ETV Bharat / state

অসমত কিয় ব্যৰ্থ প্লাষ্টিক পথ নিৰ্মাণ প্ৰকল্প ? দৈনিক ২ লাখ কিলো বৰ্জিত প্লাষ্টিক সৃষ্টি হোৱা অসমত নাই পৰিশোধনৰ প্ৰযুক্তি - PLASTIC ROAD CONSTRUCTION PROJECT

গোৱালপাৰাত ২০১৮-১৯ চনত পথ নিৰ্মাণৰ ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক উৎপাদন কৰাৰ‌ বাবে ক্ৰয় কৰা যন্ত্ৰ আজিও নহ'ল কাৰ্যক্ষম ।

Plastic Road in Assam
অসমত নাই পৰিশোধনৰ প্ৰযুক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 3:10 PM IST

Updated : Nov 26, 2024, 4:43 PM IST

গুৱাহাটী : সম্প্ৰতি প্লাষ্টিকৰ সামগ্ৰী যিধৰণে বৃদ্ধি পাইছে ঠিক সেইদৰে বৰ্জিত প্লাষ্টিকে আমাৰ পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অপৰিশোধনযোগ্য বৰ্জিত প্লাষ্টিকে মানৱ‌ সমাজলৈ কঢ়িয়াই আনিছে প্ৰত্যাহ্বান । এই বৰ্জিত প্লাষ্টিকক এক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি । বৰ্জিত প্লাষ্টিকক বিজ্ঞানসন্মত অভিযান্ত্ৰিক কৌশল খটুৱাই পথ নিৰ্মাণ কৰা প্ৰযুক্তি উদ্ভাৱন হৈছে ।

বিভিন্ন দেশত এই‌ প্ৰযুক্তি বিশেষ সফল হৈছে । ভাৰততো এই প্ৰযুক্তি প্ৰয়োগ হৈছে । অসমত গোৱালপাৰা জিলাত এই প্ৰযুক্তিৰ প্ৰথম ব্যৱহাৰ হৈছিল । বৰ্জিত প্লাষ্টিকেৰে গোৱালপাৰা জিলাত পথ নিৰ্মাণৰ নিদৰ্শন দাঙি ধৰা হৈছিল যদিও অন্য জিলাত এই প্ৰযুক্তি সফলতা লাভ কৰিব পৰা নাই । এই সন্দৰ্ভত গোৱালপাৰা জিলাত বৰ্জিত প্লাষ্টিকৰে পথ নিৰ্মাণত বিশেষভাৱে আগভাগ লোৱা আৰু অভিযান্ত্ৰিক অধ্যয়ন আৰু কাৰিকৰী পৰামৰ্শ আগবঢ়োৱা লোক নিৰ্মাণ বিভাগৰ অভিজ্ঞ অভিযন্তা ৰাজীৱ দাসে আগবঢ়ালে ব্য়াখ্য়া ।

কি এই প্লাষ্টিক টেকনোল'জি :

২০১৭-১৮ চনত অসমৰ গোৱালপাৰা জিলাত প্ৰথমবাৰৰ বাবে বৰ্জিত প্লাষ্টিকৰে পথ নিৰ্মাণৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল । এই সন্দৰ্ভত অভিযন্তা ৰাজীৱ দাসে কয়,"প্লাষ্টিকৰ পথ সাধাৰণতে বৰ্জিত পলিথিন‌ বেগ,পেলনীয়া কাপ,বটল আদিৰ পৰা নিৰ্মাণ কৰা‌ হয় । আচলতে মানুহৰ ভুল ধাৰণা আছে যে গোটেই ৰাস্তাটো প্লাষ্টিকৰে নিৰ্মাণ কৰা হয় । সেয়া ভুল ধাৰণা । "

