ETV Bharat / state

পথাৰত গেলিছে ফচল, বজাৰত জ্বলিছে জুই; হাজাৰ মন গ’লেও পছন্দৰ পাচলিবিধ খাবলৈ এতিয়া চিন্তা কৰিব লাগিব - Assam flood 2024

Agricultural Sector affected by flood: উজনিৰ পৰা নামনিলৈ ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ ৷ ‌বছৰৰ দ্বিতীয়টো বানে প্ৰভাৱিত কৰিছে কৃষিখণ্ডকো । কিয়নো বাঢ়নী পানীয়ে পথাসমূহ বুৰাই পেলোৱাত এফালৰ পৰা গেলিবলৈ ধৰিছে পাচলি ৷ যাৰ প্ৰভাৱ দেখা গৈছে বজাৰত ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:53 AM IST

Agricultural Sector affected by flood
বানত নষ্ট হৈছে কৃষকৰ ‌হাজাৰ হাজাৰ বিঘা পাচলিৰ খেতি (ETV Bharat Assam)

দলগাঁও, 8 জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী ৷ বানত ককবকাইছে ৰাজ্যৰ জনতাই ৷ উজনিৰ পৰা নামনিলৈ সকলোতে এই আহাৰমহীয়া বানে চলাইছে ব্যাপক ধ্বংসলীলা ৷ অৱশ্যে শেহতীয়াকৈ বান পৰিস্থিতি কিছু উন্নত হ’লেও ইয়াৰ প্ৰভাৱ পৰিছে পাচলি বজাৰসমূহত । বানৰ দুৰ্দশাৰ মাজতে এতিয়া আকাশলংঘী হৈছে শাক-পাচলিৰ দাম । শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাচলি উৎপাদনৰ বাবে বিখ্যাত দৰঙৰ খাৰুপেটীয়া আৰু বেছিমাৰী পাইকাৰী বজাৰত নাই পৰ্যাপ্ত পাচলি । উদং হৈ পৰিছে বজাৰ ।

পথাৰত গেলিছে ফচল (ETV Bharat Assam)

এইবাৰ বানত নষ্ট হৈছে কৃষকৰ ‌হাজাৰ হাজাৰ বিঘা পাচলিৰ খেতি । মৰহি যাবলৈ ধৰিছে পথাৰত থকা খেতিৰ অৱশিষ্টখিনিও । যাৰ ফলত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে পাইকাৰী পাচলি বজাৰসমূহত । জানিব পৰা মতে, পাইকাৰী বজাৰত প্ৰায় 90 শতাংশ পাচলিৰে আমদানি কমি যোৱা দেখা গৈছে । ফলত চাহিদা অনুসৰি হ্ৰাস পাইছে পাচলিৰ যোগান বৃদ্ধি পাইছে ইয়াৰ মূল্য ।

লগতে পঢ়ক: পানীত বুৰ যোৱা ধান কেইডৰালৈ চাই হুমুনিয়াহ কৃষকৰ - Assam Flood 2024

বৰ্তমান বজাৰত 40-50 টকাৰ তলত পাবলৈ নাই কোনো পাচলি । ইতিমধ্যে জলকীয়াৰ দামে প্ৰতি কেজিত এশ টকা অতিক্ৰম কৰিলে । উৎপাদনস্থলীতেই পাচলি দাম অতিমাত্ৰা বৃদ্ধি পোৱাত ইয়াৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ বিভিন্ন চহৰ-নগৰৰ খুচুৰা বজাৰত । কিন্তু পাচলিৰ দামে চেঞ্চুৰী কোবালেও লাভৱান হোৱা নাই খাটি খোৱা কৃষকসকল । কাৰণ খেতি পথাৰত এতিয়া পানী আৰু বোকাত গেলিছে উৎপাদিত ফচলৰ সৰহ অংশ ।

বানে এফালৰ পৰা উদং কৰি নিলে পথাৰ । অশেষ কষ্টৰে কৰা খেতিডৰাৰ এই অৱস্থা দেখি দিকবিদিক হেৰুৱাইছে চহা কৃষকে ৷ ক্ষতিগ্ৰস্ত কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনকি অনাগত দিনত বজাৰত পাচলিৰ নাটনি আৰু ইয়াৰ দৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কৃষকে । ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এইবাৰ পাচলিৰ মূল্যই মাধমাৰ সোধাব ৰাইজক ।

লগতে পঢ়ক: বলিয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.