চিৰাং, 3 জুলাই: আহাৰমহীয়া পথাৰত নামি এগৰাকী যুৱতীয়ে চলাই আছে পাৱাৰ টীলাৰ ৷ বোকাত নামি যুৱতীগৰাকীয়ে এফালৰ পৰা চহাই গৈছে মাটি ৷ সমান্তৰালকৈ ৰুইছে ভূঁই ৷ যুৱতী এগৰাকীয়ে পাৱাৰ টীলাৰ চলাই কৃষিকৰ্মত নিয়োজিত হোৱাটো স্বাভাৱিকতে কিছু ব্যতিক্ৰমী ৷ তেনে দৃশ্য পায়েই সুলভ নহয় এই দিনত ৷
কিন্তু এই প্ৰতিবেদনত ক’বলৈ বিচৰা যুৱতীগৰাকী তাতোকৈ বেছি ব্যতিক্ৰমী ৷ কাৰণ এগৰাকী উচ্চ শিক্ষিতা যুৱতী ৷ তেওঁ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰীধাৰীয়েই নহয়,আইন শাস্ত্ৰতো পাৰ্গত ৷ এল এল বিও উত্তীৰ্ণ হৈছে তেওঁ প্ৰথম শ্ৰেণীত ৷
উচ্চ শিক্ষিতা যুৱতীগৰাকীৰ ঘৰ চিৰাং জিলাৰ সুন্দৰী গাঁৱত ৷ নাম তেওঁৰ ভাগীৰথী অধিকাৰী ৷ শিক্ষা-অধ্যয়নৰ প্ৰতি যথেষ্ট ধাউতি থকাৰ লগতে ভাগীৰথী অধিকাৰীৰ আছে কৃষিকৰ্মৰ প্ৰতি বিশেষ ৰাপ ৷ সেয়ে নিজেই পথাৰত নামি শিপাডাল খামুচি ধৰি থকাৰ লগতে ভাগীৰথীয়ে ঘৰুৱা শিক্ষক হিচাপেও বিলাই আহিছে শিক্ষাৰ পোহৰ ৷
লগতে পঢ়ক: ৪ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম : ধনীৰাম চেতিয়াক এতিয়া কোনে চিনি নাপায় ?
বিগত তিনিটা বছৰ ধৰি এইদৰে ধানখেতি, আলুখেতি কৰি অহা বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিছে য সমান্তৰালকৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবেও যো-জা চলাইছে ৷ বিশ্ববিদ্যালয়খনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ সপোনো পুহি ৰাখিছে আদৰ্শনীয় যুৱতীগৰাকীয়ে ৷
সময়ৰ সোঁতত বুলিয়েই কওক বা আধুনিকতাৰ ধামখুমীয়াৰ বাবেই হওক, খেতি বুলিলেই এতিয়াৰ অধিকাংশ যুৱক-যুৱতীয়ে সাতজাপ মাৰে ৷ পথাৰলৈ গ’লেও সেয়া ফটো-ভিডিঅ’ প্ৰস্তুতৰ বাবেহে যায় ৷ শিক্ষিত-অশিক্ষিত বুলি কথা নাই তাত ৷ তাৰ বিপৰীত মেৰুত অৱস্থান কৰি চিৰাঙৰ ভাগীৰথী অধিকাৰীয়ে যি কৰি কৰি আছে, সেয়া সঁচাই অনন্য ৷
লগতে পঢ়ক: দুভৰি হেৰুৱায়ো জীৱন যুঁজত নাভাগৰা এগৰাকী অক্লান্ত সৈনিকৰ এক জীয়া কাহিনী