ETV Bharat / state

শিহৰণকাৰী ! পত্নীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ভুগিলে স্বামীয়ে - extra marital affair

Extra marital affair : বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ পত্নীয়ে গুপ্তাংগ কাটিলে স্বামীৰ । গুপ্তাংগ হেৰুৱাই কান্দোনত ভাঙি পৰিছে ভুক্তভোগী স্বামী ৷

wife cuts her husband's penis
শিহৰণকাৰী ! বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ভুগিলে স্বামীয়ে (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 7:23 PM IST

শিহৰণকাৰী ! বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ভুগিলে স্বামীয়ে (ETV BHARAT)

জনীয়া, 2 মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত গোনবিন্নাত অমানৱীয় কাণ্ড । পত্নীয়ে গুপ্তাংগ কাটিলে স্বামীৰ ।

ঘটনাৰ সবিশেষ অনুসৰি, স্বামী থকা স্বত্বেও ভুক্তভোগীৰ পত্নীয়ে যোৱা 17-18 বছৰ ধৰি বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হৈ আছিল ৷ এই প্ৰেমৰ কথা স্বামীয়ে উমান পাই পত্নীক শাসন কৰাৰ বাবেই কাল হ’ল স্বামীৰ ৷

স্বামীৰ ভাষ্য অনুসৰি, বিগত ১৮ বছৰ পূৰ্বে তেওঁ সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু বিয়াৰ পূৰ্বৰে পৰা ঘৰৰ সমীপৰে নুৰ মহম্মদ নামৰ এজন যুৱকৰ সৈতে পত্নীৰ অবৈধ সম্পৰ্ক আছিল ৷ এই সন্দৰ্ভত কেইবাবাৰো তেওঁলোকে সামাজিক মেল বহি মীমাংসা কৰিবলগীয়া হৈছিল ৷ তেওঁলোকৰ এটা 16 বছৰীয়া সন্তানো আছে ৷

ইয়াৰ পিচতে তেওঁৰ পত্নীয়ে নুৰ মহম্মদৰ লগত সম্পৰ্ক শেষ কৰা নাছিল ৷ দুয়োকে কেইবাবো হাতো-লোটে ধৰা পেলাইছিল স্বামীয়ে ৷ তাৰ পিচতো পত্নীয়ে নিজক শুধৰুৱা নাছিল ৷

এই সন্দৰ্ভতেই বুধবাৰে দিনৰ ভাগত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল ৷ পত্নীয়ে প্ৰায়েই স্বামীগৃহ এৰি মাতৃগৃহলৈ গুচি গৈছিল ৷ এইবাৰো স্বামীয়ে পত্নীক এই কথা লৈ সোধা-পোছা কৰোতে খঙত অগ্নিশৰ্মা হৈ পত্নীৰ পৰিয়ালৰ লোকে তেওঁক মাৰিবলৈ উদ্যত হৈছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগীগৰাকীয়ে ।

তাৰ পিচতে সন্ধিয়া পত্নীয়ে এখন ব্লেড আনি স্বামীৰ গুপ্তাংগ কটাৰ পৰিকল্পনা কৰে ৷ এই ঘটনাত পত্নীৰ বৌৱেক আৰু ভাতৃও জড়িত আছে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী স্বামীয়ে ৷ নিশা প্ৰায় ২ বজাত স্বামীয়ে টোপনিত থকা অৱস্থাত পত্নীয়ে স্বামীৰ দুই ভৰি বান্ধি গুপ্তাংগ কাটি ছেদ কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগী স্বামীয়ে । লগে লগে লোকজনে চিঞৰ-বাখৰ কৰি নিজ পিতৃলৈ ফোন কৰি ঘটনাৰ সবিশেষ জনায় ৷

ভুক্তভোগীৰ পিতৃয়ে ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত লোকজনক উদ্ধাৰ কৰি কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে । দোষী পত্নীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনায় স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: খেলি থাকোতেই ভৰি পিছল খাই পৰিল নৈত ! - 3 YR CHILD DIES BY DROWNING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.