ETV Bharat / state

বিধায়কে চকু মেলি নাচায়: খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন বুঢ়ীদিহিংপৰীয়া ৰাইজ - Burhi Dihing River erosion

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 6:43 PM IST

Burhi Dihing River: বিধায়কক কৈ থাকিলেও কাণসাৰ নিদিয়ে খহনীয়া প্ৰতিৰোধৰ প্ৰতি ৷ উপায়ন্তৰ হৈ ৰাইজে শৰণ ল’লে নেদেখাজনৰ চৰণত ৷ বুঢ়ীদিহিঙৰ পাৰত নাম-প্ৰসংগৰে জলদেৱতাক সন্তুষ্ট কৰাৰ প্ৰয়াস নৈপৰীয়াৰ ৷

Burhi Dihing River
বুঢ়ীদিহিঙৰ পাৰত নাম-প্ৰসংগ (ETV Bharat)

মৰাণ, 10 ছেপ্টেম্বৰ: বান আৰু খহনীয়াত সৰ্বস্বান্ত হৈছে ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানৰ ৰাইজ । বিশেষকৈ ডিব্ৰুগড় জিলাখনত মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙৰ খহনীয়াৰ প্ৰকোপত ঘৰ-মাটি হেৰুৱাব লগা হৈছে বহু ৰাইজে । খহনীয়া প্ৰতিৰোধৰ নামত কোটি কোটি টকাৰ আঁচনি ৰূপায়ণ কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কৈ আহিছে ৷ কিন্তু তাৰ মাজতে মৰাণ সমষ্টিত খহনীয়াৰ প্ৰকোপত ঘৰ-ভেটি হেৰুৱাব লগা হৈছে বহু ৰাইজে ।

মঙলবাৰে উপায়ন্তৰ হৈ বুঢ়ীদিহিঙৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৫ খন গাঁৱৰ ভকত-বৈষ্ণৱ লগ হৈ নদীৰ পাৰত অনুষ্ঠিত কৰিলে নাম-প্ৰসংগ । ডিব্ৰুগড় জিলাৰ খোৱাং মইনা গাঁৱত খহনীয়াৰ প্ৰকোপ ইমানেই বাঢ়িছে যে নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে ৰিং বান্ধৰ লগতে বহু বিঘা কৃষি ভূমি । স্থানীয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে জলসম্পদ বিভাগক ৰাইজে বহু আবেদন-নিবেদন কৰিছে যদিও খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ।

উপায়ন্তৰ হৈ ৰাইজে জলদেৱতাক সন্তুষ্ট কৰাৰ নিমিত্তে মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই অনুষ্ঠিত কৰিলে নাম-প্ৰসংগ । কাষৰীয়া ৫ খনকৈ গাঁৱৰ ভকত-বৈষ্ণৱ লগ হৈ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত মইনা গাঁৱত বুঢ়ীদিহিং নদীৰ পাৰত অনুষ্ঠিত কৰিলে এই নাম-প্ৰসংগ । প্ৰায় ১ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ নদীৰ পাৰ খহাই নিছে বুঢ়ীদিহিং নদীয়ে । নদীৰ কাষৰীয়া অঞ্চলত বাস কৰা কেইবাটাও পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ।

এই খহনীয়া অব্যাহত থাকিলে মইনা গাঁওখনৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ লগতে মূল মথাউৰিৰ প্ৰতিও ভাবুকি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ৰাইজে চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । পূৰ্বৰ মৰাণ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হোৱা চক্ৰধৰ গগৈয়ে খহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়া বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ ।

বান-খহনীয়াত সৰ্বস্বান্ত হোৱা ক্ষোভিত ৰাইজে কয় যে, বিধায়ক চক্ৰধৰ গগৈক খহনীয়া প্ৰতিৰোধৰ বাবে বহুবাৰ অবেদন জনোৱাৰ পাছতো বিধায়কজনে কোনো গুৰুত্ব দিয়া নাই । লগতে হৈ যোৱা ভয়ংকৰ বানৰ সময়টো অঞ্চলটোত বানাক্ৰান্ত ৰাইজৰ এটা খবৰ ল'বলৈ নাহিল বিধায়ক চক্ৰধৰ গগৈ । সেয়ে ৰাইজৰ সমস্যাৰ প্ৰতি স্থানীয় বিধায়কগৰাকীয়ে গুৰুত্ব আৰোপ নকৰিলেও চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এইসকল খহনীয়াগ্ৰস্ত লোকে ।

লগতে পঢ়ক: লেকু নদীৰ ধ্বংসলীলা : শংকিত জোনাইবাসী - Leku River Erosion

ৰূপহীমুখক মংগল কৰক: গৰাখহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰক আগবঢ়ালে ভোগ - Brahmaputra River Erosion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.