ETV Bharat / state

১৩ নৱেম্বৰত অসমত উপ-নিৰ্বাচন: কোন দলে ক’ত কাক দিব প্ৰাৰ্থিত্ব ?

Assam bye election: নিৰ্বাচন আয়োগে অসমৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পাছতে কোনটো সমষ্টিৰ পৰা কোন দলে কাক দিব প্ৰাৰ্থিত্ব ইয়াকে লৈ চলিছে তীব্ৰ চৰ্চা ৷

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 8:17 PM IST

ASSAM BYE ELECTION 2024
১৩ নৱেম্বৰত অসমত উপ-নিৰ্বাচন (ETV Bharat Assam)

গুৱাহাটী, ১৫ অক্টোবৰ : সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অহা ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’ব ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । ফলাফল ঘোষণা হ’ব ২৩ নৱেম্বৰত । আজি অৰ্থাৎ মঙলবাৰে এই কথা ঘোষণা কৰিলে নিৰ্বাচন আয়োগে ৷ অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী ৷

বিজেপি আৰু মিত্ৰদলৰ প্ৰস্তুতি :

উপ-নিৰ্বাচন হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে । এই সমষ্টি তিনিটা হ’ল- বিহালী, ধলাই আৰু চামগুৰি । আনহাতে, বঙাইগাঁও আৰু চিদলী সমষ্টিত উপ নিৰ্বাচন খেলিব বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলে । ইতিমধ্যে বিজেপিয়ে এই তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি দিল্লীলৈ প্ৰেৰণ কৰিছে । এতিয়া উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতেই দিল্লীত প্ৰাৰ্থী চূড়ান্ত কৰিব কেন্দ্ৰীয় নেতৃত্বই । দেওবাৰে বিজেপিয়ে এই তালিকা প্ৰস্তুত কৰি দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰাৰ কথা সদৰী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ আনহাতে, বিজেপি মিত্ৰদলৰ হৈ বঙাইগাঁৱত অ গ প আৰু চিদলীত ইউ পি পি এলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷

কংগ্ৰেছৰ প্ৰস্তুতি :

এইবাৰ উপ-নিৰ্বাচনত অসমত পাঁচোটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কংগ্ৰেছে ৷ বিৰোধী ঐক্যমঞ্চৰ আন কোনো দলেই উপ-নিৰ্বাচনত অংশগ্ৰহণ নকৰে যদিও বিহালী সমষ্টিত চিপিআই এম এলেৰো প্ৰাৰ্থী প্ৰক্ষেপৰ চৰ্চা হৈছিল বিৰোধী ঐক্য মঞ্চত ৷ কংগ্ৰেছে বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও আৰু চিদলীত উপ-নিৰ্বাচনৰ বাবে দলীয় নেতাক দায়িত্ব দি পাঁচোটা সমষ্টিতে সমিতি গঠন কৰি দিছে । সেই অনুসৰি বিহালীত গৌৰৱ গগৈ, চামগুৰিত ৰকিবুল হুছেইন, চিদলীত জাকিৰ হুছেইন শিকদাৰ, বঙাইগাঁৱত প্ৰদ্যুৎ বৰদলৈ আৰু ধলাইত অজিত সিঙক উপ-নিৰ্বাচনৰ দায়িত্ব দিছে কংগ্ৰেছে । মঙলবাৰে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতেই নিশ্চিত কৰিব দলটোৱে প্ৰাৰ্থী ।

কোন দলে ক’ত কাক দিব প্ৰাৰ্থিত্ব :

চামগুৰিত যুঁজ হ’ব কাৰ:

বিজেপি-কংগ্ৰেছ কোনো এটা দলেই প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা অথবা মহেন্দ্ৰ ফুকন আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ মাজতেই চামগুৰিত উপ-নিৰ্বাচনৰ যুঁজখন হোৱাৰ পূৰ্ণ সম্ভাৱনা ।

নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ দিনাই ৰণক্ষেত্ৰত পৰিণত হৈছে চামগুৰি বিধানসমষ্টি ৷ কংগ্ৰেছ বা বিজেপি কোনো এটা ৰাজনৈতিক দলেই আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও দুয়োটা দলেই কেইবা মাহৰ আগৰে পৰা চামগুৰি সমষ্টিত চলাই আহিছে নিৰ্বাচনী কচৰৎ ৷

চামগুৰিত কোন কোন চৰ্চাত আছে প্ৰাৰ্থিত্ব লাভৰ শাৰীত :

ক) বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী:

বিজেপিৰ আভ্যন্তৰীণ তথ্য অনুসৰি চামগুৰিৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰি দিল্লীলৈ প্ৰেৰণ কৰা প্ৰাৰ্থীৰ তালিকাত নাম আছে যুৱনেতা দিপ্লুৰঞ্জন শৰ্মা আৰু মহেন্দ্ৰ কোঁৱৰৰ । দুয়োজনেই চামগুৰি সমষ্টিত দলীয় সাংগঠনিক কাৰ্যসূচী চলাই আছে ৷

খ) কংগ্ৰেছৰ প্ৰাৰ্থী:

চামগুৰিত কংগ্ৰেছে প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন ৷ ইতিমধ্যে চামগুৰিত পুত্ৰক লগত লৈ সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাই আছে ৰকিবুল হুছেইনে ৷ সমষ্টিটোত কংগ্ৰেছৰ আন কোনো দাবীদাৰ নথকাৰ বাবে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিলেই কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত । চামগুৰিত উপ-নিৰ্বাচনত ভোটযুদ্ধৰ সেনাপতিৰ দায়িত্ব ৰকিবুল হুছেইনকে দিছে কংগ্ৰেছে ।

বিহালীত কোন দলৰ কোন হ’ব প্ৰাৰ্থী :

