ETV Bharat / state

১২১ কিলোমিটাৰ দৈৰ্ঘৰ গুৱাহাটী ৰিং ৰোডত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ - Union Cabinet

author img

By ANI

Published : Aug 2, 2024, 10:27 PM IST

Ring Road Project Guwahati : গুৱাহাটী ৰিং ৰোডৰ বাবে কেন্দ্ৰই দিলে 5,729 কোটি টকাৰ অনুমোদন ৷ উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটীত মুঠ 5,729 কোটি টকা ব্যয়েৰে 121 কিলোমিটাৰ দৈৰ্ঘৰ এটা ৰিং ৰোড তিনিটা খণ্ডত নিৰ্মাণ কৰা হ’ব ৷

Ring Road Project Guwahati
গুৱাহাটী ৰিং ৰোডৰ বাবে কেন্দ্ৰই দিলে অনুমোদন (X/Nitin Gadkari)

নেশ্যনেল ডেস্ক, 2 আগষ্ট : কেন্দ্ৰীয় কেবিনেটে অসমক লৈ শুকুৰবাৰে গ্ৰহণ কৰিলে এক বৃহৎ সিদ্ধান্ত ৷ গুৱাহাটীৰ মেগা প্ৰকল্পত অনুমোদন দিলে কেন্দ্ৰীয় কেবিনেটে ৷ গুৱাহাটী ৰিং ৰোডৰ বাবে কেন্দ্ৰই দিলে 5,729 কোটি টকাৰ অনুমোদন ৷ আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

উত্তৰ-পূূৱ ভাৰতৰ দুৱাৰমুখ গুৱাহাটীত মুঠ 5,729 কোটি টকাৰ ব্যয়েৰে 121 কিলোমিটাৰ দৈৰ্ঘৰ এটা ৰিং ৰোড তিনিটা খণ্ডত নিৰ্মাণ কৰা হ’ব - 4 লেন প্ৰৱেশ নিয়ন্ত্ৰিত উত্তৰ গুৱাহাটী বাইপাছ (56 কিলোমিটাৰ), 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ 4 লেন বাইপাছ বহল কৰি 6 লেন (8 কিলোমিটাৰ) আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ বাইপাছৰ উন্নতি (58 কিলোমিটাৰ) ৷

এই প্ৰকল্পৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন বৃহৎ দলঙো নিৰ্মাণ কৰা হ’ব ৷ গুৱাহাটী ৰিং ৰোডে ৰাষ্ট্ৰীয় ঘাইপথ 27 (পূব-পশ্চিম কৰিডৰ)ত চলি থকা দীৰ্ঘ দূৰত্বৰ যাতায়তৰ সৈতে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব ৷ ৰিং ৰোডে গুৱাহাটীৰ আশে-পাশে থকা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথসমূহত যানজঁট লাঘৱ কৰিব, অঞ্চলটোৰ প্ৰধান চহৰ বা নগৰসমূহক সংযোগ কৰিব ৷ শিলিগুৰি, শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাৰ সৈতে সংযোগ সূচল হ’ব ৷

ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটত লোৱা এই সিদ্ধান্ত ৰাজ্যবাসীক সামাজিক মাধ্যমযোগে অৱগত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ এক্স (টুইটাৰ)ত এই অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনাইছে ৷

লগতে পঢ়ক : Nitin Gadkari in Guwahati: ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ কাষেৰে ৰিং ৰোড; কাজিৰঙাত এলিভেটেড ৰোড সকলো হ’ব; গাডকাৰী

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ কেন্দ্ৰীয় কেবিনেটে মুঠ 936 কিলোমিটাৰ দৈৰ্ঘ ৰ আঠটা প্ৰৱেশ নিয়ন্ত্ৰিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উন্নয়নত অনুমোদন জনাইছে ৷ এই আঠটা ঘাইপথ প্ৰকল্পৰ বাবে 50,655 কোটি টকা ব্যয় হ'ব বুলি চৰকাৰে জানিবলৈ দিছে ৷

চৰকাৰে কয় যে ই ভূমি অধিগ্ৰহণৰ প্ৰয়োজনীয়তা কম হোৱাটো নিশ্চিত কৰিব ৷ কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক প্ৰেছ বিবৃতিত কয় যে যিমানদূৰ সম্ভৱ প্ৰকল্পসমূহ ব্ৰাউনফিল্ডত এলাইন কৰা হ’ব ৷ চৰকাৰে লগতে এই আঠটা প্ৰকল্প ৰূপায়ণে আনুমানিক 4.42 কোটি মানৱ-দিনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টি কৰিব বুলি বিশ্বাস কৰে ৷

লগতে পঢ়ক : Development Projects in Assam: বহুচৰ্চিত কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতি ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.