ETV Bharat / state

দাম দিলেও পাচলি নোপোৱা অৱস্থা, উৎসতেই বৃদ্ধি মূল্য় - vegetable PRICE HIKE

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 5:52 PM IST

Agricultural Sector affected by flood: বছৰৰ দ্বিতীয়টো বানে উজনিৰ পৰা নামনিলৈ প্ৰভাৱিত কৰিছে কৃষিখণ্ডত । কিয়নো বানৰ পিচত পথাৰতেই গেলিবলৈ ধৰিছে পাচলি ৷ ইয়াৰ প্ৰভাৱ পৰিছে বজাৰত ।

Agricultural Sector affected by flood
ৰাজ্যৰ চৌদিশে ধ্বংসলীলাৰ ছবি (ETV BHARAT ASSAM)

দলগাঁও, ১২ জুলাই: বানৰ পিচত ৰাজ্যৰ চৌদিশে এতিয়া ধ্বংসলীলাৰ ছবি ৷ বানপানী কমিলেও ইয়াৰ প্ৰভাৱ পৰিছে পাচলি বজাৰত । বানে এৰি যোৱা ভগ্ন ছবিৰ মাজতে এতিয়া আকাশলংঘী হৈছে শাক-পাচলিৰ দাম । শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত পাচলিৰ দামে ৰাইজক জলা-কলা খুৱাইছে । পাচলি উৎপাদনৰ বাবে বিখ্যাত দৰঙৰ খাৰুপেটীয়া আৰু বেছিমাৰী পাইকাৰী বজাৰত এই প্ৰভাৱ পৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি পাচলি উৎপাদন হোৱা ঠাই হৈছে খাৰুপেটীয়া । এই খাৰুপেটীয়াতেই আজি পাচলি ক্ৰয় কৰিবলৈ গৈ মূৰে কপালে হাত দিবলগা হৈছে ‌ গ্ৰাহকে ।

খাৰুপেটীয়াৰ পৰাই সমগ্ৰ অসমৰ লগতে কেইবাখনো ৰাজ্যলৈ ৰপ্তানি হয় পাচলি । দৰঙৰ বৃহত্তৰ খাৰুপেটীয়াত বানপানী আৰু বৰষুণৰ ফলত নষ্ট হৈছে কৃষকৰ হাজাৰ হাজাৰ বিঘা পাচলি খেতি । পাইকাৰী পাচলি বজাৰত পূৰ্বৰ তুলনাত সম্প্ৰতি ১০ শতাংশ পাচলিও পাবলৈ নাই । হ্ৰাস পাইছে পাচলিৰ উৎপাদন । সমান্তৰালভাৱে বৃদ্ধি পাইছে অৱশিষ্ট পাচলিৰ দাম । উৎপাদনস্থলীতেই পাচলিৰ দাম অতিমাত্ৰা বৃদ্ধি পোৱাত ইয়াৰ প্ৰভাৱ পৰিছে গুৱাহাটীৰ বজাৰকে ধৰি বিভিন্ন ঠাইত ।

পাচলিৰ দামৰ লগতে চাহিদা বৃদ্ধি পাইছে যদিও কৃষকসকল লাভান্বিত হোৱা নাই । কাৰণ এতিয়া বানত সর্বস্বান্ত কৃষকৰ পথাৰত নাই পাচলি । শুক্ৰবাৰে খাৰুপেটীয়াৰ বজাৰত পাচলিৰ মূল্য আছিল এনেধৰণৰ-তিয়ঁহ প্ৰতি কিলোগ্ৰামত ৪০-৫০ টকা, ভোল ৪০-৫০ টকা, ভেন্দি ৪০-৫০, জিকা ৫০,কেৰেলা ৭০,ৰঙালাও ৫০,লেচেৰা ৫৫-৬০ টকা, জালি কোমোৰা এটাত ৩০, বিলাহী ৬৫,বেঙেনা ৬০ টকা,পানীলাও এটাত ৫০ টকা, কেঁচা জলকীয়া এক কিলোগ্ৰামত ১১০ টকা । তদুপৰি এটা নেমুত ৫ টকা হৈছে ।

লগতে পঢ়ক:পথাৰত গেলিছে ফচল, বজাৰত জ্বলিছে জুই; হাজাৰ মন গ’লেও পছন্দৰ পাচলিবিধ খাবলৈ এতিয়া চিন্তা কৰিব লাগিব - Assam flood 2024

মহানগৰীৰ বজাৰত আলু-পিঁয়াজৰ দামে স্পৰ্শ কৰিলে অৰ্ধশতকৰ ঘৰ - PRICE HIKE IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.