ক) বিজেপি: বিহালীত বিজেপিয়ে প্ৰস্তুত কৰা প্ৰাৰ্থী পেনেলত আছে দিগন্ত ঘাটোৱাৰ, সুমন শৰ্মা আৰু অসীম কুমাৰ দাসৰ নাম ৷ প্ৰাক্তন মন্ত্ৰী পল্লৱলোচন দাস আৰু সাংসদ ৰঞ্জিত দত্তৰ কন্যা ময়ূৰী দত্তৰ নাম চৰ্চালৈ আহিছিল যদিও শেষত বিহালীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল দুয়োৰে ৷

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰা আৰম্ভ কৰি বিজেপিৰ আন নেতৃবৃন্দয়ো বিহালীত ইতিমধ্যেই কেইবামাহো ধৰি দলীয় কাম-কাজৰ তদাৰকী কৰি অহা দেখা গৈছে ।

খ) কংগ্ৰেছ: উপ-নিৰ্বাচনত বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ তিনিগৰাকী ৷ প্ৰাৰ্থী তিনিগৰাকী হ’ল- প্ৰেমলাল গঞ্জু (লোকসভা নিৰ্বাচনত শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী আছিল), দিলীপ বৰুৱা আৰু বৰ্ণালী ফুকন । সাংসদ গৌৰৱ গগৈৰ কান্ধত কংগ্ৰেছে দিছে বিহালীত উপ-নিৰ্বাচনত জয়ধ্বজা উৰুওৱাৰ দায়িত্ব ৷ বিৰোধী পক্ষৰ পৰা চিপিআি এমএলৰ প্ৰাৰ্থী দিয়াৰ চৰ্চা চলিলেও শেষত কংগ্ৰেছেই সম্ভাৱনা অধিক ৷

ধলাইত কোন দলৰ কোন হ’ব প্ৰাৰ্থী :

ক) বিজেপি: ধলাইত কোন হ’ব পৰিমল শুক্লবৈদ্যৰ উত্তৰসূৰী ? বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা পেনেলত আছে তিনিজনৰ নাম ৷ অমিয়কান্তি দাস, নিহাৰ ৰঞ্জন দাস আৰু স্বপন শুক্লবৈদ্যৰ নাম আছে এতিয়া দিল্লীৰ ফাইলত ধলাইৰ প্ৰাৰ্থীৰ তালিকাত ।

খ) কংগ্ৰেছ: ধলাই সমষ্টিত কংগ্ৰেছ দলীয় প্ৰস্তুতি চলোৱাৰ মাজতে চৰ্চালৈ আহিছে তিনিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম ৷ তেওঁলোক হ’ল- হীৰকজ্যোতি দাস, ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু অনুপ ৰয় । ধলাইৰ ৰণনীতিৰ দায়িত্ব কংগ্ৰেছে দিছে প্ৰাক্তন মন্ত্ৰী অজিত সিঙক ।

চিদলীত কোন দলৰ কোন হ’ব প্ৰাৰ্থী :

ক) ইউ পি পি এল: বিজেপি মিত্ৰজোঁটৰ পৰা বি টি আৰ অন্তৰ্গত চিদলীত ইউ পি পি এলে দিব প্ৰাৰ্থী ৷ ইউ পি পি এলৰ পৰা চিদলীত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ৷

খ) কংগ্ৰেছ: প্ৰাথমিক অৱস্থাত কংগ্ৰেছ নেতা প্ৰবীণ বড়ো চিদলীৰ প্ৰাৰ্থী হ’ব বুলি চৰ্চা হৈছিল যদিও প্ৰবীণ বড়ো চিদলীত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা নাই ৷ কংগ্ৰেছৰ চিদলীৰ সম্ভাব্য প্ৰাৰ্থীৰূপে চৰ্চা হৈছে তিনিজনৰ নাম ৷ তেওঁলোক- সঞ্জীৱ ৱাৰী, দেৱজিৎ বসুমতাৰী আৰু এণ্ড্ৰিয়াছ হাজোৱাৰী ৷

বঙাইগাঁৱত প্ৰাৰ্থী হ’ব কোন কোন :

ক) বিজেপি মিত্ৰজোঁটৰ হৈ অ গ প: বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থী দিব অ গ পই । বঙাইগাঁৱৰ পৰা ৮ বাৰকৈ বিধায়ক হোৱা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীৰ উত্তৰসূৰী হিচাবে অ গ পই কাক প্ৰাৰ্থিত্ব দিব এতিয়াও থিৰাং কৰি পৰা নাই ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে অস্থিৰ কৰি ৰাখিছে বঙাইগাঁও অ গ পক । বঙাইগাঁও সমষ্টিত অ গ পৰ পৰা ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব বুলি প্ৰায় নিশ্চিত হৈছিল যদিও দলীয় বিসম্বাদৰ বাবে থমকি ৰ’ব লগা হৈছে অ গ প নেতৃত্ব ৷ কিয়নো দিপ্তীময়ী চৌধুৰীৰ বিৰুদ্ধে প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ হৈ থিয় দিছে অ গ পৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক তথা উপ-পৌৰপতি শৈলেন্দ্ৰ সৰকাৰ ।

খ) কংগ্ৰেছ: বঙাইগাঁৱত কংগ্ৰেছে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব পৰাকৈ সাজু কৰিছে দুজনকৈ প্ৰাৰ্থী ৷ তেওঁলোক হ’ল- প্ৰাক্তন উচ্চপদস্থ আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহা আৰু বঙাইগাঁও কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গিৰিশ বৰুৱা । এওঁলোক দুজনৰ ভিতৰত এজনকেই কংগ্ৰেছে বঙাইগাঁৱত প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত ৷

লগতে পঢ়ক: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.