ETV Bharat / state

চেনেহৰ দীঘ-বাণিৰে চেনাইলৈ বিহুৱান বোৱাত ব্যস্ত ধেমাজিৰ মাইনীহঁত - Rongali Bihu - RONGALI BIHU

Rongali Bihu: গাঁৱে-গাঁৱে এতিয়া মৰমৰ দীঘ দি চেনেহেৰে বৈছে বাণি ৷ বিহুৱানত চেনাইলৈ বুলি তুলিছে গুটিফুল ৷ গাঁওবোৰৰ যুৱতী-মহিলাসকলৰ গাত এতিয়া তৎ নাই ৷ হ’বইতো ! নঙলামুখত যে ৰঙালী আছেহি ৰৈ ৷

Rongali Bihu
বিহুৱান বোৱাত ব্যস্ত ধেমাজিৰ মাইনীহঁত
author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 9:43 PM IST

বিহুৱান বোৱাত ব্যস্ত ধেমাজিৰ মাইনীহঁত

ধেমাজি, 6 এপ্ৰিল: আই অসমীৰ গা এতিয়া সাতখন আঠখন হৈছে ৷ ফাগুনে বিদায় মগাৰ পিচৰে পৰা ঢোলৰ গুমগুমনি, পেঁপা-গগনাৰ মাতত এতিয়া অসমৰ গছ-লতাও নাচি উঠা পৰিলক্ষিত হৈছে ৷ এই সময়ত ৰাজ্যৰ য’লৈকে কাণ দিয়ে তাতেই শুনিব নাচো নাচো লগা শব্দবোৰ ৷ তাৰ মাজতে তাঁতশালৰ খিটখিট শব্দটো আছেই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ আন ঠাইসমূহৰ দৰে ধেমাজিতো একেই পৰিৱেশ ৷ চেনেহৰ দীঘ-বাণিৰে চেনাইলৈ বুলি বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে ধেমাজিৰ গ্ৰামাঞ্চলৰ মাইনী-তৰামাইহঁত ৷ গামোচাখন নহ’লে ক’তনো থাকে বিহুৰ মাদকতা ! বছৰেকৰ বিহুটোত আপোনজনক, পৰিয়ালৰ জ্যেষ্ঠজন-কনিষ্ঠজন আৰু আলহী-অতিথিকো একোখনকৈ বিহুৱান যঁচাটো এক পৰম্পৰা ৷

ধেমাজি নগৰৰ পৰা প্ৰায় ৮ কি:মি নিলগৰ ২ নং বৰাচিৰা গাঁৱৰ প্ৰায়সমূহ ঘৰতে শুনিবলৈ পোৱা গৈছে মাকোৰ খিটখিটনি, যঁতৰত মহুৰা ফুৰোৱা শব্দ ৷ গাঁওখনৰ চহা খেতিয়কৰ কিশোৰী, যুৱতী-বোৱাৰীসকল এতিয়া ব্যস্ত হৈ পৰিছে বিহুৱান বোৱাত ৷ এইবেলি বিহুৰ বাবে ১৮খন গামোচা তাঁতশালত বৈছে এখন বিশেষ ঘৰত ৷ ইয়াৰ পূৰ্বে কিছু ভমকাফুলীয়া, বুটাবছা গামোচা কাটিও সযতনে ৰাখিছে আপোনজনৰ বাবে ৷

ভাললগা কথাটো হ’ল, ঘৰখনৰ কিশোৰীগৰাকীয়ে এইবছৰ মেট্ৰিক পৰীক্ষা দি আজৰি হৈছেহে মাথোন ৷ পৰীক্ষা যোৱাৰ পিচৰে পৰাই অবাবত সময় নষ্ট নকৰি বা মোবাইল ফোনত ৰীলচ্ বনোৱাৰ পৰিৱৰ্তে তাঁতশালত সপোন ৰচাতহে ব্যস্ত হৈ পৰিছে মাইনী বৰগোহাঁই নামৰ কিশোৰীগৰাকী ৷ এয়াই হৈছে চহকী অসমীয়া সংস্কৃতি ৷ য’ত নিৰ্বাচনী শ্ল’গানেও তল পেলাব পৰা নোৱাৰে তাঁতশাল, ঢোল-পেঁপাৰ শব্দ ৷

লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্য়ৰে চাইকেলেৰে দেশ ভ্ৰমণ পৰ্বতাৰোহীৰ : বিহু নাচে আকৃষ্ট কৰিলে পৰ্যটকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.