তেওঁ কয়," বৰ্জিত প্লাষ্টিকৰে পথ নিৰ্মাণৰ প্ৰকল্পৰ ক্ষেত্ৰত অপৰিশোধন প্লাষ্টিকৰ প্ৰয়োজন । পথ নিৰ্মাণত ব্যৱহাৰ হোৱা মুঠ বিটুমিনৰ ঠাইত ১০ শতাংশ অপৰিশোধন প্লাষ্টিক ব্যৱহাৰ কৰা হয় । এই অপৰিশোধন প্লাষ্টিক ৫০ মাইক্ৰনৰ কম হ'ব লাগিব । ইয়াক ১০ ৰ‌ পৰা ১৫ মিলিমিটাৰ আকাৰলৈ পৰিশোধন‌ কৰা হয় । এই প্লাষ্টিকখিনি ১৬৫ ডিগ্ৰী আৰু বিটুমিনক ১৬০ ডিগ্ৰী উত্তাপ দি সংমিশ্ৰণ কৰা হয় । পিছত এই সংমিশ্ৰণখিনিক ১১০ পৰা‌ ১২০ ডিগ্ৰী উত্তাপ দি পথত প্ৰলেপ দি পথ নিৰ্মাণ কৰা হয় । "

প্লাষ্টিক টেকনোল'জিৰ সুফল:

এই সন্দৰ্ভত অভিযন্তা ৰাজীৱ দাসে কয়," প্ৰথম কথাত এই প্ৰযুক্তি পৰিৱেশ অনুকূল । এনেদৰে পথ নিৰ্মাণ কৰিলে ক্ৰমাৎ বৃদ্ধি হৈ অহা বৰ্জিত প্লাষ্টিকৰ বোজা হ্ৰাস হ'ব । এই প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত পথ নিৰ্মাণত ১০ শতাংশ বিটুমিনৰ ব্যৱহাৰ হ্ৰাস কৰিব । পথটো দীৰ্ঘস্থায়ী হোৱাৰ লগতে পথটো উন্নত হয় । পানী প্ৰৱেশ কৰি নোৱাৰাৰ বাবে পথটো বেছিদিন ভালে থাকে ।"

অসমৰ ক'ত নিৰ্মাণ হৈছে এই প্লাষ্টিক পথ ?

এই প্ৰকল্প ২০১৭-২০১৮ চনতে অসমত আৰম্ভ হৈছিল যদিও বিশেষ সম্প্ৰসাৰণ হোৱা‌ নাই ।‌ কেৱল গোৱালপাৰ জিলাতে এই প্ৰকল্প সফল‌ হৈছে বুলি ক'ব পাৰি ।‌ এই‌ সন্দৰ্ভত অভিযন্তা ৰাজীৱ দাসে কয়," গোৱালপাৰা জিলাত এই প্ৰকল্প সফল হৈছে । গোৱালপাৰা জিলাত এই প্ৰযুক্তিৰে কেবাটাও গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰা হৈছে । এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ।"

তেওঁ কয়," গোৱালপাৰাৰ‌ বাহিৰে কামৰূপ জিলাত এই প্ৰযুক্তি ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল । মন কৰিবলগীয়া যে এই প্ৰকল্প আন জিলাত সম্প্ৰসাৰণ নহ'ল । লোক নিৰ্মাণ বিভাগৰ তথ্য মতে, ২০১৮ চনত গোৱালপাৰা জিলাত SOPD-G আৰু PMGSY ৰ অধীনত প্লাষ্টিক প্ৰযুক্তিৰে ৯৩.৯৬ কিলোমিটাৰ পথ নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল । ২০২১ চনৰ ভিতৰত এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় । এই পথ নিৰ্মাণৰ বাবে ২২১২.৫০ লাখ টকা ব্যয় ‌হৈছিল ।"

অসমত কিয় সফল‌ হোৱা নাই এই প্ৰযুক্তি ?

এই সন্দৰ্ভত অভিযন্তা ৰাজীৱ দাসে কয়," অসমত প্লাষ্টিকৰ পথ নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় প্লাষ্টিক নাই । কাৰণ অসমত বৰ্জিত প্লাষ্টিক পোৱা যায় যদিও এতিয়ালৈকে এই বৰ্জিত প্লাষ্টিক পৰিশোধন কৰি পথ নিৰ্মাণৰ ব্যৱহাৰ কৰিবলগীয়া এইধৰণৰ প্লাষ্টিক উৎপাদনৰ ব্যৱস্থা নাই । গুজৰাটৰ চুৰাটৰ পৰা এই প্লাষ্টিক আমদানি কৰা হয় । প্ৰতি কিলোগ্ৰাম এই প্লাষ্টিকৰ দাম ৩২ টকাৰ পৰা ৩৩ টকা পৰ্যন্ত । এতিয়া এই দাম বৃদ্ধি পাইছে । যাৰ বাবে ঠিকাদাৰসকল এই প্ৰযুক্তি ব্যৱহাৰ কৰি পথ নিৰ্মাণত ইচ্ছুক নহয় ।‌ কাৰণ এই পথ নিৰ্মাণত সময়ৰ প্ৰয়োজন হয় । কাৰিকৰী জ্ঞান থকা শ্ৰমিকৰ প্ৰয়োজন হয় । "

অসমত কিমান উৎপাদন হয় বৰ্জিত প্লাষ্টিক ?

