ETV Bharat / state

কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি ? - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 6:52 PM IST

Ambubachi Mela 2024: অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । দেশ-বিদেশৰ পৰা বহু সাধু-সন্যাসী তথা পৰ্যটকৰ আগমন হৈছে । কিন্তু অম্বুবাচী মানে কি আপোনালোকে জানেনে ? ইয়াৰ তাৎপৰ্য কি ? এই সন্দৰ্ভত আমাৰ এই বিশেষ প্ৰতিবেদন ।

Ambubachi Mela 2024
কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি (ETV Bharat)

গুৱাহাটী, ২১ জুন : প্ৰকৃততে 'অম্বুবাচী' শব্দৰ অৰ্থ কি ? অম্বুবাচীৰ প্ৰকৃত তাৎপৰ্য কি ? এই সময়ত ধ্যান কৰিলে কি প্ৰাপ্তি হয় ? সকলো কথা বিৱৰি ক'লে কামাখ্যা দেৱালয়ৰ দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই । তেওঁ উল্লেখ কৰা মতে 'অম্বুবাচী' হ'ল এক বিশেষ ঋতুকালীন উৎসৱ । 'অম্বুবাচী' শব্দৰো আছে এক সুকীয়া অৰ্থ । 'অম্বু' মানে হ'ল পানী আৰু 'বাচী' শব্দৰ অৰ্থ হৈছে সূচনা । জেঠ মাহৰ শেষৰ তিনিদিনৰ পৰা আহাৰ-জেঠৰ সংক্ৰান্তি আৰু আহাৰ মাহৰ ৩ তাৰিখলৈ ষাঁঠ লগা বুলি কোৱা হয় ।

এই সময়ছোৱা শস্যৰ বাবে উপযোগী সময় বুলি কোৱা হয় । লগতে পৰম্পৰা অনুসৰি এই সময়ছোৱাত কৃষিভূমিত হাল বোৱা আদি কামৰ পৰা বিৰত থকা যায় । এই সময়ছোৱাত বহুতে ব্ৰত পালন কৰে । ষাঁঠৰ পিচত আহাৰ মাহৰ প্ৰায় ৭ তাৰিখে আদ্য নক্ষত্ৰ মিথুন ৰাশিত সংযুক্ত হোৱাৰ লগে লগে দেৱী মা কামাখ্যা ৰজঃস্বলা হোৱা বুলি এক বিশ্বাস আছে । পৰম্পৰা অনুসৰি এই সময়ছোৱাত দেৱালয়ৰ ভিতৰত কোনো ধৰণৰ পূজা-অৰ্চনা আদি কৰাৰ পৰা বিৰত থকা হয় । সেয়ে অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পৰা তিনিদিনলৈ কামাখ্যা মন্দিৰৰ মূলদ্বাৰ বন্ধ ৰখা হয় আৰু ৪ দিনৰ দিনা নিত্য পূজাৰ পিচত মন্দিৰৰ মূলদ্বাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয় ।

পৰম্পৰা অনুসৰি এই সময়ত বিধবা মহিলাসকলে অন্ন গ্ৰহণ নকৰে । লগতে যিসকলে এই সময়ছোৱাত প্ৰকৃততে ধ্যানত ব্ৰতী হয় তেওঁলোকে এই সময়ত ফলাহাৰ গ্ৰহণ কৰে । দৰাচলতে এই সময়ছোৱা ধ্যান-ধাৰণৰ উপযুক্ত সময় । এই সময়ছোৱাত যদি ভক্তসকলে শুদ্ধ মনেৰে ধ্যান-ধাৰণত ব্ৰতী হয় তেন্তে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বা সিদ্ধি লাভ কৰে বুলি বিশ্বাস কৰা হয় । যিসকল লোকৰ পিতৃ-মাতৃৰ বিয়োগৰ প্ৰথম বৰ্ষ, তেওঁলোকেও এই সময়ত ব্ৰতত থকা দেখা যায় ।

লগতে পঢ়ক :মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.