ETV Bharat / state

৫ ছেপ্টেম্বৰত কিয় পালন কৰা হয় শিক্ষক দিৱস ? - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 11:12 AM IST

Teachers Day 2024 : শিক্ষাক কোৱা হয় এগৰাকী ব্যক্তিৰ তৃতীয় নয়ন । আৰু যিসকলে জ্ঞান বন্তিৰে এগৰাকী ব্যক্তিৰ তৃতীয় নয়ন প্ৰদীপ প্ৰজ্জ্বলিত কৰে তেওঁলোকেই হৈছে শিক্ষক । শিক্ষক এক সাধাৰণ শব্দ নহয়, ই হৈছে ব্যক্তিত্ব বিকাশৰ অন্যতম উপাদান । সমাজ গঠনত শিক্ষকৰ ভূমিকা অপৰিসীম । জ্ঞানচক্ষুৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশি পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষক সমাজে । সেয়ে শিক্ষকসকলৰ এই মহান সামাজিক দায়িত্ববোধক সন্মান প্ৰদৰ্শনৰ বাবেই আজিৰ এই বিশেষ দিনটো উদযাপন কৰা হয় ।

Teachers Day 2024
৫ ছেপ্টেম্বৰত কিয় পালন কৰা হয় শিক্ষক দিৱস ? (ETV Bharat File Photo)

তেজপুৰ, ৫ ছেপ্টেম্বৰ : শিক্ষা হৈছে জীৱনৰ এক অবিচ্ছেদ্য অংগ । আনহাতে, এগৰাকী শিক্ষক অবিহনে জীৱনত কোনেও সাৰ্থকতা লাভ কৰিব নোৱাৰে । প্ৰতিগৰাকী ব্যক্তিৰে বিভিন্ন পৰ্যায়ত, বিভিন্ন পৰিস্থিতিত বিভিন্নজন শিক্ষক বা গুৰু থাকে । অৱশ্যে আমি আনুষ্ঠানিক শিক্ষকসকলকহে স্বীকৃতি প্ৰদান কৰো আৰু এইসকল শিক্ষকৰ সন্মানৰ বাবেই ৫ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় ।

সমগ্ৰ দেশৰ লগতে অসমতো আজি উদযাপন কৰা হৈছে ৬৩ সংখ্যক শিক্ষক দিৱস । দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ জন্মদিনটো দেশৰ শিক্ষক সমাজৰ বাবে উছৰ্গা কৰি তেওঁৰ লগতে মহান শিক্ষক সমাজক শ্ৰদ্ধা নিবেদনৰ বাবে এই দিৱসটো উদযাপন কৰা হয় ।

  • ৫ ছেপ্টেম্বৰ :

৫ ছেপ্টেম্বৰ হৈছে বিশিষ্ট পণ্ডিত, দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী । তেওঁৰ জন্মদিনটোতেই এই দিৱস পালন কৰা হয় । আমাৰ জীৱনত শিক্ষকৰ ভূমিকা আৰু গুৰুত্বক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । শিক্ষকসকল কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ বাহকেই নহয়, তেওঁলোক হৈছে দেশৰ ভৱিষ্যৎ নাগৰিকসকলৰ দিক-নিৰ্দেশক । এই কামত তেওঁলোক সদায় ব্ৰতী হৈ আহিছে ।

শিক্ষক দিৱসৰ তাৎপৰ্য কেৱল শিক্ষকসকলক সন্মান জনোৱাতে সীমাবদ্ধ নহয়, তেওঁলোকৰ অদম্য প্ৰচেষ্টা, কৰ্তব্য নিষ্ঠা আৰু অটল মনোবলৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয় । শিক্ষকসকলে আমাৰ মন-মগজুৰ গঢ় দিয়ে, আমাৰ সপোনক বাস্তৱত পৰিণত কৰাত সহায় কৰে আৰু তেওঁলোকৰ জ্ঞান আৰু যত্নৰে আমাৰ ভৱিষ্যৎ গঢ়ি তোলে ।

সমগ্ৰ জীৱনজুৰি আনক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰে শিক্ষকসকলে । সেয়ে শিক্ষক দিৱসৰ দিনা এইসকল নীৰৱ সেৱক, জ্ঞানৰ খনিকৰ, সমাজৰ অভিভাৱকক শ্ৰদ্ধা জনাবলৈ বিভিন্ন অনুষ্ঠান আৰু উৎসৱৰ আয়োজন কৰা হয় । এই দিনটোতে শিক্ষাৰ ক্ষেত্ৰত জড়িত থাকি জ্ঞানচক্ষু দান কৰা দেশৰ লগতে ৰাজ্যৰ কীৰ্তি শিক্ষকসকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰা হয় ।

লগতে পঢ়ক :শিক্ষক দিৱস; জ্ঞানচক্ষু দানকৰ্তাসকলক শ্ৰদ্ধা জনাওঁ আহক - TEACHERS DAY 2024
  • ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত । তেওঁ আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, ৰাষ্ট্ৰনেতা তথা শিক্ষাবিদ । শিক্ষাৰ শক্তি আৰু আমাৰ জীৱন গঢ় দিয়াত শিক্ষকৰ ভূমিকাক বিশ্বাস কৰা এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল ৰাধাকৃষ্ণন । তেওঁৰ মতে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াত শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