অসমত বৰ্জিত প্লাষ্টিকৰ ক্ষেত্ৰত Environ নামৰ এটা সংস্থাই অধ্যয়ন কৰিছিল । উল্লেখ্য যে খাদ্য-সামগ্রী পেকেজিং কৰাৰ বাবে ৩৫ শতাংশ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় । সম্প্রতি প্লাষ্টিকৰ দ্বাৰা নির্মিত কাপ, বটল,খাদ্যৰ পেকেট আদি সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে । কিন্তু প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ বিপৰীতে বৰ্জিত প্লাষ্টিকৰ নিষ্কাষণ কৰাটো প্ৰত্যাহ্বান হিচাপে দেখা দিছে । পুৰি পেলোৱা প্লাষ্টিকৰ পৰা বিষাক্ত গেছ নির্গত হয় । এনেদৰে প্লাষ্টিকে পৰিবেশ দূষিত কৰাৰ লগতে মানুহ তথা অন্যান্য জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

কেইবছৰমান পূৰ্বে উত্তৰ প্ৰদেশৰ এখন গাঁৱত প্লাষ্টিকৰ বেগ ভক্ষণ কৰাৰ বাবে ১০০টা গৰুৰ মৃত্যু হৈছিল । ২০০৮ চনত মুম্বাইত হোৱা ভয়াবহ কৃত্রিম বানপানীৰ বাবে নলাত জমা হোৱা বর্জিত প্লাষ্টিকৰ বেগ আৰু বটলবোৰক দায়ী কৰা হৈছিল । উল্লেখ্য যে দেশৰ মহানগৰীসমূহত সম্প্রতি বৰ্জিত প্লাষ্টিকৰ সামগ্ৰীয়ে জটিল সমস্যাৰ সৃষ্টি কৰিছে । দেশৰ ভিতৰত দিল্লীত সর্বাধিক বর্ণিত প্লাষ্টিকৰ সামগ্ৰী সৃষ্টি হয় । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী মহানগৰীত সর্বাধিক বৰ্জিত প্লাষ্টিকৰ সামগ্রী সৃষ্টি হয় । Environ চলোৱা সমীক্ষা মতে, অসম তথা গুৱাহাটীত বৰ্ধিত প্লাষ্টিকৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।

সংস্থাৰ সভাপতি ড৹ অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত ২০১৮ ত চলা এক সমীক্ষাত স্পষ্ট হৈছে যে অসমত দৈনিক ২৯৯০০০ কিলোগ্ৰাম বৰ্জিত প্লাষ্টিক সৃষ্টি হোৱাৰ বিপৰীতে গুৱাহাটীত দৈনিক ৩৭০০০ কিলোগ্ৰাম বৰ্জিত প্লাষ্টিক সৃষ্টি হয় । কিন্তু অসমত বৰ্জিত প্লাষ্টিক পৰিশোধন কৰা দূৰৈৰ কথা জাৱৰ পৰিশোধন কৰাৰ ব্যৱস্থা নাই । উল্লেখ্য যে গোৱালপাৰা পৌৰ সভাই‌ ২০১৮-১৯ চনত বৰ্জিত প্লাষ্টিক পৰিশোধন কৰি পথ নিৰ্মাণৰ ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক উৎপাদন কৰাৰ‌ বাবে ৫,৫০,৪৭০ টকাৰ মেছিন ক্ৰয় কৰিছিল । কিন্তু এই মেছিন ইণ্ডোৰৰ পৰা গোৱালপাৰালৈ আহিল যদিও কাৰ্যক্ষম নহ'ল ।

লগতে পঢ়ক:উৰণ সেতু নিৰ্মাণত অঘটন, খহি পৰিল পথৰ বৃহৎ অংশ

অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, টাৱাং সংযোগী পথত যান-বাহন আৱদ্ধ - Landslide in Arunachal pradesh

Last Updated : Nov 26, 2024, 4:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.