ETV Bharat / state

কোনে অর্জন কৰিলে 'বিহু সম্ৰাজ্ঞী ২০২৪ বর্ষ'ৰ খিতাপ ? - Guwahati Bihu Sanmilani - GUWAHATI BIHU SANMILANI

Guwahati Bihu Sanmilani: ৰাজ্যৰ হাজাৰ হাজাৰ বিহুৱতীৰ সপোনৰ খিতাপ 'বিহু সম্ৰাজ্ঞী ২০২৪' আঁজুৰি আনিলে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই । খিতাপ লাভ কৰি আবেগিক হৈ পৰে শিৰোশ্ৰী শইকীয়া ।

Latasil Bihu Samragi 2024
বিহু সম্ৰাজ্ঞী ২০২৪
author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 8:55 AM IST

Updated : Apr 17, 2024, 11:21 AM IST

বিহু সম্ৰাজ্ঞী ২০২৪

গুৱাহাটী, ১৭ এপ্ৰিল: অন্ত পৰিল ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা গুৱাহাটী বিহু সন্মিলনীৰ । সমান্তৰালকৈ ঘোষণা হ'ল ৭৩ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৪ ৷ কেইবাগৰাকীও প্ৰতিদ্বন্দ্বীৰ মাজৰ পৰা এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ খিতাপ আঁজুৰি আনিলে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই । বছৰজোৰা সাধনাৰ পাছত ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জনৰ সপোন লৈ ৭ গৰাকী বিহুৱতীয়ে অংশ লৈছিল এই কঠোৰ প্ৰতিযোগিতাত ।

৭২সংখ্যক লতাশিল বিহুৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষাৰাণী বৰগোঁহাইয়ে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াৰ শিৰত পিন্ধায় চলন্ত মুকুট ৷ লগতে শিৰোশ্ৰীক প্ৰদান কৰা হয় এটি স্থায়ী মুকুট । ইয়াৰোপৰি, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ টকা , ১০ গ্ৰাম সোণৰ মুদ্ৰা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিন, নেমকেয়াৰৰ পৰা সংস্থাপনৰ প্ৰস্তাৱ আৰু বহু উপহাৰৰে উপচাই পেলোৱা হয় বিহু সম্ৰাজ্ঞীগৰাকীক ।

ইফালে এইবাৰৰ বিহু ৰাণীৰ খিতাপ অর্জন কৰে ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইয়ে । বিহুকুঁৱৰীৰ খিতাপ অর্জন কৰে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে । বিহু ৰাণীৰ খিতাপ দখল কৰা পাহাৰী বুঢ়াগোহাঁক চলন্ত ৰূপৰ মুকুটৰ লগতে প্ৰদান কৰা হয় নগদ ৫১হাজাৰ টকা, এটা ট্ৰফী, ৫ গ্ৰাম সোণৰ মুদ্ৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলা । লগতে শ্ৰেষ্ঠ বিহু কুঁৱৰীৰ ঋতুপৰ্ণা দাসক প্ৰদান কৰা হয় নগদ ৩১হাজাৰ টকা, এটা ট্ৰফী, ৫ গ্ৰাম সোণৰ মুদ্ৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলা । বহু হাজাৰ দৰ্শকৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখন ।

ইফালে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান অর্জন কৰে চিৰঞ্জীৱ বৰ্মনে । বঁটাত আছে চলন্ত শৰাই আৰু নগদ ১০ হাজাৰ টকা । শ্ৰেষ্ঠ পেঁপুৱৈৰ সন্মান অর্জন কৰে যদুমনি গগৈয়ে । বঁটাত আছে এটি চলন্ত বঁটা আৰু নগদ ১০ হাজাৰ টকা ।

উল্লেখ্য যে, প্ৰথমখন মঞ্চ বিহু বুলিলেই সকলোৰে মনলৈ আহে লতাশিলত অনুষ্ঠিত হোৱা এই বিহুখনৰ কথাই ৷ ১৯৫২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত কেইগৰাকীমান পুৰোধা ব্যক্তিয়ে বিহুক প্ৰথমবাৰৰ বাবে মঞ্চলৈ আনিছিল । ৰাজ্যৰ প্ৰতিগৰাকী বিহু নাচনীৰ বাবে এখন সপোনৰ মঞ্চ হৈছে গুৱাহাটী বিহু সন্মিলনী । এই খিতাপ অর্জনৰ বাবে বছৰজোৰা সাধনা কৰে বিহুৱতীসকলে । খিতাপ অর্জন কৰিব নোৱাৰিলেও ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা এই বিহু সন্মিলনীত প্ৰতিযোগী হিচাপে অংশ ল'বলৈ পালেই গৌৰৱবোধ কৰে প্ৰতিগৰকী নাচনীয়ে ।

লগতে পঢ়ক: বঢ়মপুৰৰ অসম উৎসৱত কঁকাল ভাঙি নাচিলে পাঁচ শতাধিক নাচনীয়ে - Bihu Dance

Last Updated : Apr 17, 2024, 11:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.