing problems
অনিৰ্দিষ্টকাললৈ চকাবন্ধ ঘোষণা ট্ৰেকাৰ-উইংগাৰ চালকৰ (ETV Bharat Assam)

গোলাঘাট, 10 জুন: ই-ৰিক্সা চালকৰ অতপালি ৰোধৰ দাবীত মেৰাপানীৰ ট্ৰেকাৰ-উইংগাৰ চালক সমাজে সোমবাৰৰ পৰা গ্ৰহণ কৰিছে অনিৰ্দিষ্টকালীন চকাবন্ধৰ কাৰ্যসূচী । দেওবাৰে ফৰকাটিং ৰে’লৱে ষ্টেচনৰ সমীপত এগৰাকী উইংগাৰ চালকক ই-ৰিক্সা চালকৰ দলে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে উইংগাৰ, ট্ৰেকাৰ চালকসকল ।

অভিযোগ অনুসৰি, গোলাঘাট মেৰাপানী পথত যাত্ৰীবাহী বাহনসমূহত যাত্ৰী উঠোৱা-নমোৱা কৰাত বাধা প্ৰদান কৰি আহিছে ফৰকাটিঙৰ ই-ৰিক্সা চালকসকলে । অভিযোগ অনুসৰি পৰিবহন আইন উলংঘা কৰি ফৰকাটিঙৰ ই-ৰিক্সা চালকসকলে গোলাঘাট মেৰাপানী ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাই আহিছিল ৷ ইয়াৰ বিৰোধিতা কৰি আহিছিল মেৰাপানীৰ যাত্ৰীবাহী বাহনৰ চালকসকলে ।

এই কথাতে ক্ষুণ্ণ হৈ দেওবাৰে কণপিতৌ দাস নামৰ এজন উংইগাৰ চালকক ফৰকাটিং অঞ্চলৰ একাংশ ই-ৰিক্সা চালকে বেয়াকৈ মাৰধৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি ফৰকাটিং আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে মেৰাপানীৰ চালক সমাজে ।

ইফালে ফৰকাটিঙৰ ই-ৰিক্সা চালকৰ ভাবুকিত নিৰাপত্তাহীনতাত ভুগি সোমবাৰৰ পৰা কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত বহিছে স্থানীয় চালকসকলে । প্ৰশাসনে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা নকৰা পৰ্যন্ত গোলাঘাট-মেৰাপানী পথত যাত্ৰীবাহী ট্ৰেকাৰ-উইংগাৰৰ চলাচল বন্ধ হৈ থাকিব বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে মেৰাপানীৰ চালকসকলে ।

সমস্যাৰ সম্মুখীন স্থানীয় লোক

ট্ৰেকাৰ-উইংগাৰৰ চলাচল বন্ধ হোৱাৰ ফলত তীব্ৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে সাধাৰণ যাত্ৰীৰ লগতে শিক্ষাৰ্থীসকল । ইয়াৰ উপৰিও গোলাঘাট পৰিবহণ বিভাগে প্ৰয়োজনতকৈ অধিক ই-ৰিক্সাৰ অনুমতি প্ৰদান কৰাৰ ফলত গোলাঘাট নগৰৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া অঞ্চলসমূহত ব্যাপক যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে, একাংশ ধনী ব্যক্তিয়ে 5-10 খনকৈ ই-ৰিক্সা ক্ৰয় কৰি ভাড়াত দি ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী চালকসকলে । অৱশ্যে দুৰ্ভাগ্যজনকভাবে এইক্ষেত্ৰত পৰিবহণ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি জনায় তালক সমাজে ।

লগতে পঢ়ক: বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন - AASU PROTEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.