ETV Bharat / state

বাঘৰ আতংক; বুধবাৰে সাপ্তাহিক বজাৰ নবহিল ধিঙত - TIGER SCARE IN NAGAON

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 2:03 PM IST

Royal Bengal Tiger Terror: বুধবাৰে হ'বলগীয়া ধিং সাপ্তাহিক বজাৰৰ গৰু-ছাগলীৰ বজাৰ, পাচলি বজাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা স্থানীয় প্ৰশাসনৰ ৷ বাঘৰ ভয়ৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ ৷ চাওক সবিশেষ খবৰ...

TIGER SCARE IN NAGAON
স্থানীয় প্ৰশাসনৰ সাৱধানবাণী (ETV Bharat Assam)

নগাঁও, 17 জুলাই: বৃহত্তৰ নগাঁও জিলাত অব্যাহত আছে বাঘৰ আতংক ৷ ঢেকীয়াপতীয়া বাঘৰ আতংকত ত্ৰস্তমান হৈ আছে নগাঁৱৰ বৃহত্তৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাসিন্দাসকল ৷ বিগত প্ৰায় এপষেক ধৰি নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত ঢেকীয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰি অহাৰ পাছতো বাঘ খেদাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে জিলা বন বিভাগ ৷ যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাধাৰণ ৰাইজ ৷

ঢেকীয়াপতীয়াৰ আতংক অব্যাহত (ETV Bharat Assam)

নগাঁৱৰ পশ্চিম অঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ সাপ্তাহিক বজাৰ হিচাপে পৰিচিত ধিং সাপ্তাহিক বজাৰখনো বাঘৰ আতংকৰ বাবেই সম্পূৰ্ণকৈ বন্ধ হৈ পৰিছে ৷ বিগত তিনি জুলাইত প্ৰথমে নগাঁও জিলাৰ জুৰীয়াৰ জেঙনি অঞ্চলত তিনিজনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল বাঘটোৱে ৷ পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে স্থান সলনি কৰি বাঘটোৱে পুঠিমাৰী, বলিকটীয়া, মেলেকাধিং আদি বিভিন্ন অঞ্চলত বিচৰণ কৰিবলৈ লোৱাত আতংকিত হৈ পৰে অঞ্চলবাসী ৷

লগতে পঢ়ক: কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror

মঙলবাৰৰ দিনটোত বাঘটোৱে বলিকটীয়াৰ পৰা প্ৰায় 15 কিল’মিটাৰ নিলগৰ ধিং অঞ্চলত বিচৰণ কৰিবলৈ আৰম্ভ কৰে ৷ মঙলবাৰে ধিঙৰ বিলতীয়া, ধিং চহৰত বাঘটোৱে বিচৰণ কৰাৰ তথ্য লাভ কৰে স্থানীয় লোকৰ লগতে বন বিভাগে ৷ আনকি বাঘৰ বাবে পিঞ্জৰা পতাৰ চেষ্টা কৰাৰ সময়ত বাঘটোৱে আক্ৰমণ কৰি আহত কৰে এজন বনকৰ্মীক ৷ নিশাৰ ভিতৰত বাঘটোৱে জনাঞ্চল এৰি বনাঞ্চললৈ যোৱাৰ কোনো তথ্য লাভ কৰা নাই স্থানীয় লোক অথবা বন বিভাগে ৷

লগতে পঢ়ক: পিঞ্জৰাবদ্ধ কৰিবলৈ উপস্থিত হওতেই ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত বনকৰ্মী - Tiger scare in Nagaon

বুধবাৰে বাঘটোৱে ধিঙৰ ভকতগাঁও অঞ্চলতেই আশ্ৰয় লৈ থকাৰ সন্দেহ কৰিছে বন বিভাগৰ লগতে স্থানীয় লোকে ৷ যাৰ ফলত বুধবাৰে হ'বলগীয়া ধিং সাপ্তাহিক বজাৰৰ গৰু-ছাগলীৰ বজাৰ, পাচলি বজাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰে স্থানীয় প্ৰশাসনে ৷ অৰ্থাৎ বাঘৰ ভয়ৰ বাবেই বন্ধ হৈ পৰে সমগ্ৰ ধিং বজাৰ ৷

লগতে পঢ়ক: নগাঁৱৰ জেঙনিত বাঘৰ আতংক, ন্যায় সংহিতাৰ 163 ধাৰা জাৰি - TIGER SCARE IN NAGAON

বানত দিক-বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.