ETV Bharat / state

বালি খননৰ বিৰুদ্ধে ৰঙনদীৰ বুকুত মাংগলিক ধ্বনিৰে প্ৰতিবাদ

২০০৮ আৰু ২০১৭ চনত মথাউৰিটো ছিগি নদীয়ে চলাইছিল তাণ্ডৱ । সেই অংশতেই বালি মহল স্থাপন ।

Unique Protest In Lakhimpur
ৰঙানদীৰ বক্ষত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 3:35 PM IST

লখিমপুৰ: লখিমপুৰত দবা,কাহ,তাল আদিৰ গৰ্জনত উত্তাল ৰঙানদীৰ বক্ষ । বালি খননৰ বিৰুদ্ধে স্থানীয় ৰাইজে সাব্য়স্ত কৰিলে অভিনৱ প্ৰতিবাদ । সোমবাৰে পুৱা লখিমপুৰৰ ৰঙানদীৰ বক্ষত উঠিল দবা,কাহ,তাল আদিৰ আকাশ কপোৱা ধ্বনি । ৰাইজৰ জয়ধ্বনিৰ মাজত মাংগলিক বাদ্যৰ ধ্বনিয়ে নদীৰ বক্ষ কঁপাই তোলে ।

উল্লেখ্য যে নগৰৰ সমীপতে বগলীজানৰ কাষতে আছে ৰঙানদী । ৰঙানদীৰ পৰা এক বিস্তীৰ্ণ অঞ্চলসহ নগৰখনক সুৰক্ষিত কৰি আছে ৩৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা নদীখনৰ বাওদিশৰ মথাউৰিটোৱে । ৰাইজৰ অভিযোগ মতে,বগলীজানৰ কাষতে এতিয়া নদীৰ বক্ষত দিনে-নিশাই বালিখনন কৰা হৈছে । এই বালি মহলৰ পৰা অহা-যোৱা কৰা ট্ৰেক্টৰ-ডাম্পাৰ আদিয়ে অঞ্চলটোৰ পৰা নগৰ সংযোগী একমাত্র মুখ্য পথটো বিধ্বস্ত কৰিছে । বহু দুৰ্ঘটনা সংঘটিত হৈছে এই কাৰণেই ।

ৰঙানদীৰ বক্ষত প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, মথাউৰিৰ দিশে নদীৰ বুকু খন্দাৰ ফলত নদীখনৰ গতিপথ সলনি হৈ মথাউৰিৰ দিশে আহিছে । ফলত কেনেবাকৈ মথাউৰি ছিগিব লাগিলে কেৱল বিস্তীৰ্ণ অঞ্চলটোৱেই নহয়, লখিমপুৰ নগৰখনো ডুব যাব । উল্লেখ্য যে ২০০৮ আৰু ২০১৭ চনত এই অংশৰ সমীপতে মথাউৰিটো ছিগি নদীখনে প্ৰলয়ৰ সূচনা কৰিছিল । সেয়ে পুনৰ এনে আশংকাৰে সোমবাৰে স্থানীয় লোকসকল ওলাই আহি নদীৰ পাৰত সমবেত হৈ এই বালি মহলটো বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।

নদীৰ বক্ষত মাংগলিক বাদ্যৰ ধ্বনি আৰু জয়ধ্বনিৰে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ সুমতি কামনা কৰে । যদি চৰকাৰ অথবা বন বিভাগে ৰাইজৰ দাবীৰ প্ৰতি সহাৰি দি বালি মহলটো বন্ধ নকৰে তেন্তে ৰাইজৰ জীৱন-সম্পত্তি ৰক্ষাৰ বাবে জংগী আন্দোলনৰ পাতনি মেলিব বুলি ৰাইজ সংকল্পবদ্ধ হয় ।

লগতে পঢ়ক:লখিমপুৰ নগৰৰ সুৰক্ষা কৱচলৈ ভাবুকি কঢ়িয়াইছে ৰঙানদীয়ে - Erosion in Lakhimpur

বিধ্বস্ত ঘাইপথ মেৰামতিৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিলে অসমীয়া যুৱ মঞ্চই - Dilapidated National Highway

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.