ETV Bharat / state

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:42 PM IST

Updated : Feb 18, 2024, 1:48 PM IST

Amritpal Singh: খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিং থকা NSA চেলত জব্দ বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিমৰ্ট, স্পাই কেমেৰা পেইন উদ্ধাৰ ৷

various electronic gadgets found from Khalistani leader Amritpal Singh cell at dibrugarh central jail
কাৰাগাৰত ভয়ংকৰ ঘটনা
কাৰাগাৰত ভয়ংকৰ ঘটনা

ডিব্ৰুগড়, 17 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিং সহ আন ৯ সহযোগী । আজি কেইবা মাহ ধৰি বন্দী হৈ আছে এই সকল খালিস্তানী নেতা ডিব্ৰুগড় কাৰাগাৰত ।

এই সকল খালিস্তানী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ পাচতে কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ইয়াৰ পাচতো খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিং থকা NSA চেলত জব্দ বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিমৰ্ট, দুটা ম'বাইল, স্পাই কেম পেইন , ব্লু টুথ হেডফোন জব্দ হৈছে । এই কথা জানিবলৈ দিছে আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে । ইয়াৰ পাচতে ডিব্ৰুগড়ৰ কাৰাগাৰৰ ভিতৰত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ।

নিষিদ্ধ সামগ্ৰী উদ্ধাৰ

উদ্ধাৰ হোৱা সামগ্ৰীসমূহ নিষিদ্ধ আছিল খালিস্তানী উগ্ৰপন্থীসকলক ৰখা কক্ষত । তেনেস্থলত এই সমূহ সামগ্ৰী কেনেকৈ কাৰাগাৰৰ ভিতৰলৈ আহিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । জেলৰ পৰাই খালিস্তানীয়ে অব্যাহত ৰাখিছিল নেকি ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে । এই ঘটনাক লৈ ডিব্ৰুগড়ৰ জেল কৰ্তৃপক্ষই কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই ।

উল্লেখ্য যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেল প্ৰস্তুত কৰি ৰখা হৈছে খালিস্তানী নেতাসকলক । ৱাৰিছ পঞ্জাৱ দেৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ খুৰাক তথা ব্যক্তিগত উপদেষ্টা বিত্তীয় সচিব হৰজিৎ সিং, বিচ্ছিনতাবাদী নেতা ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী, অমৃতপাল সিঙৰ বিত্ত সহায়ক দলজিৎ চালাচী, দেহৰক্ষী বসন্ত সিং ফৌজী, অন্যতম ঘনিষ্ঠ গুৰমিৎ সিং ভূষণবালা, কুলৱন্ত সিং ঢালিৱাল আৰু গুৰুন্দিৰ পাল সিং সম্প্ৰতি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ত বন্দী হৈ আছে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পাচতো কেনেকৈ আপত্তিজনক সামগ্ৰী উদ্ধাৰ হ’বলৈ পালে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : মৰাণত মেট্ৰিক পৰীক্ষাৰ্থী অন্তঃসত্বা হোৱাক লৈ চাঞ্চল্য

Last Updated : Feb 18, 2024, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.