হাফলং, 29 ফেব্ৰুৱাৰী : বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত হাফলঙত লাভ জেহাদৰ বিৰুদ্ধে প্ৰতিবাদী সমদল ৷ সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি হাফলঙস্থিত জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ পাহাৰীয়া জিলাখনত বৃদ্ধি পোৱা লাভ জেহাদৰ ঘটনা বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসক স্মাৰক পত্ৰ প্ৰদান কৰে বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে ৷
প্ৰতিবাদী সমদলৰ পিচতে বিশ্ব হিন্দু পৰিষদৰ সদস্য মনীন্দ্ৰ কুমাৰ দাসে কয় যে, লাভ জেহাদৰ ঘটনা এতিয়া ডিমা হাছাও জিলাতো আৰম্ভ হৈছে৷ হিন্দু সম্প্ৰদায়ৰ মহিলা-যুৱতীক বিভিন্ন প্ৰলোভন দি প্ৰেমৰ জালত পেলাই বিয়া পাতে আৰু কিছুদিন পিচতে এনে যুৱতী-মহিলাক এৰি দিয়াৰ দৰে ঘটনা সংঘটিত হয় বুলি তেওঁ মন্তব্য কৰে ৷ বিশ্ব হিন্দু পৰিষদৰ সদস্যজনে কয় যে, লাভ জেহাদৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ বাবেই এই প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে ৷
মনীন্দ্ৰ দাসে লগতে কয় যে, বিভিন্ন সময়ত পাহাৰীয়া জিলাখনত বাহিৰৰ পৰা আহি ইয়াৰ স্থানীয় যুৱতীক প্ৰেমৰ জালত পেলাই বিয়া পাতি, ইয়াৰে ট্ৰেডিং লাইচেন্স লৈ ব্যৱসায় চলাই গৈছে একাংশই ৷ ইয়াৰ বিৰুদ্ধে আমাৰ হিন্দুসকল সদায় সজাগ হ’ব লাগিব আৰু এই লাভ জেহাদৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলি উল্লেখ কৰি লাভ জেহাদৰ কোনো ধৰ্ম বা জাতি নাই বুলিও মন্ত্যব কৰে মনীন্দ্ৰ দাসে ৷
আনহাতে প্ৰতিবাদকাৰী সকলে কয় যে, সমগ্ৰ দেশৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওতো লাভ জেহাদৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ ডিমা হাছাও জিলাত বৰ্তমান হিন্দু মহিলা বা যুৱতীক বিভিন্ন প্ৰলোভন দি প্রেম জালত পেলাই ভিন্ন ধৰ্মীৰ লোক সকলে লৈ যায় বা বিয়া পাতে ৷ কিন্তু কিছুদিন যোৱাৰ পাচত এই সম্পৰ্ক ভাঙি তেনে যুৱতী বা মহিলাৰ জীৱন ধ্বংস কৰি দিয়া হয়। তাৰ পিচত এই মহিলা বা যুৱতীক সমাজত আৰু গ্ৰহণ কৰা নহয়। গতিকে এই ক্ষেত্ৰত সকলোকে সজাগ হ’বলৈ তেওঁলোকে আহ্বান জনায় ৷
লগতে পঢ়ক : কে এম এছ এছৰ নেতৃত্বত ৰাজ্যজুৰি কা'ৰ বিৰুদ্ধে প্ৰতিবাদ, তিনিচুকীয়াত প্ৰতিবাদকাৰীক আটক