ETV Bharat / state

খালেক-নৰহ-ৰছিদ মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নেকি কংগ্ৰেছে ? দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া - APCC - APCC

Debabrata Saikia : লোকসভা নিৰ্বাচনৰ‌ সময়ত দলীয় শৃংখলা ভংগৰ অভিযোগ উত্থাপিত হৈছিল কংগ্ৰেছ নেতা আব্দুল খালেক, ভৰত নৰহ আৰু আব্দুল ৰছিদ মণ্ডলৰ বিৰুদ্ধে ৷ ইয়াক কেন্দ্ৰ কৰি কংগ্ৰেছৰ‌ ভিতৰচ়'ৰাত এতিয়া অব্যাহত আছে চৰ্চা ৷ এই সন্দৰ্ভত বিৰোধী দলপতি তথা কংগ্ৰেছৰ অনুশাসন সমিতিৰ অন্যতম সদস্য দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷

APCC
দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 4:57 PM IST

গুৱাহাটী, ১৬ জুলাই: বিগত লোকসভা নিৰ্বাচনৰ‌ সময়ত কংগ্ৰেছ নেতা আব্দুল খালেক, ভৰত নৰহ আৰু আব্দুল ৰছিদ মণ্ডলৰ বিৰুদ্ধে দলীয় শৃংখলা ভংগৰ অভিযোগ উত্থাপিত হৈছিল ৷ টিকটকেন্দ্ৰিক বিষয়ত দলত বিসম্বাদৰ আৰম্ভণি কৰা আব্দুল খালেক, ভৰত নৰহ আৰু ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল‌ হুছেইনৰ‌ বিৰুদ্ধে দলীয় শৃংখলা ভংগ কৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিব নেকি ? ইয়াক কেন্দ্ৰ কৰি কংগ্ৰেছৰ‌ ভিতৰচ’ৰাত এতিয়া অব্যাহত আছে চৰ্চা ৷

কংগ্ৰেছত দলীয় বিসম্বাদৰ অভিযোগ (ETV Bharat Assam)

এই সন্দৰ্ভত কংগ্ৰেছৰ অনুশাসন সমিতিৰ অন্যতম সদস্য দেবব্ৰত শইকীয়া কয় যে, অনুশাসন সমিতিখন নতুনকৈ গঠন কৰা হৈছে ৷ তিনিজনীয়া সমিতিখনৰ সোমবাৰে বৈঠক অনুষ্ঠিত হৈছিল ৷ উক্ত বৈঠকত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙো উপস্থিত থাকে ৷

লগতে পঢ়ক: পৃথিৱী বিখ্যাত ফেইল কৰিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Assam Flood 2024

সিঙে দিয়া পৰামৰ্শ অনুসৰি, এইক্ষেত্ৰত একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে ৷ দলৰ সংবিধান অনুসৰি, ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সিঙে পৰামৰ্শ দিয়ে ৷ তেওঁ কয় যে, অভিযোগ উত্থাপিত হোৱা‌সকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ’ব ৷ লগতে তেওঁলোকক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ দিয়া‌ হ'ব ৷ তাৰ‌পিচত ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ পিচত গ্ৰহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত ৷

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত থলুৱাক বঞ্চিত নকৰাৰ দাবী: ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ জৰিয়তে চাকৰি দিয়াৰ ক্ষেত্ৰত থলুৱাক বঞ্চিত নকৰাৰ বাবে দেবব্ৰত শইকীয়াই চৰকাৰক দাবী জনায় ৷

তেওঁ কয় যে, বিধানসভাৰ নিযুক্তি পৰ্যালোচনা সমিতিয়ে চৰকাৰক ৰাজ্য চৰকাৰৰ চাকৰিত থলুৱাক নিযুক্তি দিয়াৰ‌ বাবে পৰামৰ্শ দিছে ৷ যি পৰামৰ্শ কেবিনেটে লাভ কৰিছে ৷ গতিকে চৰকাৰে এই পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰয়োজন ৷

শইকীয়াই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অসমীয়া, বড়ো আৰু বঙালী ভাষাৰ বাহিৰে হিন্দী ভাষাত লিখাৰ ব্যৱস্থাটোৰ বিৰোধিতা কৰে ৷ তেওঁ কয় যে, হিন্দী ভাষাত পৰীক্ষা লিখাৰ সুবিধা দিয়াটো অসমৰ থলুৱাক বঞ্চিত কৰা হ’ব পাৰে ৷

লগতে পঢ়ক: পুনৰ অসম উত্তাল কৰাৰ হুংকাৰ অখিল গগৈৰ - CAA implementaion in Assam

সলনি হ’ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৰ্হি; বিবেচনা কৰিব মুখ্যমন্ত্ৰীয়ে - ADR Exams 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.