চিৰাং, ২৪ আগষ্ট : সমগ্ৰ ৰাজ্যজুৰি এটাৰ পিচত আনটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ সময়তে চিৰাঙৰ চিদলীত দুগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । এইবাৰ মানৱ সৰবৰাহকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে খোদ গাঁওৰক্ষী বাহিনীৰ সভাপতি ।
এই মানৱ সৰবৰাহকাৰী গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ দ্বাৰা নাবালিকা দুগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৱশ্যে এই চক্ৰটোৰ কবলৰ পৰা দুগৰাকীকৈ নাবালিকা কথমপি ৰক্ষা পৰে । ইফালে ৰক্ষকে ভক্ষকৰ ভূমিকা গ্ৰহণ কৰা গাঁওৰক্ষী বাহিনীৰ অভিযুক্ত সভাপতি জহিৰুদ্দিন পলাতক হৈ আছে ।
উল্লেখ্য যে চিৰাং জিলাৰ চিদলী থানা এলেকাৰ মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিগৰাকীৰ বিৰুদ্ধে দুগৰাকীকৈ নৱম শ্ৰেণীৰ ছাত্ৰীক বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে ঘৰৰ পৰা মাতি নি নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ মতে, চিদলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি তথা বিবাহিত জহিৰুদ্দিন দেৱানে পূৰ্ব পৰিকল্পনা অনুসৰি কাশিকোত্ৰা এলেকাৰ দুগৰাকী কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাবালিকাক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী সহপাঠীৰ জৰিয়তে ফুচুলাই মাতি নিয়ে । যোৱা ২০ আগষ্টৰ দিনা বিয়লি তেওঁলোকক মোজাবাৰী গাঁৱলৈ মাতি নিশা এঘৰত ৰাখে ।
তাৰ পিচত ওচৰৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ কৌশলপূৰ্ণভাৱে মাতি নি নাবালিকা দুগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে মোজাবাৰী শাখা এবিএমছুৱে এই তথ্য লাভ কৰি অনুসন্ধান চলায় আৰু সোধা-পোছাৰ অন্তত তেওঁলোকক পৰিয়ালৰ হাতত গতাই দিয়ে । নাবালিকা দুগৰাকীৰ অভিভাৱকে এই ঘটনা সন্দৰ্ভত চিদলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
আনহাতে, অভিযোগ লাভ কৰাৰ পিচত চিৰাং আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত চিদলী থানাৰ আৰক্ষীয়ে দুই নিৰ্যাতিতা নাবালিকাক সোধা-পোছা কৰে । তেওঁলোকৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দল মোজাবাৰী গাঁৱত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ইফালে অভিযুক্ত জহিৰুদ্দিন দেৱানে নিজৰ মোবাইল ফোন বন্ধ কৰি ঘৰৰ পৰা পলাই আছে ।
ইপিনে এই সমগ্ৰ ঘটনাক লৈ চিদলী এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য বিক্ৰমজিত ৰায়ে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "এই ঘটনাৰ আঁৰত এক শক্তিশালী মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে । জহিৰউদ্দিন দেৱান নামৰ অভিযুক্তজন উক্ত মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ আছে ।"
আনহাতে, আক্ৰাছু নেতা প্ৰাঞ্জল চৌধুৰীয়ে সমগ্ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কয়, "এই নাবালিকা দুগৰাকীৰ সৈতে যৌন নিৰ্যাতন চলোৱা গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱানক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ।"
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিটিআৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক বাপুকণ বৰ্মনে কয়, "এই মানৱ সৰবৰাহকাৰী তথা নাবালিকাক যৌন নিৰ্যাতন চলোৱা পাষণ্ড জহিৰুদ্দিন দেৱানক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে । ইয়াৰ অন্যথা এই ঘটনাৰ প্ৰতিবাদত আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব ।"