ETV Bharat / state

নিচামুক্ত অসমৰ সংকল্পৰে ব্ৰহ্মকুমাৰী সমাজৰ আদৰণীয় পদক্ষেপ - Drug free Assam

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:10 PM IST

Drug free Assam: ডিফু ক্লাবত 'উদ্বেগ আৰু দুঃচিন্তাক দিয়ক চিৰ বিদায়' শীৰ্ষক শিবিৰ । প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হৈছে এই শিবিৰৰ । য'ত ধঁপাতমুক্ত অসমৰ সংকল্প গ্ৰহণ কৰা হয় ।

Drug free Assam
নিচামুক্ত অসমৰ সংকল্পৰে ব্ৰহ্মকুমাৰী সমাজৰ আদৰণীয় পদক্ষেপ (ETV Bharat)

ডিফু, ১ জুন : ডিফু-লামডিং পথত থকা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সৌজন্যত ডিফু ক্লাবত ৬ দিনীয়া কাৰ্যসূচীৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । 'উদ্বেগ আৰু দুঃচিন্তাক দিয়ক চিৰ বিদায়' শীৰ্ষক শিবিৰৰ শুকুৰবাৰে সামৰণি পৰে । বাকী কেইদিনৰ দৰে শুকুৰবাৰে পুৱা ৬:৩০ বজাৰ পৰা ব্ৰহ্মকুমাৰী চুমীয়ে কিদৰে ৰাজযোগৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তিৰ পথ পাব পাৰি তাৰ ব্যাখ্যা আগবঢ়ায় ৷ আধ্যাত্মিক গীতৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলক ধ্যানৰ গুণাগুণৰ বিষয়েও উল্লেখ কৰে ।

ইফালে শুকুৰবাৰে ধঁপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি শিবিৰত নিচামুক্ত ডিফু, নিচামুক্ত অসম আৰু নিচামুক্ত দেশ গঢ়াৰ সকলোৱে সংকল্প লয় ৷ লগতে এই অনুষ্ঠানতে এক বিশেষ যজ্ঞ আয়োজন কৰা হয় । উদ্বেগ, দুঃচিন্তা আৰু ধঁপাতক বিদায় দিয়াৰ উদ্দেশ্যে এই যজ্ঞৰ আয়োজন কৰা হয় । য'ত সকলোৱে নিচাযুক্ত সামগ্ৰী দাহ কৰি সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে ৷

ব্ৰহ্মকুমাৰী চুমীয়ে নিচাৰ বিষয়ে ৰখা বক্তব্যত কয় যে চৰকাৰে নিচামুক্ত দেশ গঠনৰ সংকল্প লৈছে আৰু আনফালে নগৰে-চহৰে বা গাঁৱে-ভূঞে সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিছে ৷ ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি পেকেটত লিখা থাকে যদিও ছিগাৰেট উৎপাদন কৰা ফেক্টৰী চৰকাৰে বন্ধ নকৰে ৷ তেওঁ ড্ৰাগছৰ ভয়াৱহতাৰ কথাও উল্লেখ কৰে ৷ শিবিৰৰ সামৰণি অনুষ্ঠানত বিশিষ্ট শিল্পী বাৰী ৰংফাৰপীৰ গীতৰ তালে তালে একাংশ যুৱতী-মহিলাই নৃত্য পৰিৱেশন কৰে ।

৬ দিনীয়া এই আধ্যাত্মিক শিবিৰৰ পৰা পোৱা শিক্ষাৰ বিষয়ে ডিফু ক্লাবৰ সভাপতি ৰবীন গোস্বামী, ব্যৱসায়ী এছ জৈন, ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰা আৰু সাংবাদিক সঞ্জু বৰাই বক্তব্য আগবঢ়ায় ৷ ডিফু ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰিচালিকা ব্ৰাহ্মকুমাৰী শীলাই কিদৰে অনুষ্ঠানটো আৰম্ভ কৰিছিল আৰু আজি কিদৰে অনুষ্ঠানটোক ৰাইজে আঁকোৱালি লৈছে সেই বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক :পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.