ETV Bharat / state

টকাৰ পাহাৰ; সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী - BENJAMIN BASUMATARY VIRAL PHOTO

Scam in Bhairaguri VCDC : ভৈৰাগুৰি ভিচিডিচিত ব্যাপক দুৰ্নীতি । সামাজিক মাধ্যমত ভাইৰেল ভিচিডিচিৰ অধ্যক্ষই টকাৰ ওপৰত শুই থকাৰ দৃশ্য । চৰকাৰী আবাস আৰু এমজিএনৰেগাৰ আঁচনিৰ ধন আত্মসাৎ ।

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 2:15 PM IST

Updated : Mar 27, 2024, 3:18 PM IST

টকাৰ পাহাৰত সুখনিদ্ৰা বেঞ্জামিনৰ
টকাৰ পাহাৰত সুখনিদ্ৰা বেঞ্জামিনৰ

ওদালগুৰি, ২৭ মাৰ্চ : বিটিচিৰ ওদালগুৰি জিলাত এগৰাকী জনপ্ৰতিনিধিৰ নাভূত-নাশ্ৰূত ঘটনা । যাৰ বাবে এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এইগৰাকী জনপ্ৰতিনিধি । তেওঁ হৈছে ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী । এইগৰাকী ভিচিডিচিৰ অধ্যক্ষৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু ধন আত্মসাতৰ অভিযোগ ।

ব্যাপক দুৰ্নীতিৰে টকাৰ পাহাৰ গঢ়া বেঞ্জামিনৰ টকাৰ ওপৰত শুই থকাৰ এটা দৃশ্য সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে । এই ঘটনাই এতিয়া সচেতন ৰাইজৰ চকু কপালত তুলিছে । প্ৰাপ্ত তথ্য অনুসৰি, ওদালগুৰি জিলাৰ‌ ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ‌ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে নিজৰ ভিচিডিচিৰ দৰিদ্ৰ হিত্যাধিকাৰীসকলৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) আঁচনি আৰু এমজিএনৰেগা‌ (MGNREGA IBS) আঁচনিৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ।

এইগৰাকী ভিচিডিচিৰ অধ্যক্ষই দুৰ্নীতিত‌ লিপ্ত হৈ শকত ধন সংগ্ৰহ কৰি নিজৰ অভিলাষী টকাৰ বিছনাত শুই থকাৰ এখন আলোকচিত্ৰ এতিয়া ভাইৰেল হৈছে । আনহাতে, ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ ৰাইজে জনোৱা মতে, তেওঁৰ বিৰুদ্ধে পৰিৱৰ্তনকামী চৰকাৰে‌‌ কোনো ধৰণৰ কঠোৰ ব্যৱস্থা নোলোৱাত ৰাইজ শংকিত‌ হৈ পৰিছে । কাৰণ তেওঁৰ‌ নাম হৈছে 'কিম‌ জং'। 'কিম জং' বা অধ্যক্ষ বেঞ্জামিনৰ ওপৰত বিজেপি মিত্ৰজোঁট তথা ট্ৰিপল ইঞ্জিনৰ চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা লয় সেয়া ৰাইজে আশাৰে বাট চাই আছে‌ ।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা ঘোষণা কৰা চৰকাৰে ৰাইজৰ টকা শৰাধ কৰা, টকাৰ বিছনাত শুই আমোদ লোৱা 'কিম জঙ'ৰ বিৰুদ্ধে কি শাস্তি প্ৰদান কৰিব সেয়া কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক :চৰাইদেউত নগাৰ গুলীচালনাত আহত শ্ৰমিক - Assam Nagaland Border Conflict

Last Updated : Mar 27, 2024, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.