ETV Bharat / state

প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা - Felicitation Program in Golaghat

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:23 PM IST

Felicitation Program in Golaghat: শয্যাগত প্ৰবীন সাংবাদিক তথা গোলাঘাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা । গোলাঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান, বিশেষ অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে প্ৰবীণ সাংবাদিকগৰাকীলৈ এই সম্বৰ্ধনা জ্ঞাপন ।

Veteran journalist Bikash Sharma felicitated by Golaghat Press Club
প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা (ETV Bharat Assam)

গোলাঘাট,১৯ জুন: "ৰুগীয়া শয্যাগত দেহাৰ যান্ত্ৰণাৰ মাজত, ঘোৰ বিপদৰ মুহূৰ্তত এনেদৰে মৰমৰ মাতষাৰ পালে মনতো প্ৰফুল্ল হয় ।‌ ৰাইজৰ পৰা মই বহুত মৰম পাইছো, সহানুভূতি লাভ কৰিছো ।‌ আপোনালোকে জনোৱা সন্মানৰ বাবে মই কৃতজ্ঞ ।" গোলাঘাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মাই শয্যাগত দেহাৰে আবেগিক হৈ কৰে এই মন্তব্য ।

গোলাঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান, বিশেষ অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে গোলাঘাট প্ৰেছ ক্লাবৰ উদ্যোগত জনোৱা ৰাজহুৱা সম্বৰ্দ্ধনা গ্ৰহণ কৰি প্ৰবীণ সাংবাদিক, গোলাঘাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মাই শয্যাগত দেহাৰে গোলাঘাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰতি হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে ।

গোলাঘাট নগৰৰ পুৰণা আমোলাপট্টিস্থিত তেখেতৰ বাসগৃহত আয়োজন কৰা ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত বিভিন্ন সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে প্ৰবীণ সাংবাদিকগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । এই উপলক্ষে গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই পৰিচালনা কৰা সম্বৰ্দ্ধনা অনুষ্ঠানত গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকন, প্ৰবীণ সাংবাদিক, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা মহেন শইকীয়াই বক্তব্য আগবঢ়াই প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাৰ গৌৰৱময় সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰি আশু আৰোগ্য কামনা কৰে ।

সম্বৰ্ধনা অনুষ্ঠানত খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ উপ-সভাপতি চন্দন বৰা, প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী মমিনুল আৱাল, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা, গোলাঘাট ভোজপুৰী পৰিষদৰ সভাপতি সন্তোষ কানু, সম্পাদক ৰামাশংকৰ চাহু, ফৰকাটিং ক্ৰীড়া সন্থাৰ সাংগঠনিক সম্পাদক মনোজ বৰুৱা, গোলাঘাট প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰবীণ কুমাৰ দাস, সাংবাদিক মৃদুমন্ত বৰুৱা, সৌভিক বৰা,চন্দন কৰ্মকাৰ, অনিমেষ বৰুৱা ,সমাজকৰ্মী প্ৰণৱ শইকীয়া, দিলীপ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ।

‌উল্লেখ্য যে, প্ৰবীণ সাংবাদিক বিকাশ শৰ্মা বৰ্তমান বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ নিজগৃহতে চিকিৎসাধীন অৱস্থাত আছে ।‌ সভাপতি হিচাপে গোলাঘাট প্ৰেছ ক্লাবলৈ তেওঁ আগবঢ়াই যোৱা নিঃস্বাৰ্থ সেৱাৰ বাবে প্ৰেছ ক্লাবে তেওঁক বিশেষভাৱে সম্বৰ্দ্ধনা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: ধেমাজি প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি কীৰ্তিকমল গগৈৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.