ETV Bharat / state

ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতিৰ পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ - Dibrugarh flash flood

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 4:25 PM IST

Dibrugarh flash flood: ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান সমস্যাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে গৃহ চহৰৰ বান পৰিস্থিতিৰ বুজ লয় । আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ দলে গৱেষণা কৰি এই সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Dibrugarh flash flood
ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতিৰ পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ (ETV Bharat)

মৰাণ,২০ জুলাই : ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানক লৈ গৱেষণা কৰিব আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ দলে । কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লৈ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আনহাতে ডিব্ৰুগড় চহৰৰ বেদখলকাৰীসকলকো বিশেষ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে ১৮৭৩ চনতে গঠিত অসমৰ প্ৰথমখন ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰি পৌৰ নিগম কৰা হ'ল । ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে এক মাহতকৈও অধিক সময় পানীৰ তলত আছে ডিব্ৰুগড় চহৰ । ডিব্ৰুগড়ৰ দৰে এখন আগশাৰীৰ চহৰৰ কৃত্ৰিম বান সমস্যাক লৈ এতিয়া অধিক চিন্তিত সচেতন ৰাইজ । নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত সমগ্ৰ ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে পানীত বুৰ গৈছে । একেদৰে কৃত্ৰিম বানৰ ফলত ডিব্ৰুগড় চহৰত জনজীৱন ব্যাহত হৈ পৰিছে ।

বৰ্তমান বৰষুণ নাই যদিও ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিস্থিতি উন্নত হোৱা নাই । কিন্তু চহৰখনৰ এই সমস্যা সমাধানত ব্যৰ্থ হৈছে ডিব্ৰুগড় পৌৰ নিগম তথা জিলা প্ৰশাসন । এনে পৰিস্থিতিত নালিয়াপুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ খান্দি পানী বাহিৰলৈ উলিওৱাৰ ব্যৱস্থা কৰিব লগা হৈছে । ফলস্বৰূপে বিগত দুটা দিনে নালিয়াপুলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে ।

ইয়াৰ মাজতে শনিবাৰে কৃত্ৰিম বান পৰিস্থিতিৰ বুজ ল'বলৈ ডিব্ৰুগড়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নালিয়াপুলত উপস্থিত হৈ তেওঁ বান পৰিস্থিতিৰ বুজ লয় । ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ, জিলা আয়ুক্ত, ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়া, অভিযন্তাসকলক লগত লৈ বান পৰিস্থিতি বুজ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে । ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ দলে গৱেষণা কৰিব বুলিও তেওঁ সংবাদ মাধ্যমক অৱগত কৰে ।

এই সন্দৰ্ভত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰিছে বুলি উল্লেখ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে আই আই টিৰ বিশেষজ্ঞ দলৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে । আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ‌ৰ দলে জৰীপ চলাই তেওঁলোকে দিয়া প্ৰতিবেদনৰ ভিত্তিত ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতি সমাধানৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে যিসকলে নলাসমূহ অবৈধভাৱে দখল কৰি ৰাখিছে তেওঁলোকক শীঘ্ৰে আঁতৰি যাবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । বেদখলৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে ।

লগতে পঢ়ক :উন্নয়নৰ নামত বৃহৎ শূণ্য : পথৰ মাজৰ বৃহৎ গাঁতে সমস্যাত পেলাইছে স্থানীয় লোকক - Dilapidated Road In Tihu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.