ETV Bharat / state

তুংগত বাকযুদ্ধ: এইবাৰ জিতু গোস্বামীৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ ৰকিবুল হুছেইনৰ - RAKIBUL HUSSAIN SLAMS JITU GOSWAMI

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:02 AM IST

War of Word: ক্রমাৎ তুংগত উঠিছে সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক জিতু গোস্বামীৰ বাক-যুদ্ধ । বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতেই ৰকিবুল হুছেইনক উভতি ধৰিছিল বিধায়ক জিতু গোস্বামীয়ে । পুনৰ জিতু গোস্বামীক উভতি ধৰি আৰক্ষীৰ পৰা ন্যায় নাপালে আদালতৰ কাষ চপাৰ হুংকাৰ ৰকিবুলৰ ।

MP Rakibul Hussain
জিতু গোস্বামীৰ বিৰুদ্ধে পুনৰ হুংকাৰ ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

নগাঁও, ১২ ছেপ্টেম্বৰ : ক্রমাৎ যেন তুংগত উঠিছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন আৰু বিজেপি বিধায়ক জিতু গোস্বামীৰ মাজৰ সংঘাত । মাত্ৰ কেইদিন পূর্বে নগাঁৱৰ বৰঘাটত বিজেপিৰ এক দলীয় সভাত বিধায়ক জিতু গোস্বামীয়ে কৰা মন্তব্যৰ পাচতেই আৰম্ভ হৈছিল বিতৰ্কৰ । বিধায়ক জিতু গোস্বামীয়ে হ'বলগীয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ-নির্বাচনক লৈ কৰা মন্তব্যত সংবাদ মাধ্যমৰ সন্মুখত শংকা প্রকাশ কৰি নগাঁও সদৰ আৰক্ষী থানাত মঙলবাৰে এজাহাৰ দাখিল কৰিছিল সাংসদ ৰকিবুল হুছেইনে ।

জিতু গোস্বামীৰ বিৰুদ্ধে পুনৰ হুংকাৰ ৰকিবুল হুছেইনৰ (ETV Bharat Assan)

আনহাতে, এজাহাৰ দাখিল কৰিয়েই বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰা সাংসদ ৰকিবুল হুছেইনকো মঙলবাৰৰ দিনটোতেই উভতি ধৰিছিল বিধায়ক জিতু গোস্বামীয়ে । ইফালে বুধবাৰে পুনৰ বিধায়ক জিতু গোস্বামীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ ৰকিবুল হুছেইনে । বিধায়ক জিতু গোস্বমীয়ে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনৰ মন্তব্য, "তেওঁৰ বিৰুদ্ধে পূর্বেও অপৰাধৰ গোচৰ আছে । সেইবাবেই মই কিছু শংকিত হৈছোঁ ।"

ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে লগতে কয়, "আলফাৰ বন্দুকৰ দিনতো আমি ভয় কৰা নাছিলোঁ । আলফাৰ ভাবুকিয়ে ক্ষতি কৰিব নোৱৰা কংগ্ৰেছৰ কৰ্মী-সমর্থকক বিধায়ক জিতু গোস্বামীয়ে ভাবুকি দি আতংকিত কৰিব নোৱাৰে ।" আনহাতে, শাসকীয় বিজেপি চৰকাৰৰ মতে আৰক্ষী প্রশাসন চলে বুলি বিধায়ক জিতু গোস্বামীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰকিবুল হুছেইনে ।

বিধায়ক জিতু গোস্বামীয়ে কৰা মন্তব্যৰ বাবে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা ৰকিবুল হুছেইনে আৰক্ষীৰ পৰা ন্যায় নাপালে পৰৱৰ্তী সময়ত আদালতৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰিছে । এই ক্ষেত্ৰত নিজকে এৰি দিয়া ভকত নহয় বুলিও উল্লেখ কৰি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে আইনগতভাৱে যুঁজি যোৱাৰ হুংকাৰ দিয়ে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক :লগত পুত্ৰ, হাতত পেনড্ৰাইভ লৈ নগাঁও সদৰ থানাত ৰকিবুল হুছেইন - Nagaon Police
লগতে পঢ়ক :নগাঁৱৰ সভাত কিয় চকু সেমেকিল গৌৰৱ গগৈৰ - Nagaon District Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.