ETV Bharat / state

হাতী খেদিবলৈ আহিল কাজিৰঙাৰ ৰজা - WILD ELEPHANT SCARE IN BOKAKHAT

বোকাখাতত গেৰ ধৰা ধাননী তহিলং হাতীৰ জাকৰ । জনাঞ্চলত ত্ৰাস ওৰেটো দিন । হাতী খেদিবলৈ আহিল প্ৰাক্তন বিধায়ক জীতেন গগৈ ।

Wild elephant scare in Bokakhat
হাতী খেদিবলৈ আহিল কাজিৰঙাৰ ৰজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 9:48 AM IST

গোলাঘাট : বোকাখাতত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ । শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে গোটেই দিনটোতে উপদ্ৰৱ চলাই বন্যহস্তীয়ে । শাৰী শাৰী বনৰীয়া হাতীৰ লানি দেখা গ'ল জনাঞ্চলত । প্ৰতিটো শাৰীত ৫৯-৬০ টাকৈ হাতী । আছে ১০ টাৰো অধিক পোৱালি হাতী ।

নিশাৰ ভাগত হাতীৰ জাকটোৱে কুৰুৱাবাহীৰ বৃহত্তৰ খেতিপথাৰ তহিলং কৰে । গেঁৰ ধৰা ধান খাই পুৱালৈকে খেতি পথাৰত থাকিল হাতীৰ জাকটো । দিনত দিশ হেৰুৱাই জনাঞ্চললৈ ওলাই আহে হাতীৰ জাক জাকটোৱে কেইবা ঘন্টা ধৰি ত্ৰাসৰ সৃষ্টি কৰে ।

হাতী খেদিবলৈ আহিল কাজিৰঙাৰ ৰজা (ETV Bharat Assam)

ইফালে হাতী আঁতৰাই নিবলৈ নাহিল বন বিভাগৰ লোক । মানুহক নিয়ন্ত্ৰণ কৰিবলৈ নাহিল আৰক্ষী । শেহতীয়াকৈ এই ঘটনাৰ খবৰ পাই হাতী খেদিবলৈ আহিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈ । কাজিৰঙাৰ ৰজা বুলি একালত নিজকে ঘোষণা কৰা জীতেন গগৈৰ উপস্থিতিৰ খবৰ পাই বন বিভাগৰ লোকো তৰা-নৰা চিঙি উক্ত অঞ্চলত উপস্থিত হয় । ৰাইজৰ বিপদৰ সময়ত সেইঠাইলৈ নহা বন বিভাগৰ লোকক চোকা ভাষাৰে সমালোচনা কৰে গগৈয়ে ।

গগৈয়ে কয়, "জনাঞ্চলৰ মাজত বন্যহস্তীয়ে বিচৰণ কৰিছে আৰু বন বিভাগৰ লোক আৰু আৰক্ষী থকাটো অতিকৈ প্ৰয়োজন । কাৰণ যিকোনো মুহূৰ্তত হাতী ওলাই আহি কাৰোবাৰ ঘৰ-দুৱাৰ ভাঙিব পাৰে । ইফালে কণ কণ ল'ৰা ছোৱালীয়ে হাতী খেদিবলৈ ওলাই আহিছে এনে পৰিস্থিতিত মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে গতিকে প্ৰশাসনৰ মানুহ ইয়াত থাকিব লাগে ।"

তেওঁ লগতে কয়, "ইয়াৰ উপৰিও হাতী জাকটো ওলাই যাবলৈ পথ এটা উলিয়াই দিব লাগিব যিহেতু চাৰিওফালৰ পৰা হাতীখিনিক মানুহে ঘেৰি আছে । কিন্তু দুৰ্ভাগ্যজনক বিষয় যে বন বিভাগৰ লোক উপস্থিত নাই । লগতে নিশাৰ ভাগত হাতী খেদিবলৈ ভাল কাৰণ যি পথেৰে আহে সেই পথেৰে গুচি যায় কিন্তু দিনত অসুবিধা । গতিকে সকলোকে সহযোগ কৰিবলৈ আহ্বান জনালো যে হাতী জাকটো উলিয়াই পঠাবলৈ সহযোগ কৰক ।"

ইফালে উক্ত অঞ্চলৰ ৰাইজেও হাতীয়ে উপদ্ৰৱ চলোৱাৰ কথা গম পোৱাৰ পাচতো কিয় জীতেন গগৈ অহাৰ পাছতহে আহিব লগা হ'ল বুলি কৈফিয়ৎ বিচাৰে বনকৰ্মীক ।

লগতে পঢ়ক: মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বনকৰ্মীৰ

হাতী ক'ৰবাতে থাকিল, গুলী গৈ লাগিল খেলি থকা কণমানি ছাত্ৰৰ ভৰিতহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.