ৰাধাকৃষ্ণনে শিক্ষাৰ পৰিৱৰ্তনশীল শক্তিত বিশ্বাস কৰিছিল আৰু শিক্ষক বৃত্তিক তেওঁ যথেষ্ট সন্মান কৰিছিল । ১৯৫২ চনত ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ইয়াৰ পিচত দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত হয় ।

ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ কিছুমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অনুৰাগীয়ে ৫ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল । কিন্তু ইয়াৰ উত্তৰত মহান পণ্ডিতগৰাকীয়ে কৈছিল, "মোৰ জন্মদিনৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় তেন্তে সেয়া মোৰ সৌভাগ্য হ'ব ।" সেয়েহে ৫ ছেপ্টেম্বৰৰ দিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ।

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ শৈক্ষিক আৰু ৰাজনৈতিক পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছিল । ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত থকা জ্ঞানৰ বাবে তেওঁক গভীৰভাৱে সন্মান জনোৱা হয় । ৰাধাকৃষ্ণনে তেওঁৰ জীৱনকালত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন আৰু ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অব মেৰিটৰ সন্মানীয় সদস্যপদকে ধৰি কেইবাটাও বঁটাৰে বিভূষিত হৈছিল ।

শিক্ষক দিৱসত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু শিক্ষা আৰু শিক্ষকৰ শক্তিৰ ওপৰত তেওঁৰ বিশ্বাসক স্মৰণ কৰা হয় । সেয়েহে শিক্ষা আৰু দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ প্ৰতি সকলোৱে শ্ৰদ্ধাঞ্জলি জনায় আৰু শিক্ষকসকলক তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হয় ।

  • কোন আছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন :

১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তাহানিৰ মাদ্ৰাজত জন্ম হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ । এগৰাকী প্ৰখ্যাত শিক্ষক ডঃ ৰাধাকৃষ্ণনে কলিকতা বিশ্ববিদ্যালয় আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ এগৰাকী প্ৰখ্যাত লেখক আছিল আৰু সমগ্ৰ আমেৰিকা আৰু ইউৰোপত বক্তৃতাৰ জৰিয়তে আন্তঃসাংস্কৃতিক ভাবধাৰাৰ প্ৰসাৰ ঘটাইছিল ।

১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাধাকৃষ্ণন আছিল একেধাৰে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, দাৰ্শনিক আৰু ৰাষ্ট্ৰনেতা । ইয়াৰ পূৰ্বে ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ৰাধাকৃষ্ণনে ১৯৩৯ চনৰ পৰা ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চতুৰ্থ উপাচাৰ্য আৰু ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয়গৰাকী উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ৰাধাকৃষ্ণনক কুৰি শতিকাৰ তুলনামূলক ধৰ্ম আৰু দৰ্শনৰ অন্যতম প্ৰভাৱশালী আৰু বিশিষ্ট পণ্ডিত হিচাপে গণ্য কৰা হয় ।

১৯২১ চনৰ পৰা ১৯৩২ চনলৈকে তেওঁ কলিকতা বিশ্ববিদ্যালয়ত মানসিক আৰু নৈতিক বিজ্ঞানৰ পঞ্চম জৰ্জৰ অধ্যক্ষ আৰু ১৯৩৬ চনৰ পৰা ১৯৫২ চনলৈকে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ইষ্টাৰ্ণ ৰিলিজিঅ'ন এণ্ড এথিক্সৰ স্পাল্ডিং অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

সেই সময়ত সমসাময়িক বুজাবুজিৰ বাবে এই পৰম্পৰাৰ পুনৰ ব্যাখ্যা কৰি ৰাধাকৃষ্ণনৰ দৰ্শন অদ্বৈত বেদান্তৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল । তেওঁ ‘‘অজ্ঞাত পশ্চিমীয়া সমালোচনা’’ বুলি কোৱাৰ বিৰুদ্ধে হিন্দু ধৰ্মক ৰক্ষা কৰিছিল ৷ যাৰ ফলত সমসাময়িক হিন্দুৰ পৰিচয় গঠনত অৰিহণা যোগাইছিল ।

ৰাধাকৃষ্ণনে তেওঁৰ জীৱনকালত কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিছিল । ইয়াৰ ভিতৰত ১৯৩১ চনত নাইট হুড, ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন, ১৯৬৩ চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অব মেৰিটৰ সন্মানীয় সদস্যপদ অন্যতম । ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে ‘‘শিক্ষকসকল দেশৰ শ্ৰেষ্ঠ মনৰ হ'ব লাগে’’ । এইগৰাকী মহান শিক্ষাবিদৰ ১৯৭৫ চনৰ ১৭ এপ্ৰিলত দেহাৱসান ঘটে ।

লগতে পঢ়ক :মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ - TEACHERS DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.