ETV Bharat / state

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব নে চৰাইদেউ মৈদাম ? - Charaideo Maidam

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 1:50 PM IST

Charaideo Maidam: ২১ জুলাইৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলন । এই সন্মিলনতে সিদ্ধান্ত হ'ব চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান দিয়া হ'ব নে নাই । কিন্তু কি এই চৰাইদেউ মৈদাম ?

Charaideo Maidam
বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব নে চৰাইদেউ মৈদাম (ETV Bharat)

মৰাণ, ২১ জুলাই : আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে এই চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন ইউনেস্কোত গ্ৰহণ কৰা পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন ।

Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat)

২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পাছতেই কেইবাবাৰো কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ সঞ্চালক প্রধান আৰু ইউনেস্কোৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰে চৰাইদেউ মৈদাম ক্ষেত্ৰ । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আজিৰে পৰা অৰ্থাৎ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলন । এই সন্মিলনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব । এই সন্মিলনত ভাৰতৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনা আছে বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat)

মৈদাম কি আৰু লোক বিশ্বাস :

অসমৰ ভিন্ন প্ৰান্তত সৰু বৰ ৰাজ শাসন কালৰ মৈদাম দেখিবলৈ পোৱা যায় । আন ঠাইৰ তুলনাত চৰাইদেউ জিলাত আটাইতকৈ বেছি মৈদাম দেখিবলৈ পোৱা গৈছে । এই মৈদামসমূহ মৃতকৰ সমাধিস্থল হিচাপে পৰিচিত । টাই-আহোম লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থৈ পৰম্পৰা ৰক্ষা কৰি আহিছে । ৰাজ শাসন কালৰ ৰজা, তেওঁৰ বংশৰ লোকৰ মৃত্যু হ'লে পুতি থোৱাৰ পাছতেই একোটাকৈ মৈদাম নিৰ্মাণ কৰা হৈছিল । সেই ধৰ্মীয় বিশ্বাস অনুসৰি টাই-আহোম সকলে মৈদামসমূহক পবিত্ৰ স্থান হিচাপে গণ্য কৰি আহিছে ।

Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat)

চৰাইদেউ মৈদামৰ ইতিহাস :

আহোম ৰাজ শাসনৰ আটাইতকৈ ওখ আৰু একেলগে বহু মৈদাম থকা ঠাইখিনিয়ে হ'ল চৰাইদেউ মৈদাম ক্ষেত্ৰ । ইতিহাসত উল্লেখ থকা অনুসৰি চৰাইদেউ মৈদাম হিচাপে পৰিচিত মৈদামসমূহ হৈছে ৰাজ-পৰিয়ালৰ সদস্যসকলক কবৰ দিয়া স্থান । আহোম ৰজা চাওলুং চুকাফাই নিজৰ শাসনকালত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল । তাৰ পাছৰে পৰা চৰাইদেউত আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ মৃতকৰ মৈদাম দিয়া হৈছে বুলি বুৰঞ্জীবিদ ডম্বৰুধৰ ৰাজকোঁৱৰে জানিবলৈ দিছে ।

Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat)

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ হিচাপে পৰিচিত মৈদাম ক্ষেত্ৰখন ৫৭৮ বিঘা ভূমিত ৪২ গৰাকী আহোম ৰজাৰ সমাধিস্থল আছে । ইয়াৰ উপৰিও চৰাইদেউ মৈদামৰ কাষত বিভিন্ন সৰু সৰু মৈদাম আছে যিসমূহ ৰজাৰ পৰিয়ালৰ সদস্যৰ সমাধিস্থল বুলি ধাৰণা কৰা হয় । বুৰঞ্জীবিদ ডম্বৰুধৰ ৰাজকোঁৱৰে জানিবলৈ দিয়া অনুসৰি এটা সময়ত অন্য ঠাইত আহোম ৰাজবংশৰ কোনো লোকৰ মৃত্যু হ'লেও চৰাইদেউলৈ আনি সমাধিস্থ কৰি মৈদাম স্থাপন কৰা হৈছিল । তেনেস্থলত আজিৰ দিনলৈকে সমগ্ৰ চৰাইদেউ জিলাখনত ১৫০ৰো অধিক মৈদাম উদ্ধাৰ কৰা হৈছে । অৱশ্যে পুৰাতত্ব বিভাগ আৰু বুৰঞ্জীবিদসকলে মৈদাম উদ্ধাৰ আৰু চিনাক্তকৰণৰ কাম কৰি থকা বুলি বুৰঞ্জীবিদগৰাকীয়ে জানিবলৈ দিয়ে ।

Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat)

চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ভিতৰত অধিক তথ্য সংগ্ৰহৰ বাবে বহুবাৰ খনন চলিছে । খননৰ সময়ত ৰাজ শাসনৰ সময়ত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পুৰাতত্ব বিভাগে । আহোম ৰাজ শাসনৰ সোণালী ইতিহাস স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে বিবেচিত কৰিবলৈ সকলোৱে দাবী জনাই আহিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে যদিও চৰাইদেউ মৈদাম চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ'ব নে শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হ'ব সেই কথা আজিও সিদ্ধান্ত ল'ব পৰা নাই । ২০১৫ চনত গঠন হোৱা চৰাইদেউ জিলাত চৰাইদেউ মৈদাম ক্ষেত্ৰ থাকিব লাগে বুলি চৰাইদেউ জিলাৰ ৰাইজে দাবী জনাই আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী ।

লগতে পঢ়ক :ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ সভাত চৰাইদেউ মৈদামক লৈ আলোচনাৰ সম্ভাৱনা - Charaideo Maidam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.