ETV Bharat / state

খেৰণিত ১০ পৰিয়ালক উচ্ছেদ জিলা প্রশাসনৰ - EVICTION IN WEST KARBI ANGLONG

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত জিলা প্রশাসনৰ উচ্ছেদ অভিযান । ১০ টাকৈ পৰিয়ালৰ বাসগৃহত চলিল প্রশাসনৰ অভিযান ।

Kherani eviction
খেৰণিত ১০ পৰিয়াল উচ্ছেদ জিলা প্রশাসনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 9:16 PM IST

ডিফু: এইবাৰ বুলড'জাৰ চলিল কাৰ্বি আংলঙত । কাৰ্বি আংলঙৰ খেৰণিত ১০ টা পৰিয়ালৰ ঘৰত চলিল জিলা প্ৰশাসনৰ বুলড'জাৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ ১০ টা পৰিয়ালৰ বাসগৃহত জিলা প্রশাসনে উচ্ছেদ অভিযান চলায় ।

ছার্থে ফাংচ' নামৰ এগৰাকী ব্যক্তিৰ ২২ বিঘা ভূমি অবৈধভাৱে দখল কৰি থকাৰ বিৰুদ্ধে ব্যক্তিগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । সুদীর্ঘকালৰ ন্যায় যুদ্ধৰ পাছত ছার্থে ফাংচ'ই ন্যায়ালয়ৰ পৰা ন্যায় লাভ কৰিছিল ।

খেৰণিত ১০ পৰিয়াল উচ্ছেদ জিলা প্রশাসনৰ (ETV Bharat Assam)

গুৱাহাটী উচ্চ ন্যায়ালয়ে দখলীকৃত ভূমিত উচ্ছেদ চলাই ছার্থে ফাংচ'ক ভূমিখিনি গতাই দিবলৈ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগক নির্দেশ দিছিল । কিন্তু কিবা এক অজ্ঞাত কাৰণত বহু বছৰ ধৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে উক্ত ভূমিখিনিত উচ্ছেদ চলোৱা নাছিল ।

তাৰ পিছত সোমবাৰে জিলা প্রশাসনৰ সহযোগত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগে ব্যাপক নিৰাপত্তাৰক্ষীসহ পুৱাতে আৰম্ভ কৰে উচ্ছেদ অভিযান । এক্সকেভেটৰ, বুলড'জাৰ আদি লৈ পুৱাতেই নিৰাপত্তাৰক্ষীসহ উক্ত স্থানত উপস্থিত হয় উচ্ছেদকাৰীৰ বিশাল বাহিনী ।

লগে লগে উক্ত ১০ টা পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । আনহাতে, উচ্ছেদ অভিযানৰ সময়ত অঞ্চলটোত এক চেপা উত্তেজনায়ো বিৰাজ কৰে । ইফালে উচ্ছেদৰ সম্মুখীন হোৱা পৰিয়ালকেইটাই বুলড'জাৰৰ সম্মুখলৈ আহি বাধা প্রদান কৰে যদিও নিৰাপত্তাৰক্ষীয়ে সেই বাধা নেওচি উচ্ছেদকার্য সম্পন্ন কৰে ।

উল্লেখ্য যে এই উচ্ছেদকাৰ্যক অবৈধ আখ্যা দিয়াৰ লগতে তেওঁলোকৰ ভূমি বলপূৰ্বক দখলৰ ষড়যন্ত্ৰ কৰা ভুক্তভোগীসকলে অভিযোগ কৰে । এগৰাকী ভুক্তভোগীয়ে কয়, "অসম চৰকাৰক আমি নমস্কাৰ কৰিছোঁ । চৰকাৰে আমাৰ পৰা ভোট লৈ ঘৰ ভাঙি দিছে । তুলিৰাম চৰকাৰ, এছ পি আৰু ডিচিৰ ওচৰলৈ গৈয়ো ভৰিত ধৰি কৈছিলোঁ ছাৰ আমাক এসপ্তাহৰ সময় দিয়ক । আমি গুৱাহাটী হাইকোৰ্টত আপীল কৰিছোঁ । যদি আমি মাটি পাওঁ তেনেহ'লে ইয়াত থাকিম । নহ'লে আমি নিজে নিজে ইয়াৰ পৰা গুচি যাম । কিন্তু আমাক গোচৰৰ ৰায়লৈকে সময় নিদিলে আৰু ততাতৈয়াকৈ উচ্ছেদ কৰিলে ।"

আন এগৰাকী ভুক্তভোগীয়ে কয়, "আমি ইয়াত দহটা পৰিয়াল আছিলোঁ । মুঠ সদস্য ৭০ জন । আমি ইয়াত ১৯০৭ চনৰে পৰা আছোঁ । এই মাটি আমি গাড়ো সম্প্ৰদায়ৰ লোকৰ পৰা ক্ৰয় কৰিছিলোঁ । আমি ইয়াত থকা ৭০ বছৰ হৈ গ'ল । কিন্তু আমাৰ মাটিত বেলেগৰ নামত পট্টা দিলে । ইয়াত কোনো ধৰণৰ জৰীপ কৰিবলৈ কোনো অহা নাই । কোনো জৰীপ নকৰাকৈ বেলেগৰ নামত পট্টা দিলে । তাৰ পিছত আমাক নোটিচ দিলে যে এই ভূমি আমাৰ নহয় । তাৰ পিছত আমি কেছ ফাইল কৰোঁ । হামৰেণৰ পৰা ডিফু তাৰ পৰা হাইকোৰ্টলৈ গোচৰ যায় । কিন্তু শুনানি নোহোৱাকৈ উচ্ছেদৰ জাননী দিয়ে ।"

ইফালে অঞ্চলটোত এতিয়া গৃহহাৰা পৰিয়ালকেইটা ক'লৈ যাব, কি খাব, সন্তানৰ পঢ়া-শুনা কি হ'ব তাক লৈ চর্চা চলিছে ।

লগতে পঢ়ক :৭ বছৰে নিৰ্মাণ নহ'ল এখন দলং: ফলত প্ৰাণ হেৰুৱালে যুৱকে
লগতে পঢ়ক :লখিমপুৰত ৰাইজৰ প্ৰতিবাদত কঁপিল সোৱণশিৰিৰ পাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.