ETV Bharat / state

গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত সানিলে ক'লা ৰং - Non Assamese controversy

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:05 PM IST

Non Assamese controversy: অনা-অসমীয়া বিৰোধী প্ৰতিবাদৰ মাজতে গোলাঘাটত জাতীয় সংগঠনৰ যৌথ মঞ্চই ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত সানিলে ক'লা ৰং । শীঘ্ৰে ফলকবোৰত ৮০ শতাংশ অসমীয়া ভাষা ব্যৱহাৰৰ দাবী ।

Non Assamese controversy
গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত সানিলে ক'লা ৰং (ETV Bharat)

গোলাঘাট,২৯ আগষ্ট : শিৱসাগৰকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত অনা-অসমীয়া বিৰোধী অভিযান অব্যাহত আছে । একাংশ জাতীয় সংগঠনে ইতিমধ্যে একত্ৰিত হৈ প্ৰশাসনক বিভিন্ন দাবী উত্থাপন কৰিছে । দাবীসমূহৰ ভিতৰত অন্যতম হৈছে অসমীয়া ভাষাত হ'ব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক । তাৰ অংশ হিচাপে গোলাঘাট জিলাত একাংশ সংগঠনে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্বৰূপে ইংৰাজী ভাষাত লিখা বেনাৰ আৰু নাম ফলকত ক'লা ৰঙা সানি দিয়ে সংগঠনসমূহে ।

নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী

উল্লেখ্য যে শেহতীয়াকৈ ২৪ আগষ্টত তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত প্ৰায় ২১ টাকৈ জাতীয় সংগঠনে একত্ৰিত হৈ গোলাঘাটত যৌথ মঞ্চ গঠন কৰিছিল । সংগঠনসমূহে জিলা প্ৰশাসনক বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । গোলাঘাটত অসমীয়াৰ ভূমি অনা-অসমীয়া লোকক বিক্ৰী কৰিব নোৱাৰিব, জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলকত ৮০ শতাংশ অসমীয়া ভাষা লিখিব লাগিব আদিকে ধৰি ৯ টা দাবী সম্বলিত পত্ৰ গোলাঘাট জিলা আয়ুক্তক প্ৰদান কৰিছিল সংগঠনসমূহে ।

কিন্তু জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে গোলাঘাট নগৰৰ মাজমজিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা ফলকত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে অতি শীঘ্ৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাত ফলক ব্যৱহাৰ কৰিবলৈও সংগঠনসমূহে দাবী জনায় ।

যৌথ মঞ্চৰ দাবী

এই কাৰ্যসূচীত উপস্থিত থাকি যৌথ মঞ্চৰ যুটীয়া সম্পাদক মানৱ গগৈয়ে কয়,"৩ দিন পূৰ্বে গোলাঘাট জিলা আয়ুক্তক ৯ দফীয়া দাবী পত্ৰ প্ৰদান কৰি ৭২ ঘণ্টাৰ ভিতৰত গোলাঘাট জিলাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাত ফলক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিলো । কিন্তু ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পাছত আজি যৌথ মঞ্চৰ বিষয়ববীয়াসকলে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছো । অনাগত দিনত যদি ব্যৱসায়ীসকলে অসমীয়া ভাষা ব্যৱহাৰ নকৰে তেনেহ'লে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ।"

গোলাঘাট চেম্বাৰ্ছ অব কমাৰ্চ, ইউনাইটেড চেম্বাৰ্ছ অব কমাৰ্চে ২১ টাকৈ জাতীয় সংগঠনক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে সংগঠনসমূহে ।

ইয়াৰ উপৰিও গোলাঘাটত মাৰোৱাৰী পট্টী, আলু পট্টী আদি স্থানৰ নাম বীৰ বীৰাংগনাৰ নামলৈ সলনি কৰিবলৈও দাবী জনায় । যৌথ মঞ্চৰ আন এজন নেতা ৰাজীৱ লস্কৰে কয়,"অসমীয়া ভাষাৰ বাবে অসম সাহিত্য সভাৰ লগতে বহু মহান ব্যক্তি শ্বহীদ হৈছে । কিন্তু বহিঃৰাজ্যৰ পৰা অসমত আহি আমাৰ ভাষাটোক লৈ ভেঙুচালি কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব । গতিকে অতি সোনকালে গোলাঘাট জিলাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাইছো ।"

লগতে পঢ়ক :শিৱসাগৰত অসমীয়াগিৰি: ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়া হোৱাটো বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.