লখিমপুৰ: কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে নিতৌ উন্নয়নমূলক আঁচনিৰ জয়গান গায় অহাৰ সমান্তৰালকৈ সংবাদ মাধ্যমতো সঘনে প্ৰচাৰিত হৈ আহিছে চৰকাৰৰ উন্নয়নমূলক আঁচনি সম্পৰ্কে । পিছে বহু বাস্তৱ চিত্ৰই চৰকাৰৰ এনে উন্নয়নী শ্ল’গানক ভেঙুচালিহে কৰিছে ৷ লখিমপুৰ জিলাৰ এনে কেতবোৰ অঞ্চল আছে, য'ত চৰকাৰৰ কোনো আঁচনিয়ে আজিও স্পৰ্শ কৰিব পৰা নাই ।
লখিমপুৰ নগৰৰ পৰা কিছু নিলগৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তেনে এক অঞ্চল হ’ল এক নং ধেমাগড় । ধেমাগড়ৰ দুৰ্দশাই চৰকাৰৰ উন্নয়নমূলক শ্ল’গানক যেন ভেঙুচালিহে কৰিছে ৷ কিয়নো সেই অঞ্চলত লোকসকলে পিতৃ-পিতামহৰ দিনৰ পৰা বসবাস কৰি আহিছে যদিও ভূমিৰ গৰাকী হ’বলৈ আজিও সক্ষম হোৱা নাই । ৰাস্তা বুলিবলৈ হাবি বননিৰে ভৰা লুংলুঙীয়া বাট । চাৰিচকীয়া দূৰৰ কথা দুচকীয়া বাহনো নচলে বহু ঠাইত ৷
অঞ্চলটোৱে বিজুলিৰ পোহৰ আজিও দেখা নাপালে । কেৰাচিনৰ প্ৰচলন প্ৰায় বন্ধ হৈ পৰাৰ পাছত এতিয়া ডিজেলৰ চাকি জ্বলাই নিশাৰ আন্ধাৰ দূৰ কৰে ৰাইজে । পানী যোগানৰো কোনো ব্যৱস্থা নাই । জল জীৱন মিছন আঁচনি এই অঞ্চলত সাধুকথা ।
ভয়ংকৰ কথাটো হ’ল নিশা হ’লেই সমীপৰ অৰুণাচলৰ পাহাৰৰ পৰা অঞ্চলটোলৈ নামি আহে বন্যহস্তীৰ জাক । বহু কষ্টৰে কৰা ৰাইজৰ খেতি পথাৰ, ঘৰ-বাৰী ধ্বংস কৰে হাতীৰ জাকে । নিশাটো নামিলেই ৰাইজৰ পেটতে হাত-ভৰি লুকুৱাৰ দৰে অৱস্থা ।
বিজুলী বিহীন অঞ্চলটোত নিশাৰ ঘোপমৰা আন্ধাৰত বন্যহস্তীৰ উপদ্ৰৱত কোনোমতে চুলিৰ আগত জীৱটো লৈ উজাগৰী নিশা কটায় ৰাইজে । মাজতে চৰকাৰীভাৱে এটা এলেকা সামৰি এটা ঝাটকা মেচিন দি চাৰিওফালে তাৰ সংযোগ কৰি ৰাখিছিল আৰু সাময়িকভাৱে বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস পাইছিল । পিছে কিছু দিনৰ পাছত মেচিনটো বিকল হৈ পৰাত বন্যহস্তীৰ উপদ্ৰৱ বৰ্তমানলৈকে চলি আছে ।
উল্লেখ্য যে, এই এলেকাটোৰ পৰা প্ৰায় দুশ মিটাৰমান দূৰতে আছে অৰুণাচলী লোকৰ বাসস্থান । তেওঁলোকক অৰুণাচল চৰকাৰে সকলো সা-সুবিধা প্ৰদান কৰাৰ বিপৰীতে অসম চৰকাৰে সীমান্তৰ এই এলেকাটোৰ প্ৰতি চৰম অবহেলা কৰিছে । যাৰ বাবে মান্ধাতাযুগীয়া শৈলীৰে এই এলেকাটোৰ ৰাইজে বসবাস কৰিব লগীয়া হৈছে ।
স্থানীয় ৰাইজে উল্লেখ কৰা মতে, জন প্ৰতিনিধিসকলেও এলেকাটোৰ ৰাইজৰ খবৰ ল’বলৈ নাহে । নিৰ্বাচনৰ পূৰ্বে ভোট ভিক্ষা কৰাৰ বাহিৰে পাছৰ পৰ্যায়ত এলেকাটোৰ ৰাইজে জন প্ৰতিনিধিৰ ছাঁটোকে দেখা নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷
পূৰ্বতে নাওবৈচা সমষ্টিৰ অন্তৰ্গত এই এলেকাটো সম্প্ৰতি ৰঙানদী সমষ্টিত অন্তর্ভুক্ত হৈছে । প্ৰতিখন চৰকাৰ অথবা প্ৰতিজন জন প্ৰতিনিধিৰ অৱহেলাৰ নিদর্শন হৈ পৰা এই অঞ্চলৰ ৰাইজক উন্নয়নে স্পৰ্শ নকৰিলে । অঞ্চলটোৰ বাবে বিড়ম্বনা হ’ল উন্নয়নী আঁচনি । তেওঁলোকৰ বাবে উন্নয়ন সাধুকথাৰ দৰে হৈ পৰিছে । যাৰ বাবে তেওঁলোকে কটাব লগীয়া হৈছে মান্ধাতাযুগীয়া জীৱন ৷