ETV Bharat / state

স্বস্তিৰ নিশ্বাস ! খোৱাঙত ১১ জাই গুলী ফুটাই খেদিলে ম'হ - Wild Buffalo terror in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 9:28 PM IST

Wild Buffalo terror in Assam: বনৰীয়া ম'হৰ বাবে ১১ জাঁইকৈ গুলী ফুটিল বন বিভাগৰ । খোৱাঙৰ কলৌলোৱাত ট্ৰেংকুলাইজ কৰিবলৈ যোৱা বন বিভাগে উপায়ন্তৰ হৈ ১১ জাঁ‌ইকৈ গুলী ফুটাই খেদি পঠিয়ালে ম'হ দুটাক ।

Wild buffaloes fired by forest department after firing bullets in Khowang
খোৱাঙত ১১ জাই গুলী ফুটাই খেদিলে ম'হ (ETV Bharat Assam)

ডিব্ৰুগড়,৭ আগষ্ট: বানৰ ভয়াবহতাৰ পাচতেই বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যপ্ৰাণীসমূহ । ডিব্ৰুগড়ৰ খোৱাঙত বনৰীয়া ম'হে আতংকময় পৰিৱেশ সৃষ্টি কৰিছে । খোৱাঙৰ বুঢ়ীখোৱাঙত দুটামান দিনৰ পূৰ্বে ইয়াৰে এটা বনৰীয়া ম'হে এজন লোকক আক্ৰমণ কৰি হত্যা কৰাৰ লগতে আন এজন লোকক গুৰুতৰভাৱে আহত কৰিছিল । ইয়াৰ পাচতেই বনৰীয়া ম'হৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছিল অঞ্চলটোৰ ৰাইজে ।

মঙলবাৰৰ পৰা ম'হ ধৰিবলৈ তৎপৰ হৈছে বন বিভাগ । কিন্তু মঙলবাৰৰ দিনটোত সফল হ'ব পৰা নাছিল বন বিভাগৰ বৃহৎ দলটো । খোৱাঙত নৰহত্যাকাৰী দুটাকৈ বনৰীয়া ম'হে পুনৰ নগুৰ-নাকটি কৰিলে বন বিভাগক । মঙলবাৰৰ পৰা বনৰীয়া ম'হ দুটাক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা চলাই থকা বন বিভাগে বুধবাৰৰ দিনটোত উপায়ন্তৰ হৈ ১১ জাঁ‌ইকৈ গুলী ফুটুৱাই ম'হ দুটাক খেদি পথাবলৈ বাধ্য হয় ।

বুধবাৰে পুৱাৰে পৰা বিয়লি পৰ্যন্ত ম'হ দুটাৰ সন্ধানত নামি পৰে বন বিভাগৰ লোক । এটা সময়ত খোৱাং কলৌলোৱা দেউৰী গাঁৱৰ এখন হাবিত প্ৰত্যক্ষ কৰে ম'হ দুটা । অতি দুৰ্গম এলেকাত থকা ম'হ দুটাক ট্ৰেংকুলাইজ কৰিবলৈ নাছিল কোনো সুবিধা । সেয়ে হাবিৰ মাজতে ১১ জাঁ‌ইকৈ গুলী ফুটুৱাই বুঢ়ীদিহিং নদীৰ কাষলৈ ম'হ দুটাক খেদি পঠিয়াবলৈ সক্ষম হয় বন বিভাগৰ লোক । পুনৰ ম'হ কেইটাই ৰাইজৰ মাজত যদি সন্ত্ৰাস চলাই পুনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে বন বিভাগে । পিচে বৰ্তমানো শংকামুক্ত নহয় খোৱাঙৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ ।

লগতে পঢ়ক: বনৰীয়া ম'হ ট্ৰেংকুলাইজ কৰিবলৈ আহি উভতি গ'ল বন বিভাগ - Wild Buffalo terror in Assam

ডিব্ৰুগড়ত বনৰীয়া ম'হৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ,গুৰুতৰভাৱে আহত এক - Wild Buffalo terror in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.